DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, February 6, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশ্বগুৰুৰ অশ্বমেধ ঘোঁৰা স্থৱিৰ হৈছে নেকি! বিগত এটা দশকত চাৰে আঠ লাখতকৈও অধিক ভাৰতীয়ই গ্ৰহণ কৰিলে আন দেশৰ নাগৰিকত্ব

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
July 22, 2022 4:10 pm
111
VIEWS
Share on FacebookShare on Twitter

বিশ্বগুৰুৰ প্ৰতি কোনো আগ্ৰহ নাইকিয়া হৈছে ভাৰতীয় নাগৰিকৰ? কোনখিনি ভাৰতীয় নাগৰিকক সামৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশক বিশ্বগুৰুৰ আসনত উপনীত কৰিব বিচাৰে? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিচাৰেনে যে ভাৰতৰ নাগৰিকসকলে নিজৰ দেশতে সুস্থিৰ পৰিৱেশ লাভ কৰক? নে কেৱল আদানী-আম্বানীয়ে বিশ্বৰ শীৰ্ষস্থানীয় ধনী ব্যক্তিৰ তালিকাত স্থান লাভ কৰিলেই দেশ বিশ্বগুৰু হ’ব? এয়াই নেকি নতুন ভাৰতৰ আচ্চে দিন? চাও আহক এই সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন।

মঙলবাৰে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে লোকসভাত এক বিশেষ তথ্য প্ৰকাশ কৰিছে। তথ্য অনুসৰি ২০২১ চনত ভাৰতৰ নাগৰিকত্ব বাদ দি ১ লাখ ৫৩ হাজাৰৰো অধিক ভাৰতীয়ই আন দেশলৈ ঢাপলি মেলিছে। ২০২০ বৰ্ষত ইয়াৰ পৰিমাণ আছিল প্ৰায় ৮৫ হাজাৰ। ২০১৯ বৰ্ষত ইয়াৰ পৰিমাণ আছিল প্ৰায় ১ লাখ ৪৪ হাজাৰ। এবছৰৰ ভিতৰতে এনেদৰে দ্ৰুপগতিত দেশ এৰা ভাৰতীয়ৰ প্ৰসংগটো লক্ষ্যণীয় হৈ পৰিছে। ক’লৈ গৈছে এইসকল ভাৰতীয়। তাৰ তথ্যও ভাৰত চৰকাৰে প্ৰকাশ কৰিছে। সেই অনুসৰি দেশ এৰা ভাৰতীয়সকলৰ প্ৰথম পচন্দ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ। ২০২০ চনত আমেৰিকা যুক্তৰাষ্ট্ৰলৈ প্ৰব্ৰজন কৰা ভাৰতীয়ৰ সংখ্যা আছিল ৩০ হেজাৰ ৮২৮ জন। কিন্তু ২০২১ চনত এই সংখ্যা বাঢ়ি ৭৮ হেজাৰ দুশ চৌৰাশীজন হয়গৈ।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ পাছতে প্ৰব্ৰজিত ভাৰতীয়সকলৰ পচন্দৰ দেশ হৈছে অষ্ট্ৰেলিয়া। অষ্ট্ৰেলীয়াত ২৩ হেজাৰ পাঁচশ তেত্ৰিশ জন ভাৰতীয়ই বাস কৰিবলৈ ২০২১ বৰ্ষত ঢাপলি মেলিছে। আমেৰিকা, অষ্ট্ৰেলিয়াৰ উপৰিও কানাডা, ব্ৰিটেইন, ইটালী, নিউজিলেণ্ড, চিংগাপুৰলৈও দেশ এৰি ভাৰতীয়সকল ঢাপলি মেলিছে। উল্লেখযোগ্য যে ২০২১ বৰ্ষৰ ৩০ চেপ্তেম্বৰলৈকে যোৱা এটা দশকত চাৰে আঠ লাখতকৈও অধিক ভাৰতীয়ই আন দেশৰ নাগৰিকত্ব গ্ৰহণ কৰিছে।

কিন্তু কিয় দেশ এৰিছে ইমানসংখ্যক ভাৰতীয় নাগৰিকে? গৃহ বিভাগৰ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে সংসদক জনোৱামতে, ব্যক্তিগত কাৰণতে তেওঁলোকে দেশ এৰিব ধৰিছে। কিন্তু কি এই ব্যক্তিগত কাৰণ? সামাজিক কাৰণসমূহে এজন লোকক ব্যক্তিগতভাৱে প্ৰভাৱ পেলাব নোৱাৰে নেকি? বস্তুৰ জুই চাই দাম, কৰ্মসংস্থাপনৰ অস্থিৰতা, পয়াঁলগা শিক্ষাব্যৱস্থা, ৰোগাক্ৰান্ত স্বাস্থ্যখণ্ড- এইসমূহক মোদী চৰকাৰে ঢাকি ৰাখিবলৈ হিন্দু-মুছলিমৰ ৰাজনীতি কৰি আহিছে। কিন্তু হিন্দু-মুছলিমে দেশৰ জনতাৰ পেট ভৰিবনে? এইসমূহে এজন নাগৰিকৰ দিনটোৰ মজুৰি দিব পাৰিবনে?

সেইবাবেই লাখে লাখে ভাৰতীয়ই দেশ এৰিছে। কোন থাকিব এনে এখন দেশত- য’ত মূল্যবৃদ্ধিৰ কথা সুধিলে জনপ্ৰতিনিধিয়ে পিয়াঁজ-মিঠাতেল কমাই খাবলৈ কয়। কোন থাকিব- য’ত চাকৰিৰ কথা ক’লে প্ৰধানসেৱকে চাহ পকোৰা বেচিবলৈ কয়। কোন থাকিব ভাৰতবৰ্ষত- য’ত ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষাৰ বাবে কোনো পৰ্যাপ্ত নীতি নাই। কোন থাকিব ভাৰতবৰ্ষত- য’ত মানুহতকৈ গৰুৰ দাম বেছি! জনতাৰ মূল বিষয়সমূহৰ প্ৰতি শাসকৰ উদাসীনতাৰ বাবেই ভাৰতীয়ই দেশ এৰিছে। নিবনুৱাৰ সমস্যা, ভয়াৱহ মূল্যবৃদ্ধি- এইসমূহ কেৱল সামাজিক বিষয় নহয়। বৰঞ্চ এইসমূহ দেশবাসীৰ বাবে অত্যন্ত ব্যক্তিগত বিষয়। মন্ত্ৰী নিত্যানন্দ ৰায়ে ঠিকেই কৈছে যে নিবনুৱা সমস্যা, মূল্যবৃদ্ধিৰ দৰে ব্যক্তিগত কাৰণত লাখ লাখ ভাৰতীয়ই দেশ এৰিছে।

এই প্ৰতিবেদনখনৰ শেষত আন এটা চৰ্চিত বাতৰিৰ শিৰোনামা দিবলৈ লোৱা হৈছে। সেয়া হৈছে গৌতম আদানীয়ে বিল গেটছক চেৰ পেলাইছে। বিশ্বৰ অন্যতম চহকী ব্যক্তি হিচাপে বিল গেটছৰ নাম দীৰ্ঘদিন ধৰি আপুনি শুনি আহিছে। কিন্তু সেই ধনকুবেৰ বিল গেটছকে গৌতম আদানীয়ে চেৰ পেলালে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিখ্যাত আলোচনী ফ’ৰ্বছয়ে (Forbes) প্ৰকাশ কৰা মতে, বিল গেটছৰ সম্পত্তি ১০৪ দশমিক ৬ বিলিয়ন ডলাৰ থকাৰ বিপৰীতে গৌতম আদানীৰ সম্পত্তিৰ পৰিমাণ হৈছে ১১৫ দশমিক পাঁচ বিলিয়ন মাৰ্কিন ডলাৰ। আপুনি মই সহজে হিচাপ কৰিব নোৱাৰা অভাৱনীয় সম্পত্তি।

বৰ্তমান আদানী বিশ্বৰ চতুৰ্থজন ধনী উদ্যোগপতি। অথচ মোদী চৰকাৰ অহাৰ আগলৈকে আদানীৰ নাম এনেদৰে কোনেও শুনাই নাছিল। এতিয়া ভাবক, কাক লৈ দেশক বিশ্বগুৰু কৰিব বিচৰা হৈছে! ভাবক, চৰকাৰে কাৰ কথা ভাবে- আপোনাৰ মোৰ দৰে সাধাৰণ জনতা নে আদানী-আম্বানীৰ দৰে বিলিয়নাৰৰ কথা ভাবে! তেনে ক্ষেত্ৰত লাখ লাখ ভাৰতীয়ই কিয় দেশ নেৰিব?

Recent News

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

এটা জৰুৰী বিবৃতি

এটা জৰুৰী বিবৃতি

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd