• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পশুপ্ৰেমী বিনীত বাগাৰিয়াৰ আত্মহত্যাৰ গোচৰত আন এগৰাকী অভিযুক্তৰ আত্মসমৰ্পণ: ন্যায়িক জিম্মালৈ প্ৰেৰণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 1, 2022 5:30 pm
Vineet Bagaria
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ ৰাজ্যতে চাঞ্চল্যৰ সৃষ্টি কৰা ডিব্ৰুগড়ৰ পশুপ্ৰেমী যুৱক বিনীত বাগাৰিয়াৰ আত্মহত্যা গোচৰৰ এজন প্ৰধান অভিযুক্ত সঞ্জয় শৰ্মাই আজি ডিব্ৰুগড়ৰ আদালতত আত্মসমৰ্পণ কৰে। আত্মহত্যাৰ গোচৰৰ তদন্তৰ পিছৰ পৰাই অভিযুক্ত সঞ্জয় শৰ্মা পলাতক অৱস্থাত আছিল।

সঞ্জয় শৰ্মাৰ আত্মসমৰ্পণৰ পূৰ্বে উক্ত গোচৰত আৰক্ষীয়ে ইতিমধ্যে আন তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছিল। গোচৰটোত গ্ৰেপ্তাৰ কৰা আন ব্যক্তিসকল হৈছে নিশান্ত শৰ্মা, বৈদুল্লা খান আৰু চামচুলা খান।

Apply Now

আনহাতে আন এগৰাকী অভিযুক্ত আজিজ খান এতিয়াও পলাতক অৱস্থাত আছে।

আজি সঞ্জয় শৰ্মাই আদালতত আত্মসমৰ্পণ কৰাৰ পিছতে তেওঁক ডিব্ৰুগড়ৰ মুখ্য ন্যায়িক দণ্ডাধীশে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে যোৱা ৭ জুলাইত বিনীত বাগাৰিয়াই ডিব্ৰুগড়ৰ শনি মন্দিৰ ৰোডত থকা তেওঁৰ বাসগৃহত আত্মহত্যা কৰিছিল। যুৱকজনৰ মৃত্যুৱে ডিব্ৰুগড় চহৰত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।

ঘটনাৰ পিছদিনাই স্থানীয় লোকে ডিব্ৰুগড় আৰক্ষী থানাৰ সন্মুখত বাগাৰিয়াৰ আত্মহত্যাৰ আঁৰত থকা অভিযুক্তৰ মৃত্যুদণ্ডৰ দাবীত এক ঘণ্টা ধৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল।

প্ৰতিবাদকাৰী লোকসকলে ডিব্ৰুগড় আৰক্ষীৰ বিৰুদ্ধে গোচৰটোৰ সন্দৰ্ভত গুৰুত্ব নিদিয়াৰ অবিযোগ তুলি থানাৰ দায়িত্বত থকা বিষয়াজনক নিলম্বনৰ দাবী জনাইছিল।

বিনীতৰ মৃতদেহৰ সৈতেও স্থানীয় ৰাইজে ডিব্ৰুগড়ৰ ৰাজপথত ন্যায়ৰ দাবীত এক বৃহৎ প্ৰতিবাদী সমদল উলিয়াইছিল।

মৃত্যুৰ পূৰ্বে বিনীতে এটা ভিডিঅ’ ৰেকৰ্ড কৰিছিল। ভিডিঅ’টোত বিনীতে বৈদুল্লা খান, সঞ্জয় শৰ্মা আৰু নিশান্ত শৰ্মাৰ বিৰুদ্ধে কিছু ভাড়াৰ সম্পত্তিৰ বাবে তেওঁক আৰু তেওঁৰ পৰিয়ালক শাৰীৰিক আৰু মানসিকভাৱে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰিছিল।

বিনীতৰ পিতৃ কৈলাশ কুমাৰ বাগাৰিয়াইও ডিব্ৰুগড় আৰক্ষী থানাত তেওঁৰ পুত্ৰৰ মৃত্যুৰ বাবে দায়ী তিনিজন ব্যক্তিৰ নাম দি এখন এজাহাৰ দাখিল কৰিছিল।

উল্লেখ্য যে বিনীত এনিমেল ৱেলফেয়াৰ পিপল (এডব্লিউপি) নামৰ এক বেচৰকাৰী সংগঠনৰ সহ-প্ৰতিষ্ঠাপক আছিল। এই সংস্থাটোৱে পথৰ কুকুৰৰ যত্নৰ দায়িত্ব লৈছিল।

জীৱ-জন্তুৰ প্ৰতি থকা অফুৰন্ত প্ৰেমৰ বাবে বিনীত যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল। সূত্ৰ অনুসৰি যোৱা কেইবাবছৰ ধৰি বিনীতৰ পৰিয়াল আৰু অভিযুক্ত বাইদুল্লা খানৰ মাজত বিবাদ চলি আছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd