• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

‘শালক হাঁহে শিঙিয়ে’: কংগ্ৰেছৰ পৰিয়ালতান্ত্ৰিক ৰাজনীতিৰ সমালোচনা কৰা বিজেপি কিমান মুক্ত বংশগত ৰাজনীতিৰ পৰা?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 9, 2022 11:53 am
Family politics in BJP
14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছৰ বংশগত তথা পৰিয়ালতান্ত্ৰিক ৰাজনীতিৰ বিষয়ে সাধাৰণতে ভাৰতীয় ৰাজনীতিত ব্যাপক চৰ্চা হয়। ২০১৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপি দলে এই বিষয়টোক নিৰ্বাচনী প্ৰচাৰৰ অন্যতম হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰিছিল। প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পিছত নৰেন্দ্ৰ মোদীয়েও সঘনাই বংশগত ৰাজনীতিৰ বাবে কংগ্ৰেছ তথা বিৰোধী দলসমূহক সমালোচনা কৰি আহিছে।

বিজেপিৰ মতে, বংশগত ৰাজনীতিয়ে দেশক প্ৰগতি-উন্নতিৰ ক্ষেত্ৰত পিচুৱাই থৈছে। দেশবাসীক ইয়াৰ পৰা কেৱল বিজেপিয়েহে উদ্ধাৰ কৰিব পাৰিব বুলি তেওঁলোকে সদম্ভে ঘোষণা কৰি আহিছে। দেশত কেৱল কংগ্ৰেছেই বংশগত ৰাজনীতি কৰেনে? শাসনাধীষ্ঠ বিজেপিয়ে বংশগত ৰাজনীতিৰ আশ্ৰয় লোৱা নাই নেকি? কিন্তু বংশগত ৰাজনীতিৰ পৰা কিমান মুক্ত বিজেপি? চাও আহক এই সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন।

Apply Now

কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জনতা দল ছেকুলাৰৰ নেতা এইচ ডি কুমাৰস্বামীয়ে শেহতীয়াকৈ এই সম্পৰ্কত এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। এটা টুইটযোগে তেওঁ লিখিছে যে বংশগত ৰাজনীতিৰ পৰা বিজেপি কোনোপধ্যেই মুক্ত নহয়। তেওঁ এই সম্পৰ্কত কেইবাজনো বিজেপি নেতা আৰু তেওঁলোকৰ বংশগত ৰাজনীতিৰ বিষয়ে উল্লেখ কৰে। এইখিনিতে চাও আহক, কোনকেইজন বিজেপি নেতাই বংশগত ৰাজনীতি বৰ্তাই আহিছে।

বংশগত ৰাজনীতিক লৈ সৰৱ হৈ আহিছে গৃহমন্ত্ৰী অমিত শ্বাহ। কিন্তু এই তালিকাখনত প্ৰথমেই নাম ল’ব লাগিব তেওঁৰে। শ্বাহৰ পুত্ৰ হৈছে জয় শ্বাহ। বৰ্তমান বিচিচিআইৰ অধ্যক্ষ। ইয়াৰ উপৰিও এছিয়ান ক্ৰিকেট কাউন্সিলৰো তেওঁ সভাপতি। এতিয়া প্ৰশ্ন হৈছে যে সৰুতে ক্ৰিকেট খেলৰ প্ৰশিক্ষণ লৈও ব্যৰ্থ হোৱা জয় শ্বাহে কিদৰে চিধাই অধ্যক্ষৰ আসনত বহিব পাৰিলে? আনকি বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীৰ দৰে কিংম্বদন্তী ক্ৰিকেটাৰতকৈ তেওঁ অধিক ক্ষমতা লাভ কৰিছে। অমিত শ্বাহৰ পুত্ৰ নোহোৱা হ’লে এই পদবীত বহিব পাৰিলেহেঁতেননে জয় শ্বাহে?

জ্যোতিৰাদিত্য সিন্ধিয়া। দেশৰ এগৰাকী মহাপ্ৰতাপী নেতা তথা মোদী চৰকাৰৰ নাগৰ বিমানন মন্ত্ৰী। সিন্ধিয়া পূৰ্বে কংগ্ৰেছত আছিল আৰু এতিয়া বিজেপিলৈ আহিল। জ্যোতিৰাদিত্য সিন্ধিয়া এটা বিখ্যাত ৰাজবংশৰ উত্তাৰিধাৰী। এসময়ত গোৱালিয়ৰ ৰাজ্য শাসন কৰিছিল এই সিন্ধিয়া বংশই।

ভাৰতে স্বাধিনতা লাভ কৰাৰ পাছতে দেশৰ পৰা ৰাজবংশসমূহৰ শাসন আঁতৰোৱা হয়। সেইবাবে সিন্ধিয়া বংশৰ সদস্য আৰু উত্তৰাধিকাৰসকল গণতান্ত্ৰিক ৰাজনীতিত ভৰি দিয়ে। সিন্ধিয়া বংশৰে বসুন্ধৰা ৰাজে সিন্ধিয়াই বিজেপিৰ টিকটত ৰাজস্থানৰ মুখ্যমন্ত্ৰীও হৈছিল। আনহাতে জ্যোতিৰাদিত্য সিন্ধিয়াৰ দেউতাক মাধৱৰাও সিন্ধিয়াই ৰাজীৱ গান্ধী চৰকাৰৰ দিনত কেন্দ্ৰীয় মন্ত্ৰী হৈছিল। বৰ্তমান জ্যোতিৰাদিত্য যিটো বিভাগত আছে, দেউতাক মাধৱৰাওৱো একেটা বিভাগৰে মন্ত্ৰী আছিল। এতিয়া প্ৰশ্ন হয়, বিজেপিয়ে বংশগত ৰাজনীতিয়ে জ্যোতিৰাদিত্য সিন্ধিয়াক ঢুকি নাপায় নেকি?

‘গাড্ডাৰকো গুলি মাৰো’ শ্লোগানেৰে কাবিৰোধী আন্দোলনৰ সময়ত তীব্ৰ চৰ্চা লাভ কৰিছিল অনুৰাগ ঠাকুৰে। তেওঁ বৰ্তমান মোদী মন্ত্ৰীসভাত তথ্য-সম্প্ৰচাৰ আৰু ক্ৰীড়ামন্ত্ৰীত্বৰ দৰে বিয়াগোম বিভাগৰ দায়িত্বত আছে। ইয়াৰ পূৰ্বে তেওঁ বিচিচিআইৰ সভাপতিৰ আসনতো উপৱিষ্ট হৈছিল। অনুৰাগ ঠাকুৰৰ দেউতাক প্ৰেম কুমাৰ ধুমাল আছিল বিজেপিৰ এগৰাকী শক্তিশালী নেতা। হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হৈছিল প্ৰেম কুমাৰ ধামাল। তেনেস্থলত বংশগত ৰাজনীতিৰ বাবে কেৱল বিৰোধী দলসমূহৰ বিৰুদ্ধে কেনেদৰে উত্তাল হ’ব পাৰে বিজেপি দল?

পিয়ুশ গোৱেল। মোদী মন্ত্ৰীসভাৰ বাণিজ্য, উদ্যোগকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰৰ দায়িত্বত আছে এওঁ। পিয়ুশ গোৱেলৰ দেউতাক বেদ প্ৰকাশ গোৱেলো বিজেপিৰ শক্তিশালী নেতা আৰু কেন্দ্ৰীয় মন্ত্ৰী আছিল। বংশগত ৰাজনীতি কৰি বিজেপি চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী হোৱা কেৱল এইকেইজনেই নহয়। আৰু একাধিক নাম আছে, যিসমূহ বংশগত ৰাজনীতিৰ প্ৰতিভূস্বৰূপ। ইয়াৰ ভিতৰত অন্যতম হৈছে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু আইনমন্ত্ৰী কিৰেন ৰিজিজু। এওঁলোকৰ দেউতাকো শক্তিশালী ৰাজনৈতিক নেতা আছিল।

আনহাতে, ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীত্বৰ আসন শুৱনি কৰা কেইবাজনো বিজেপি নেতাও এই বংশগত ৰাজনীতি কৰি আহিছে। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসৱৰাজ বম্মাইৰ দেউতাক এচ আৰ বম্মাইও মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰীত্বৰ আসনত উপৱিষ্ট হৈছিল। এছ আৰ বম্মাই জনতা পাৰ্টিত আছিল যদিও ২০০৮ চনত তেওঁৰ পুত্ৰ বাসৱৰাজ বম্মাই বিজেপিত যোগদান কৰে। তাৰপাছতে হৈ পৰে কৰ্ণাটকৰ দলটোৰ এগৰাকী মুখ্য নেতা। ২০২১ চনত তেওঁ মুখ্যমন্ত্ৰী হয়। প্ৰশ্ন হয়, বাসৱৰাজ বম্মাইৰ ক্ষেত্ৰত বিজেপিয়ে বংশগত ৰাজনীতিৰ ইচ্যুটো কিয় বাদ দিলে?

ওপৰৰ নামসমূহ কেৱল মাত্ৰ কেইটামান উদাহৰণহে। দেশজুৰি অজস্ৰ বিজেপি সাংসদ-বিধায়ক আছে, যিসমূহ বংশগত ৰাজনীতি কৰি আছে। এতিয়া প্ৰশ্ন হয়, বংশগত ৰাজনীতি বিৰোধিতাৰে জনসচেতনতা সৃষ্টি কৰিব বিচৰা বিজেপিয়ে নিজলৈ কিয় চকু মেলি নাচায়? নে বিজেপিয়ে কেৱল বিৰোধীৰহে ভুলসমূহ দেখুৱাই জনতাক ফাঁকী মাৰিব পাৰে? নিজে ধোঁৱা তুলসীৰ পাত নেকি?

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

July 24, 2026 7:54 pm
মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

July 24, 2026 6:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd