• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

West Bengal SSC scam: বিয়াগোম কেলেংকাৰী! ইডিৰ হাতত গ্ৰেপ্তাৰ পশ্চিমবংগৰ মন্ত্ৰী পাৰ্থ চেটাৰ্জী, ৰহস্যময়ী অৰ্পিতা মুখাৰ্জী

এন ই নাও নিউজ, কলকাতা by এন ই নাও নিউজ, কলকাতা
July 23, 2022 11:27 am
ইডিৰ হাতত গ্ৰেপ্তাৰ পশ্চিমবংগৰ মন্ত্ৰী পাৰ্থ চেটাৰ্জী আৰু তেওঁৰ ঘনিষ্ঠ অৰ্পিতা মুখাৰ্জী।

ইডিৰ হাতত গ্ৰেপ্তাৰ পশ্চিমবংগৰ মন্ত্ৰী পাৰ্থ চেটাৰ্জী আৰু তেওঁৰ ঘনিষ্ঠ অৰ্পিতা মুখাৰ্জী।

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

West Bengal SSC scam একেৰাহে ২৬ ঘণ্টা মাৰাথন জেৰাৰ পিছত শনিবাৰে ৰাতিপুৱা ইডিয়ে পশ্চিমবংগ চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পাৰ্থ চট্টোপাধ্যায়ক গ্ৰেপ্তাৰ কৰে। জেৰাত ধৰা পৰা বিসংগতিৰ বাবে প্ৰাক্তন শিক্ষা মন্ত্ৰীজনক ইডিয়ে গ্ৰেপ্তাৰ কৰে। তেওঁৰ ঘৰৰ পৰা বহু নথি পত্ৰ জব্দ কৰা হৈছে। তেওঁৰ ঘৰত কেন্দ্ৰীয় বাহিনী মোতায়েন কৰা হৈছে।

তদন্তকাৰী সংস্থাটোৱে প্ৰাক্তন শিক্ষা মন্ত্ৰীজনৰ অধিবক্তাক নিশা প্ৰায় ১০ বজাত মাতি পঠিয়াইছিল। তাৰ পিছত নিশা প্ৰায় ১০-৩০ বজাত আন এজন ইডিৰ বিষয়া পাৰ্থ চট্টোপাধ্যায়ৰ নাকতলাৰ ঘৰলৈ আহিছিল। তেওঁৰ লগত আহিছিল কেন্দ্ৰীয় বাহিনীৰ আন পাঁচজন জোৱান। টকা গণনাৰ মেচিনো অনা হৈছিল। দিনজোৰা জেৰাৰ পিছত অৱশেষত তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

Apply Now

উল্লেখ্য যে কেইঘণ্টামান পূৰ্বে নিশা প্ৰায় ৮-১০ বজাত ইডিৰ দ্বাৰা পোষ্ট কৰা এটা টুইটটোত কোৱা হৈছিল যে মন্ত্ৰী পাৰ্থ চেটাৰ্জীৰ ঘনিষ্ঠ অৰ্পিতা মুখাৰ্জীৰ ঘৰৰ পৰা নগদ ২১ কোটি টকা উদ্ধাৰ কৰা হৈছে। ইডিয়ে কৈছিল যে অৰ্পিতাৰ ডায়মণ্ড চিটিৰ ঘৰত তালাচীৰ সময়ত এই বৃহৎ পৰিমাণৰ ধন উদ্ধাৰ কৰা হৈছে।

মন্ত্ৰীজনৰ ঘনিষ্ঠ সহযোগী অৰ্পিতাৰ ঘৰৰ পৰা বৃহৎ পৰিমানৰ সোণ, বৈদেশিক মুদ্ৰা আৰু ২০ টা মোবাইল ফোনো উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ হোৱা ২১ কোটি টকাৰ উপাৰ্জনৰ উৎস কি, ২০ টা মোবাইল ফোনৰ প্ৰয়োজনীয়তা কি সেই প্ৰশ্নৰ উত্তৰ বিচাৰি ইডিয়ে অনুসন্ধান অব্যাহত ৰাখিছে। লগতে ম’বাইল ফোনৰ কল লিষ্টো পৰীক্ষা কৰি থকা হৈছে।

শুক্ৰবাৰে ৰাতিপুৱাৰ পৰা ইডিয়ে মন্ত্ৰী পাৰ্থ চেটাৰ্জীৰ ঘৰকে ধৰি ১৩ টা স্থানত তালাচী চলাইছিল। এক টুইটযোগে তদন্তকাৰী সংস্থাটোৱে স্পষ্ট কৰিছিল যে এছএছচি আৰু প্ৰাথমিক বোৰ্ডত নিযুক্তি সম্পৰ্কীয় গোচৰত তালাচী চলোৱা হৈছে। শুকুৰবাৰে পুৱা প্ৰায় ৭.১০ বজাত ইডিৰ দল পাৰ্থ চেটাৰ্জীৰ ঘৰত উপস্থিত হৈছিল। কল্যাণময় গাংগুলী, এছ পি সিনহা, বাগদাদৰ চন্দন মণ্ডলকে ধৰি আৰু আনসকলৰ বাসগৃহতো তালাচী চলোৱা হৈছিল। অৱশেষত পাৰ্থ চেটাৰ্জীৰ ঘনিষ্ঠ অৰ্পিতাৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰ কৰা হয়।

অৰ্পিতা মুখাৰ্জীক শনিবাৰে ৰাতিপুৱা ১৬ ঘণ্টা সোধা-পোছা কৰাৰ পিছত গ্ৰেপ্তাৰ কৰা হৈছে। ইডি সূত্ৰৰ মতে তেওঁক ইডিৰ কাৰ্যালয়লৈ লৈ যোৱা হ’ব। অৰ্পিতাৰ ঘৰৰ সন্মুখতো কেন্দ্ৰীয় আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে।

আনহাতে, পাৰ্থ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰি চিজিঅ’ কমপ্লেক্সলৈ লৈ যোৱা হৈছে। তেওঁক আজি তদন্তকাৰী বিষয়াসকলে আদালতত হাজিৰ কৰিব।

পাৰ্থ চেটাৰ্জীৰ ঘনিষ্ঠ ৰহস্যময়ী অৰ্পিতা মুখাৰ্জীক গোটেই ৰাতি সোধা-পোছা কৰা হয়। তেওঁৰ তিনিটা ফ্লেটতো তালাচী চলোৱা হয়। অৰ্পিতা মুখাৰ্জীৰ গাড়ী চালককো সোধা-পোছা কৰা হৈছে। ইডি সূত্ৰই জানিবলৈ দিছে যে এতিয়ালৈকে বেংককৰ্মীসকলে ২১ কোটি টকা গণনা কৰিবলৈ সক্ষম হৈছে আৰু টকা গণনাৰ কাম চলি আছে।

চুবুৰীয়াই জানিবলৈ দিয়া মতে অৰ্পিতাই এক বিলাসী জীৱন যাপন কৰিছিল। পাৰ্থ চেটাৰ্জী সপ্তাহত প্ৰায় ৫ দিনেই ইয়ালৈ আহে। ইডিয়ে অভিযান চলাই যোৱাৰ পূৰ্বে প্ৰতিষ্ঠিত দামী কোম্পানীৰ ৭ ৰ পৰা ৮ খন গাড়ী লুকাই ৰাখিছে। ইডিয়ে এই বৃহৎ পৰিমাণৰ ধনৰ উৎস বিচাৰি উলিয়াবলৈ চেষ্টা অব্যাহত ৰাখিছে।

এন ই নাও নিউজ, কলকাতা

এন ই নাও নিউজ, কলকাতা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd