• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্বগুৰুৰ অশ্বমেধ ঘোঁৰা স্থৱিৰ হৈছে নেকি! বিগত এটা দশকত চাৰে আঠ লাখতকৈও অধিক ভাৰতীয়ই গ্ৰহণ কৰিলে আন দেশৰ নাগৰিকত্ব

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
July 22, 2022 4:10 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বগুৰুৰ প্ৰতি কোনো আগ্ৰহ নাইকিয়া হৈছে ভাৰতীয় নাগৰিকৰ? কোনখিনি ভাৰতীয় নাগৰিকক সামৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশক বিশ্বগুৰুৰ আসনত উপনীত কৰিব বিচাৰে? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিচাৰেনে যে ভাৰতৰ নাগৰিকসকলে নিজৰ দেশতে সুস্থিৰ পৰিৱেশ লাভ কৰক? নে কেৱল আদানী-আম্বানীয়ে বিশ্বৰ শীৰ্ষস্থানীয় ধনী ব্যক্তিৰ তালিকাত স্থান লাভ কৰিলেই দেশ বিশ্বগুৰু হ’ব? এয়াই নেকি নতুন ভাৰতৰ আচ্চে দিন? চাও আহক এই সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন।

মঙলবাৰে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে লোকসভাত এক বিশেষ তথ্য প্ৰকাশ কৰিছে। তথ্য অনুসৰি ২০২১ চনত ভাৰতৰ নাগৰিকত্ব বাদ দি ১ লাখ ৫৩ হাজাৰৰো অধিক ভাৰতীয়ই আন দেশলৈ ঢাপলি মেলিছে। ২০২০ বৰ্ষত ইয়াৰ পৰিমাণ আছিল প্ৰায় ৮৫ হাজাৰ। ২০১৯ বৰ্ষত ইয়াৰ পৰিমাণ আছিল প্ৰায় ১ লাখ ৪৪ হাজাৰ। এবছৰৰ ভিতৰতে এনেদৰে দ্ৰুপগতিত দেশ এৰা ভাৰতীয়ৰ প্ৰসংগটো লক্ষ্যণীয় হৈ পৰিছে। ক’লৈ গৈছে এইসকল ভাৰতীয়। তাৰ তথ্যও ভাৰত চৰকাৰে প্ৰকাশ কৰিছে। সেই অনুসৰি দেশ এৰা ভাৰতীয়সকলৰ প্ৰথম পচন্দ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ। ২০২০ চনত আমেৰিকা যুক্তৰাষ্ট্ৰলৈ প্ৰব্ৰজন কৰা ভাৰতীয়ৰ সংখ্যা আছিল ৩০ হেজাৰ ৮২৮ জন। কিন্তু ২০২১ চনত এই সংখ্যা বাঢ়ি ৭৮ হেজাৰ দুশ চৌৰাশীজন হয়গৈ।

Apply Now

আমেৰিকা যুক্তৰাষ্ট্ৰৰ পাছতে প্ৰব্ৰজিত ভাৰতীয়সকলৰ পচন্দৰ দেশ হৈছে অষ্ট্ৰেলিয়া। অষ্ট্ৰেলীয়াত ২৩ হেজাৰ পাঁচশ তেত্ৰিশ জন ভাৰতীয়ই বাস কৰিবলৈ ২০২১ বৰ্ষত ঢাপলি মেলিছে। আমেৰিকা, অষ্ট্ৰেলিয়াৰ উপৰিও কানাডা, ব্ৰিটেইন, ইটালী, নিউজিলেণ্ড, চিংগাপুৰলৈও দেশ এৰি ভাৰতীয়সকল ঢাপলি মেলিছে। উল্লেখযোগ্য যে ২০২১ বৰ্ষৰ ৩০ চেপ্তেম্বৰলৈকে যোৱা এটা দশকত চাৰে আঠ লাখতকৈও অধিক ভাৰতীয়ই আন দেশৰ নাগৰিকত্ব গ্ৰহণ কৰিছে।

কিন্তু কিয় দেশ এৰিছে ইমানসংখ্যক ভাৰতীয় নাগৰিকে? গৃহ বিভাগৰ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে সংসদক জনোৱামতে, ব্যক্তিগত কাৰণতে তেওঁলোকে দেশ এৰিব ধৰিছে। কিন্তু কি এই ব্যক্তিগত কাৰণ? সামাজিক কাৰণসমূহে এজন লোকক ব্যক্তিগতভাৱে প্ৰভাৱ পেলাব নোৱাৰে নেকি? বস্তুৰ জুই চাই দাম, কৰ্মসংস্থাপনৰ অস্থিৰতা, পয়াঁলগা শিক্ষাব্যৱস্থা, ৰোগাক্ৰান্ত স্বাস্থ্যখণ্ড- এইসমূহক মোদী চৰকাৰে ঢাকি ৰাখিবলৈ হিন্দু-মুছলিমৰ ৰাজনীতি কৰি আহিছে। কিন্তু হিন্দু-মুছলিমে দেশৰ জনতাৰ পেট ভৰিবনে? এইসমূহে এজন নাগৰিকৰ দিনটোৰ মজুৰি দিব পাৰিবনে?

সেইবাবেই লাখে লাখে ভাৰতীয়ই দেশ এৰিছে। কোন থাকিব এনে এখন দেশত- য’ত মূল্যবৃদ্ধিৰ কথা সুধিলে জনপ্ৰতিনিধিয়ে পিয়াঁজ-মিঠাতেল কমাই খাবলৈ কয়। কোন থাকিব- য’ত চাকৰিৰ কথা ক’লে প্ৰধানসেৱকে চাহ পকোৰা বেচিবলৈ কয়। কোন থাকিব ভাৰতবৰ্ষত- য’ত ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষাৰ বাবে কোনো পৰ্যাপ্ত নীতি নাই। কোন থাকিব ভাৰতবৰ্ষত- য’ত মানুহতকৈ গৰুৰ দাম বেছি! জনতাৰ মূল বিষয়সমূহৰ প্ৰতি শাসকৰ উদাসীনতাৰ বাবেই ভাৰতীয়ই দেশ এৰিছে। নিবনুৱাৰ সমস্যা, ভয়াৱহ মূল্যবৃদ্ধি- এইসমূহ কেৱল সামাজিক বিষয় নহয়। বৰঞ্চ এইসমূহ দেশবাসীৰ বাবে অত্যন্ত ব্যক্তিগত বিষয়। মন্ত্ৰী নিত্যানন্দ ৰায়ে ঠিকেই কৈছে যে নিবনুৱা সমস্যা, মূল্যবৃদ্ধিৰ দৰে ব্যক্তিগত কাৰণত লাখ লাখ ভাৰতীয়ই দেশ এৰিছে।

এই প্ৰতিবেদনখনৰ শেষত আন এটা চৰ্চিত বাতৰিৰ শিৰোনামা দিবলৈ লোৱা হৈছে। সেয়া হৈছে গৌতম আদানীয়ে বিল গেটছক চেৰ পেলাইছে। বিশ্বৰ অন্যতম চহকী ব্যক্তি হিচাপে বিল গেটছৰ নাম দীৰ্ঘদিন ধৰি আপুনি শুনি আহিছে। কিন্তু সেই ধনকুবেৰ বিল গেটছকে গৌতম আদানীয়ে চেৰ পেলালে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিখ্যাত আলোচনী ফ’ৰ্বছয়ে (Forbes) প্ৰকাশ কৰা মতে, বিল গেটছৰ সম্পত্তি ১০৪ দশমিক ৬ বিলিয়ন ডলাৰ থকাৰ বিপৰীতে গৌতম আদানীৰ সম্পত্তিৰ পৰিমাণ হৈছে ১১৫ দশমিক পাঁচ বিলিয়ন মাৰ্কিন ডলাৰ। আপুনি মই সহজে হিচাপ কৰিব নোৱাৰা অভাৱনীয় সম্পত্তি।

বৰ্তমান আদানী বিশ্বৰ চতুৰ্থজন ধনী উদ্যোগপতি। অথচ মোদী চৰকাৰ অহাৰ আগলৈকে আদানীৰ নাম এনেদৰে কোনেও শুনাই নাছিল। এতিয়া ভাবক, কাক লৈ দেশক বিশ্বগুৰু কৰিব বিচৰা হৈছে! ভাবক, চৰকাৰে কাৰ কথা ভাবে- আপোনাৰ মোৰ দৰে সাধাৰণ জনতা নে আদানী-আম্বানীৰ দৰে বিলিয়নাৰৰ কথা ভাবে! তেনে ক্ষেত্ৰত লাখ লাখ ভাৰতীয়ই কিয় দেশ নেৰিব?

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd