• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

পুলৱামাত পুনৰ নিৰাপত্তাৰক্ষীৰ গুলীত দুই সন্ত্ৰাসবাদী সদস্য নিহত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 11, 2022 6:34 pm
Terrorist killed in Jammu Kashmir
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জম্মু-কাশ্মীৰত অব্যাহত থকা সন্ত্ৰাসবাদ নিৰ্মূল অভিযানৰ অংশ হিচাপে পুলৱামা জিলাত এক সংঘৰ্ষত দুজন সন্ত্ৰাসবাদী সদস্যক গুলীয়াই হত্যা কৰে নিৰাপত্তাৰক্ষীয়ে। নিহত সন্ত্ৰাসবাদী দুজনক জৈশ-ই-মহম্মদৰ সদস্য বুলি চিনাক্ত কৰা হৈছে।

কাশ্মীৰ আৰক্ষীৰ ভাষ্য অনুসৰি নিহত সদস্য দুজনৰ ভিতৰত জৈশ-ই-মহম্মদৰ শীৰ্ষ সন্ত্ৰাসবাদী কাইজাৰ কোকাও আছে।

Apply Now

অভিযান সম্পৰ্কে এগৰাকী আৰক্ষী বিষয়াই প্ৰকাশ কৰা মতে, সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে তথ্য লাভ কৰাৰ পিছত নিৰাপত্তাৰক্ষী দলটোৱে তালাচী অভিযান আৰম্ভ কৰে আৰু ইয়াৰ পিছত অৱন্তীপোৰা অঞ্চলৰ ৱাণ্ডাকপোৰাত সংঘৰ্ষটো সংঘটিত হয়।

কাশ্মীৰ আৰক্ষীৰ এজন মুখপাত্ৰই এক টুইট যোগে সন্ত্ৰাসবাদী কাইজাৰ কোকাইক হত্যা কৰা হৈছে বুলি উল্লেখ কৰে। নিহত হোৱা দ্বিতীয়জন সন্ত্ৰাসবাদীৰ চিনাক্তকৰণ নিশ্চিত কৰা হৈছে বুলিও তেওঁ সদৰি কৰে।

আনহাতে নিহত দুই সন্ত্ৰাসবাদীৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰত নিৰ্মিত ১ টা এম-৪ কাৰ্বাইন ৰাইফল, ১ টা পিষ্টল আৰু আন কিছু বিস্ফোৰক সামগ্ৰী আৰু মাৰণাস্ত্ৰ উদ্ধাৰ কৰা হৈছে বুলি টুইটটোত উল্লেখ কৰা হৈছে।

নিহত সন্ত্ৰাসবাদী কোকাক কেইবাটাও সন্ত্ৰাসবাদ-সম্পৰ্কীয় ঘটনাত জড়িত থকাৰ অভিযোগত বিচাৰি থকা হৈছিল বুলি আৰক্ষীৰ শীৰ্ষ বিষয়াজনে কয়।

উল্লেখ্য যে সন্ত্ৰাসবাদ নিৰ্মূলৰ লক্ষ্যৰে জম্মু-কাশ্মীৰত পূৰ্ণোদ্যমে চলি থকা ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ উগ্ৰপন্থী বিৰোধী অভিযানত ২০২২ বৰ্ষৰ আৰম্ভণিৰ পৰা শতাধিক সন্ত্ৰাসবাদী সদস্য নিহত হৈছে।

কাশ্মীৰৰ আৰক্ষী মহাপৰিদৰ্শক বিজয় কুমাৰে ১৩ জুনত প্ৰকাশ কৰা এক বিবৃতি অনুসৰি চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা ১২ জুনৰ ভিতৰত উপত্যকাটোত ১০০ গৰাকী সন্ত্ৰাসবাদী সদস্য ভাৰতীয় সেনা আৰু কাশ্মীৰ আৰক্ষীৰ অভিযানত নিহত হৈছিল।

এই ১০০ সন্ত্ৰাসবাদীৰ ভিতৰত ২৯ গৰাকী বিদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰা সন্ত্ৰাসবাদী সদস্য আৰু আন ৭১ গৰাকী দেশৰ ভিতৰৰে সদস্য বুলি তেওঁ জানিবলৈ দিছিল।

আৰক্ষী বিষয়া গৰাকীৰ তথ্য অনুসৰি নিৰাপত্তাৰক্ষীৰ এই অভিযানৰ সময়ত পাকিস্তানমূলৰ সন্ত্ৰাসবাদী গোট লস্কৰ-ই-তৈবাৰ সৰ্বাধিক ৬৩ জন সন্ত্ৰাসবাদী সদস্য নিহত হোৱাৰ বিপৰীতে জৈশ-ই-মহম্মদৰ ২৪ জন সদস্য নিহত হৈছিল।

তাৰ পিছতো উপত্যকাটোত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত কেইবাবাৰো সংঘৰ্ঘ সংঘটিত হৈছে আৰু বহুকেইজন সন্ত্ৰাসবাদী সদস্য নিহত হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউক্ৰেইনৰ বন্দৰত জাহাজত ভয়ংকৰ আক্ৰমণ! ৪ ভাৰতীয়ৰ মৃত্যু, নতুন দিল্লীৰ তীব্ৰ গৰিহণা

ইউক্ৰেইনৰ বন্দৰত জাহাজত ভয়ংকৰ আক্ৰমণ! ৪ ভাৰতীয়ৰ মৃত্যু, নতুন দিল্লীৰ তীব্ৰ গৰিহণা

July 21, 2026 7:35 am
ভাৰতত প্ৰথমটো ডেংগু ভেকচিন ‘কিউডেংগা’ৰ অনুমোদন: মহামাৰী নিয়ন্ত্ৰণৰ দিশত এক ঐতিহাসিক পদক্ষেপ

ভাৰতত প্ৰথমটো ডেংগু ভেকচিন ‘কিউডেংগা’ৰ অনুমোদন: মহামাৰী নিয়ন্ত্ৰণৰ দিশত এক ঐতিহাসিক পদক্ষেপ

July 21, 2026 7:24 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd