• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

পশ্চিম বংগৰ ৰাজ্যপাল জগদ্বীপ ধনখড়ক উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ এন ডি এৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 16, 2022 9:04 pm
Vice Presidential election
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ৬ আগষ্টত অনুষ্ঠিত হ’বলগীয়া দেশৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে পশ্চিম বংগৰ ৰাজ্যপাল জগদ্বীপ ধনখড়ক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে শাসনাধিষ্ঠ এন ডি এ- ই। আজি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই আনুষ্ঠানিকভাৱে এই ঘোষণা কৰে।

নড্ডাই এখন সংবাদমেলত কয়, “সকলো ধৰণৰ বিবেচনা আৰু পৰামৰ্শৰ পিছত আমি কৃষক সন্তান জগদ্বীপ ধনখড়ক উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ বাবে এন ডি এৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰাৰ সিদ্ধান্ত লৈছো।”

Apply Now

ধনখড়ক প্ৰশংসা কৰি নড্ডাই ইতিমধ্যে ধনখড়ে নিজকে জনসাধাৰণৰ ৰাজ্যপাল হিচাপে আত্মপ্ৰতিষ্ঠা কৰিছে বুলি মন্তব্য কৰে।

আনহাতে প্ৰধানমন্ত্ৰী মোদীয়ে টুইটযোগে ধনখড়ৰ প্ৰতি সমৰ্থন জনায়। মোদীয়ে টুইটটোত উল্লেখ কৰে যে ধনখড়ৰ সংবিধান সম্পৰ্কে যথেষ্ট জ্ঞান আছে আৰু আইনী বিষয়ৰ প্ৰতিও ভালদৰে জ্ঞাত।

ৰাষ্ট্ৰৰ প্ৰগতিক আগুৱাই নিয়াৰ উদ্দেশ্যে ধনখড়ে উচ্চ সদনৰ কাৰ্যক্ৰমক যথোপযুক্ত নিৰ্দেশনা দিব বুলি মোদীয়ে মন্তব্য কৰে।

উল্লেখ্য যে ধনখড়ে ২০১৯ চনৰ জুলাইত পশ্চিম বংগৰ ৰাজ্যপাল হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। ইয়াৰ পিছতে পৰা বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু তৃণমূল কংগ্ৰেছৰ সৈতে বিবাদৰ বাবে প্ৰায়ে বাতৰিৰ শিৰোনাম দখল কৰিছে।

ধনখড়ে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে চৰম তোষণ, সাম্প্ৰদায়িক পৃষ্ঠপোষক আৰু মাফিয়া চিণ্ডিকেটৰ পৰা ধন দাবী কৰা বুলি অভিযোগ কৰি আহিছে। তৃণমূল চৰকাৰে বংগত গণতন্ত্ৰৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা বুলিও ধনখড়ে অভিযোগ কৰি আহিছে।

আনহাতে ৰাজ্যখনৰ শাসকীয় তৃণমূল কংগ্ৰেছৰ সদস্যসকলে ধনখড়ক সাম্প্ৰদায়িক বুলি অভিহিত কৰি আহিছে।

স্মৰ্তব্য যে অহা ১০ আগষ্টত ভাৰতৰ বৰ্তমানৰ উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৰ কাৰ্যকাল সমাপ্ত হ’ব। দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি পদৰ বাবে অহা ৬ আগষ্টত নিৰ্বাচন অনুষ্ঠিত হ’ব।

নিৰ্বাচন আয়োগে কৰা ঘোষণা অনুসৰি একেদিনাই নিৰ্বাচনৰ ভোটগণনাও অনুষ্ঠিত হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

July 5, 2026 8:47 pm
কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

July 5, 2026 7:48 pm
ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

July 5, 2026 6:08 pm
খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

July 5, 2026 6:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

July 5, 2026 8:47 pm
কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

July 5, 2026 7:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd