• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোন সঁচা, কোন মিছা: ইডিৰ জেৰা সন্দৰ্ভত বিপৰীত ভাষ্য আজমল আৰু কৰিমুদ্দিন বৰভূঞাৰ

কল্পজোতি শইকীয়া, গুৱাহাটী by কল্পজোতি শইকীয়া, গুৱাহাটী
July 27, 2022 12:14 pm
Badruddin Ajmal ED
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইবাৰ কেন্দ্ৰীয় সংস্থা এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেট, চমুকৈ ই.ডি- এ প্ৰৱেশ কৰিছে অসমৰ ৰাজনীতিত। এআইইউডিএফৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাই দলৰ মুৰব্বী বদৰুদ্দিন আজমলক কেন্দ্ৰীয় সংস্থাটোৱে জেৰা কৰিছে বুলি দাবী কৰাৰ পিছত হঠাতে বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে।

কৰিমুদ্দিন বৰভূঞাই মঙ্গলবাৰে সংবাদ মাধ্যমৰ আগত এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমল ইডিৰ ৰোষত পৰিছে বুলি অভিযোগ কৰিছিল।

Apply Now

বৰভূঞাই অভিযোগ কৰিছিল যে আয়ৰ উৎস বিচাৰি তিনিবাৰকৈ ইডি-এ আজমলক জেৰা কৰিছে। কেৱল বদৰুদ্দিন আজমলেই নহয়, তেওঁৰ কনিষ্ঠ ভাতৃ ছিৰাজুদ্দিন আজমলকো সংস্থাটোৱে জেৰা কৰিছে বুলি কৰিমুদ্দিন বৰভূঞাই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছিল।

আজমল ভাতৃদ্বয়ৰ বিৰুদ্ধে ৰাজনৈতিক অভিসন্ধি পূৰণৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ইডিৰ ব্যৱহাৰ কৰিছে বুলি অভিযোগ উত্থাপন কৰিছিল বিধায়কগৰাকীয়ে।

পিছে দলৰ বিধায়ক গৰাকীৰ এই মন্তব্যৰ বিপৰীতে সম্পূৰ্ণ এক পৃঠক স্থিতি গ্ৰহণ কৰিছে বদৰুদ্দিন আজমলে। ইডিৰ জেৰা সন্দৰ্ভত সম্পূৰ্ণ ভুৱা খবৰ প্ৰচাৰ হৈছে বুলি আজমলে মন্তব্য কৰিছে।

এক ভিডিঅ’ বাৰ্তাযোগে আজমলে ইডি – এ তেওঁক কেতিয়াও জেৰা কৰা নাই বুলি দাবী কৰে।

তেওঁ কয় যে যোৱা তিনিদিন ব্যৱসায় সংক্ৰান্তত তেওঁ বাংগালুৰুত আছিল আৰু এই সময়ত তেওঁৰ দিল্লীস্থিত বাসভৱনত ইডি- ৰ অভিযান চলা বুলি যি বাতৰি প্ৰচাৰ হৈছে সেয়া ১০০ শতাংশ মিছা বাতৰি।

পিছে দলীয় বিধায়ক কৰিমুদ্দিন বৰভূঞা আৰু আজমলৰ এই বিপৰীত ভাষ্যই সন্দেহৰ সৃষ্টি কৰিছে। যোৱা কিছুদিন ধৰি বদৰুদ্দিন আজমলৰ এআইইউডিএফ আৰু বিজেপিৰ মাজত গোপন মিতিৰালি চলা বুলি অভিযোগ উঠি আহিছে।

নিজৰ ব্যৱসায়ৰ স্বাৰ্থত আজমলে শাসকীয় বিজেপি দলক সহায় আগবঢ়াই আহিছে বুলি অভিযোগ কৰি আহিছে বিৰোধী ৰাজনৈতিক দলৰ লগতে ৰাজনৈতিক বিশ্লেষক সকলে।

সেয়েহে আজমল তথা এআইইউডিএফৰ এই এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেট, চমুকৈ ইডি- ৰ এই বিতৰ্কৰ দ্বাৰা এই অভিযোগসমূহক নস্যাৎ কৰিবলৈ বিচৰা হৈছে বুলি ব্যাপক চৰ্চা চলিছে।

কল্পজোতি শইকীয়া, গুৱাহাটী

কল্পজোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm
১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

June 5, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd