• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

Benifits of Lemon: গৰমৰ দিনত নেমুৰ চৰবত এগিলাচৰ সকলোৰেই প্রিয়; পিছে নেমুটেঙাৰ উপকাৰিতাৰ বিষয়ে জানেনে?

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
July 18, 2022 6:05 pm
22
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমীয়া মানুহৰ অতি প্ৰিয় ফলবিধেই হৈছে নেমুটেঙা। গৰমৰ দিনত নেমুৰ চৰবত এগিলাচৰ সকলোৰেই প্ৰয়োজন। ঘৰত কাৰোবাৰ বমি ভাব আহিলে নেমুৰ পাত হাতেৰে মোহাৰি শুঙিবলৈ দিয়া পৰম্পৰা সমাজত এতিয়াও প্ৰচলিত আছে। পেটৰ অসুখ হ’লে আচাৰৰ বৈয়ামত নিমখত দিয়া অকণমান নেমু খালে পেটৰ অসুখ ভাল হয়।

নেমুটেঙাক কাজী টেঙা বুলিও কয়। ইয়াৰ শাস্ত্ৰীয় নাম- নিম্বুক, বহ্নিদপ্যি, বহ্নিবাজ, দস্তঘাত ইত্যাদি। নেমু গছৰ ফল পাত, শিপা আৰু ছাল দৰবত ব্যৱহাৰ হয়। পাত, শিপা আৰু ছালৰ ৰস একৰ পৰা দুই তোলা হিচাবত দৰকাৰ।

Apply Now

নেমুটেঙাত চাইট্ৰিক এচিড, পটাচিয়াম, কেলচিয়াম, ফছফৰাছ আদি পোৱা যায়। ‘স্কাৰ্ভি’ নামৰ দাঁতৰ ৰোগ প্ৰতিৰোধ কৰাতো নেমুৱে সহায় কৰে। স্কাৰ্ভিত আক্ৰান্ত হ’লে দাঁতৰ আলু ফুলে আৰু সোপোকা হয়। লগতে যদি দাঁতৰ গুৰিৰ পৰা তেজ ওলায়, তেতিয়া নেমুৰ ৰসত নিমখ মিহলাই দাঁত ঘঁহিলে যথেষ্ট উপশম পোৱা যায়।

নেমুটেঙাৰ বহু ঔষধি গুণ আছে জানেনে?

১)পানী লগা অসুখত গোল নেমুৰ ৰস বা গুটি পিহি খালে এই ৰোগ নিৰাময় হয়।

২) মূৰ ঘূৰণি আৰু মূৰৰ বিষ হ’লে নাৰিকলৰ তেলৰ লগত নেমুৰ ৰস মিহলাই মূৰত লগালে ৰোগ উপশম হয়।

৩) চকুৰ উজ্জ্বলতা বৃদ্ধিৰ উপৰি চকুত ছানি পৰা ৰোগত গোল নেমুৰ ৰস অতি উপকাৰী।

৪)সৰু ল’ৰা-ছোৱালীৰ কৃমি নাশ কৰিবলৈ খালী পেটত গোল নেমুৰ ৰস আৰু গুটি পিহি খুৱাব লাগে।

৫) ইনফ্লুৱেঞ্জা, কলেৰা, জ্বৰ, ভাইৰেল জ্বৰ, স্নায়ু দুৰ্বল আদি ৰোগ প্ৰতিৰোধত নেমুৰ যথেষ্ট ঔষধি গুণ আছে।

৬) আমি গ্ৰহণ কৰা খাদ্যৰ প্ৰয়োজনীয় পুষ্টি শৰীৰত শোষিত হোৱাত নেমুৰ ৰস আৰু বাকলিয়ে যথেষ্ট সহায় কৰে।

৭)আমিষভোজী লোকসকলে নিয়মীয়াকৈ নেমু খালে যকৃত ৰোগৰ পৰা হাত সাৰি থাকিব পাৰে।

৮) জণ্ডিচ ৰোগত ভোগা ব্যক্তিৰ শাৰীৰিক দুৰ্বলতা নাশ কৰাৰ বাবে নেমু পৰম উপকাৰী ফল।

৯) জিনৰ দুৰ্বলতাৰ কাৰণে হোৱা শৰীৰৰ সকলো ধৰণৰ ৰোগ নিৰাময়ত নেমু অতি উপকাৰী।

১০) ঘা আৰু চৰ্মৰোগ নিৰ্মূলত নেমুৰ ৰস, মিঠাতেল(সৰিয়হ)বা নাৰিকলৰ তেলৰ লগত মিহলাই লগালে সুফল পোৱা যায়।

১১) নেমুত থকা ভিটামিন চি- এ ৰক্তহীনতাত ভোগা ব্যক্তিৰ দেহত হিম’গ্লবিন বৃদ্ধিত সহায় কৰে। এই ৰোগীয়ে প্ৰতিদিনৰ আহাৰত নিয়মীয়াকৈ নেমু খোৱা দৰকাৰ।

১২) মেদবহুলতাৰ সমস্যা আঁতৰাই দেহৰ গঠন সুন্দৰ আৰু আটিল কৰিবলৈ পুৱা খালী পেটত এগিলাছ পানীৰ লগত এটা নেমুৰ ৰস মিশ্ৰণ কৰি প্ৰতিদিনে খাব পাৰে।

১৩) দেহৰ যিকোনো অংগত পৰা ক’লা দাগ নাইকিয়া কৰিবলৈ নেমুৰ ৰসৰ লগত মৌ মিহলাই একেৰাহে এমাহ লগাব লাগে।

১৪) প্ৰতিদিনৰ আহাৰত এডোখৰকৈ নেমু খালে শাৰীৰিক দুৰ্বলতা নাশ হয়।

১৫) একাপ দৈৰ লগত এটা নেমুৰ ৰস মিহলাই মুখমণ্ডলত প্ৰলেপ দি ৩০ মিনিট সময় ৰাখিলে মুখৰ সৌন্দৰ্য বৃদ্ধিৰ উপৰি ছালখন শুকান হোৱাৰ পৰা ৰক্ষা পৰে।

জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

চৌদি সমৰ্থিত সেনাক পৰাভূত কৰি হানিছ দ্বীপপুঞ্জ দখল কৰিলে হুথিয়ে!  কোন দিশে য়েমেনৰ ভৱিষ্যত?

চৌদি সমৰ্থিত সেনাক পৰাভূত কৰি হানিছ দ্বীপপুঞ্জ দখল কৰিলে হুথিয়ে!  কোন দিশে য়েমেনৰ ভৱিষ্যত?

September 15, 2026 10:37 am
৩১৯ বছৰৰ পাছত ভাঙোনৰ পথত ইউনাইটেড কিংডম! স্বাধীনতাৰ দাবী স্কটলেণ্ড-ৱেলছ, আয়াৰলেণ্ডৰ

৩১৯ বছৰৰ পাছত ভাঙোনৰ পথত ইউনাইটেড কিংডম! স্বাধীনতাৰ দাবী স্কটলেণ্ড-ৱেলছ, আয়াৰলেণ্ডৰ

September 15, 2026 10:29 am
নাগৰিকৰ অধিকাৰক নেতাৰ অনুগ্ৰহ সজোৱাৰ প্ৰয়াস নেকি ‘সেৱা সংকল্প অভিযান’? প্ৰধানমন্ত্ৰীলৈ মুকলি চিঠি এজেপি নেত্ৰী কুংকি চৌধুৰীৰ

নাগৰিকৰ অধিকাৰক নেতাৰ অনুগ্ৰহ সজোৱাৰ প্ৰয়াস নেকি ‘সেৱা সংকল্প অভিযান’? প্ৰধানমন্ত্ৰীলৈ মুকলি চিঠি এজেপি নেত্ৰী কুংকি চৌধুৰীৰ

September 15, 2026 9:36 am
ভাৰতত চলি আছে ‘কৃত্ৰিম সূৰ্য্য’ নিৰ্মাণৰ কাম; ইতিহাস ৰচনা কৰাৰ পথত দেশ

ভাৰতত চলি আছে ‘কৃত্ৰিম সূৰ্য্য’ নিৰ্মাণৰ কাম; ইতিহাস ৰচনা কৰাৰ পথত দেশ

September 15, 2026 8:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৌদি সমৰ্থিত সেনাক পৰাভূত কৰি হানিছ দ্বীপপুঞ্জ দখল কৰিলে হুথিয়ে!  কোন দিশে য়েমেনৰ ভৱিষ্যত?

চৌদি সমৰ্থিত সেনাক পৰাভূত কৰি হানিছ দ্বীপপুঞ্জ দখল কৰিলে হুথিয়ে!  কোন দিশে য়েমেনৰ ভৱিষ্যত?

September 15, 2026 10:37 am
৩১৯ বছৰৰ পাছত ভাঙোনৰ পথত ইউনাইটেড কিংডম! স্বাধীনতাৰ দাবী স্কটলেণ্ড-ৱেলছ, আয়াৰলেণ্ডৰ

৩১৯ বছৰৰ পাছত ভাঙোনৰ পথত ইউনাইটেড কিংডম! স্বাধীনতাৰ দাবী স্কটলেণ্ড-ৱেলছ, আয়াৰলেণ্ডৰ

September 15, 2026 10:29 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd