সমগ্ৰ ৰাজ্যতে খলকনি তোলা নগাঁৱৰ কীৰ্তিকমল বৰা নামৰ যুৱকজনক নগাঁও আৰক্ষীয়ে কৰা এনকাউণ্টাৰ আছিল এক ভুৱা এনকাউণ্টাৰ৷ আজি CID- এ আদালতত দাখিল কৰা শ্বাৰ্জচীটত কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰক ভুৱা প্ৰমাণিত কৰে।
ইয়াৰ বিপৰীতে আৰক্ষী বিষয়া প্ৰদীপ বনিয়াৰ বিৰুদ্ধেহে CID-এ চাৰ্জশ্বীট দাখিল কৰিলে।
কীৰ্তিকমলৰ বিৰুদ্ধে বনিয়াই দাখিল কৰা গোচৰটোৰো ফাইনেল ৰিপৰ্ট দাখিল কৰিছে CID- এ।
নগাঁও সদৰ থানাত ৰুজু কৰা ভাৰতীয় দণ্ডবিধিৰ 341/294/326/307/506 ধাৰাত ১৩৯/২০২১ নম্বৰ গোচৰ সন্দৰ্ভত শ্বাৰ্জচীট দাখিল কৰে CID য়ে।
কীৰ্তিকমলৰ পিতৃয়ে আৰক্ষীৰ এনকাউণ্টাৰ ভুৱা বুলি দাবী কৰি নগাঁও সদৰ থানাত এই গোচৰ ৰুজু কৰিছিল।
উল্লেখযোগ্য যে, মাতৃৰ বাবে ঔষধ আনিবলৈ যোৱা কীৰ্তিকমল বৰাক সেই সময়ৰ নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই গঠন কৰা এটা বিশেষ আৰক্ষী গোটে ভৰিত গুলীয়াইছিল।
এই ঘটনাক লৈ সমগ্ৰ ৰাজ্যতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। জাঙুৰ খাই উঠিছিল দল-সংগঠনসমূহো। কিন্তু নিজৰ ভুল ঢাকিবলৈ আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী সজোৱাৰ চেষ্টা কৰিছিল কীৰ্তিকমলক।
ঘটনাক কেন্দ্ৰ কৰি নগাঁওৰ প্ৰাক্তন আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক বদলি কৰা হৈছিল আৰু অভিযুক্ত আৰক্ষী বিষয়া প্ৰদীপ বনিয়াক নিলম্বন কৰা হৈছিল।