CBSE Result 2022 Class 12th Declared অৱশেষত চিবিএছই দ্বাদশ শ্ৰেণীৰ শিক্ষান্ত পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হৈছে। শিক্ষাৰ্থীসকলে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ (চিবিএছই) অফিচিয়েল ৱেবছাইট cbse.gov.in, cbseresults.nic.in ৰপৰা ফলাফলসমূহ চাব পাৰিব। DigiLocker আৰু Pariksha Sangam ফলাফল চাব পাৰিব।
চিবিএছই দ্বাদশ শ্ৰেণীৰ শিক্ষান্ত পৰীক্ষাৰ ফলাফল
- অঞ্চলভিত্তিক উত্তীৰ্ণৰ হাৰ: সৰ্বশ্ৰেষ্ঠ উত্তীৰ্ণৰ হাৰ ত্ৰিবান্দ্ৰম অঞ্চলত (৯৮.৮৩ শতাংশ)। প্ৰয়াগৰাজ অঞ্চল (৮৩.৭১ শতাংশ) তালিকাৰ আটাইতকৈ তলত।
- শুকুৰবাৰে ৰাতিপুৱা কেন্দ্ৰীয় বোৰ্ডে জনোৱা মতে এইবাৰ দ্বাদশ শ্ৰেণীৰ শিক্ষান্ত পৰীক্ষাৰ উত্তীৰ্ণৰ শতাংশ হৈছে ৯২.৭১ শতাংশ।
- দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাত মুঠ ১৪৪৪৩৪১ শিক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছিল। যোৱা ২৬ এপ্ৰিলত আৰম্ভ হৈ ১৫ জুনত পৰীক্ষাটো সমাপ্ত হৈছিল।
-
চিবিএছই দ্বাদশ শ্ৰেণীৰ শিক্ষান্ত পৰীক্ষাৰ (CBSE Class 12th Result 2022) ফলাফল কেনেদৰে চাব?
১) কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ (চিবিএছই) অফিচিয়েল ৱেবছাইট cbse.gov.in চাওক।
২) ” Results” লিংকত ক্লিক কৰক। এটা নতুন পেজ খুলিব।
৩) ‘‘Senior School Certificate Examination (Class XII) Results 2022 (Link 1) – Announced on 22nd July 2022’, ‘Senior School Certificate Examination (Class XII) Results 2022 (Link 2) – Announced on 22nd July 2022’ আৰু ‘Senior School Certificate Examination (Class XII) Results 2022 (Link 3) – Announced on 22nd July 2022’-এই তিনিটা লিংক পাব।
৪) লিংকত ক্লিক কৰিলে এটা নতুন পেজ খুলিব। ‘Senior School Certificate Examination (Class XII) Results 2022’ তলত ৰোল নম্বৰ, স্কুল নম্বৰ, এডমিট কাৰ্ড আইডি লিখি ‘Submit’কৰক।
৫) আপোনাৰ ফলাফল স্ক্ৰীণত দেখা হ’ব। ইয়াক ডাউনলোড কৰক আৰু নিজৰ বাবে ৰাখি থওক।
DigiLocker ৰ জৰিয়তে চিবিএছই দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাৰ ফলাফল (CBSE Class 12th Result 2022) কেনেদৰে চাব?
১) DigiLocker ৰ অফিচিয়েল ৱেবছাইট digilocker.gov.in ত যাওক। ম’বাইল এপটোও ডাউনলোড কৰিব পাৰিব।
২) আধাৰ কাৰ্ডৰ দৰে তথ্য দিব লাগে।
৩)হোমপেজত ‘Central Board of Secondary Education’ ফ’ল্ডাৰ থাকিব। তাত ক্লিক কৰিব লাগিব।
৫) চিবিএছই দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাৰ ফলাফল স্ক্ৰীণত প্ৰদৰ্শিত হ’ব। পিডিএফ ডাউনলোড কৰি নিজৰ বাবে ৰাখি থব পাৰে।