Nirav Modi’s Assets Seized ইডিয়ে পলাতক হীৰা ব্যৱসায়ী নীৰৱ মোডীৰ পুনৰ এক বিশাল পৰিমানৰ সম্পত্তি বাজেয়াপ্ত কৰিছে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে হংকঙৰ পৰা প্ৰায় ২৫০ কোটি টকাৰ বিশাল সম্পত্তি বাজেয়াপ্ত কৰিছে।
নীৰৱ মোডী বৰ্তমান এক বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰত লণ্ডনৰ কাৰাগাৰত আছে। ইডিয়ে এতিয়ালৈকে নীৰৱ মোডীৰ সৰ্বমুঠ ২,০০০ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত কৰিছে।
ইডিয়ে এক বিবৃতিত কয়, “তদন্তৰ সময়ত হংকঙত নীৰৱ মোডীৰ কেইবাটাও সম্পত্তি থকাৰ কথা জানিব পৰা গৈছিল। নীৰৱ মোডীৰ ব্যক্তিগত বেংকত ধন আৰু অলংকাৰ আছিল। বিত্তীয় প্ৰৱঞ্চনা প্ৰতিৰোধ আইনৰ ধাৰা ৫ অনুসৰি এই সম্পত্তি বাজেয়াপ্ত কৰা হৈছে। মুঠ ২৫০ কোটি টকাৰ সামগ্ৰী বাজেয়াপ্ত কৰা হৈছে।‘’
লগতে পঢ়ক: পশ্চিম বংগত ইডি- ৰ অভিযানত তৃণমূল মন্ত্ৰীৰ ঘনিষ্ঠ সহযোগীৰ ঘৰত ওলাল ২০ কোটি টকাৰ নগদ ধন
ইয়াৰ পূৰ্বেও ইডিয়ে নীৰৱ মোডীৰ দেশ-বিদেশত থকা স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি বাজেয়াপ্ত কৰিছিল।
বিবৃতিটোত লগতে কোৱা হৈছে, “নীৰৱ মোডী আৰু তেওঁৰ সহযোগীসকলৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি বাজেয়াপ্ত কৰা হৈছে। মুম্বাইৰ বিশেষ আদালতৰ ৰায় অনুসৰি প্ৰায় ১৩০০ কোটি টকাৰ সম্পত্তি জব্দ কৰা হৈছে। জব্দ কৰা সম্পত্তি হস্তান্তৰ কৰাৰ প্ৰক্ৰিয়া বৰ্তমান চলি আছে। জব্দ কৰা সম্পত্তিৰ পৰা ইতিমধ্যে ক্ষতিগ্ৰস্ত বেংকসমূহক সহায় কৰা হৈছে।”
উল্লেখ্য যে কেইবছৰমান পূৰ্বে পিএনবিয়ে (পাঞ্জাৱ নেশ্যনেল বেংক) ভাৰতীয় হীৰা ব্যৱসায়ী নীৰৱ মোডীক বৃহৎ পৰিমাণৰ ধন ঋণ দিছিল। পিছত প্ৰকাশ পাইছিল যে নীৰৱে এটা ভুৱা জামিনদাৰ ব্যৱহাৰ কৰি ঋণ লৈছিল। তেওঁক ২০১৯ৰ ১৪ মাৰ্চত লণ্ডনৰ এটা বেংকত একাউণ্ট খোলাৰ সময়ত গ্ৰেপ্তাৰ কৰা হৈছিল। তেতিয়াৰ পৰা, ভাৰতে তেওঁক দেশলৈ প্ৰত্যপৰ্ণৰ চেষ্টা কৰি আহিছে।
লগতে পঢ়ক: Adani Seeking Loan from SBI: আদানি গ্ৰুপে SBIৰ পৰা বিচাৰিছে ১৪,০০০ কোটি টকা ঋণ!
যোৱা ১৫ এপ্ৰিলত ব্ৰিটেইনৰ মুখ্য সচিব প্ৰীতি পেটেলে নীৰৱক ভাৰতলৈ প্ৰত্যাৰ্পণ কৰাৰ চুক্তিত স্বাক্ষৰ কৰে। কিন্তু নীৰৱ মোডীয়ে আবেদন কৰে যে যদি তেওঁ ভাৰতলৈ উভতি আহে তেন্তে তেওঁ নিৰপেক্ষ বিচাৰ নাপাব। সেই আৱেদনৰ শুনানি এতিয়াও চলি আছে।