DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, October 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পশুপ্ৰেমী বিনীত বাগাৰিয়াৰ আত্মহত্যাৰ গোচৰত আন এগৰাকী অভিযুক্তৰ আত্মসমৰ্পণ: ন্যায়িক জিম্মালৈ প্ৰেৰণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 1, 2022 5:30 pm
Vineet Bagaria
109
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ ৰাজ্যতে চাঞ্চল্যৰ সৃষ্টি কৰা ডিব্ৰুগড়ৰ পশুপ্ৰেমী যুৱক বিনীত বাগাৰিয়াৰ আত্মহত্যা গোচৰৰ এজন প্ৰধান অভিযুক্ত সঞ্জয় শৰ্মাই আজি ডিব্ৰুগড়ৰ আদালতত আত্মসমৰ্পণ কৰে। আত্মহত্যাৰ গোচৰৰ তদন্তৰ পিছৰ পৰাই অভিযুক্ত সঞ্জয় শৰ্মা পলাতক অৱস্থাত আছিল।

সঞ্জয় শৰ্মাৰ আত্মসমৰ্পণৰ পূৰ্বে উক্ত গোচৰত আৰক্ষীয়ে ইতিমধ্যে আন তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছিল। গোচৰটোত গ্ৰেপ্তাৰ কৰা আন ব্যক্তিসকল হৈছে নিশান্ত শৰ্মা, বৈদুল্লা খান আৰু চামচুলা খান।

আনহাতে আন এগৰাকী অভিযুক্ত আজিজ খান এতিয়াও পলাতক অৱস্থাত আছে।

আজি সঞ্জয় শৰ্মাই আদালতত আত্মসমৰ্পণ কৰাৰ পিছতে তেওঁক ডিব্ৰুগড়ৰ মুখ্য ন্যায়িক দণ্ডাধীশে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে যোৱা ৭ জুলাইত বিনীত বাগাৰিয়াই ডিব্ৰুগড়ৰ শনি মন্দিৰ ৰোডত থকা তেওঁৰ বাসগৃহত আত্মহত্যা কৰিছিল। যুৱকজনৰ মৃত্যুৱে ডিব্ৰুগড় চহৰত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।

ঘটনাৰ পিছদিনাই স্থানীয় লোকে ডিব্ৰুগড় আৰক্ষী থানাৰ সন্মুখত বাগাৰিয়াৰ আত্মহত্যাৰ আঁৰত থকা অভিযুক্তৰ মৃত্যুদণ্ডৰ দাবীত এক ঘণ্টা ধৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল।

প্ৰতিবাদকাৰী লোকসকলে ডিব্ৰুগড় আৰক্ষীৰ বিৰুদ্ধে গোচৰটোৰ সন্দৰ্ভত গুৰুত্ব নিদিয়াৰ অবিযোগ তুলি থানাৰ দায়িত্বত থকা বিষয়াজনক নিলম্বনৰ দাবী জনাইছিল।

বিনীতৰ মৃতদেহৰ সৈতেও স্থানীয় ৰাইজে ডিব্ৰুগড়ৰ ৰাজপথত ন্যায়ৰ দাবীত এক বৃহৎ প্ৰতিবাদী সমদল উলিয়াইছিল।

মৃত্যুৰ পূৰ্বে বিনীতে এটা ভিডিঅ’ ৰেকৰ্ড কৰিছিল। ভিডিঅ’টোত বিনীতে বৈদুল্লা খান, সঞ্জয় শৰ্মা আৰু নিশান্ত শৰ্মাৰ বিৰুদ্ধে কিছু ভাড়াৰ সম্পত্তিৰ বাবে তেওঁক আৰু তেওঁৰ পৰিয়ালক শাৰীৰিক আৰু মানসিকভাৱে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰিছিল।

বিনীতৰ পিতৃ কৈলাশ কুমাৰ বাগাৰিয়াইও ডিব্ৰুগড় আৰক্ষী থানাত তেওঁৰ পুত্ৰৰ মৃত্যুৰ বাবে দায়ী তিনিজন ব্যক্তিৰ নাম দি এখন এজাহাৰ দাখিল কৰিছিল।

উল্লেখ্য যে বিনীত এনিমেল ৱেলফেয়াৰ পিপল (এডব্লিউপি) নামৰ এক বেচৰকাৰী সংগঠনৰ সহ-প্ৰতিষ্ঠাপক আছিল। এই সংস্থাটোৱে পথৰ কুকুৰৰ যত্নৰ দায়িত্ব লৈছিল।

জীৱ-জন্তুৰ প্ৰতি থকা অফুৰন্ত প্ৰেমৰ বাবে বিনীত যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল। সূত্ৰ অনুসৰি যোৱা কেইবাবছৰ ধৰি বিনীতৰ পৰিয়াল আৰু অভিযুক্ত বাইদুল্লা খানৰ মাজত বিবাদ চলি আছিল।

Recent News

সন্ত্ৰাস দমনত বৃহৎ সফলতা! ৰাজধানীৰ পৰা গ্ৰেপ্তাৰ ‘মোষ্ট ৱাণ্টেড’ আইছিছ সন্ত্ৰাসবাদী

সন্ত্ৰাস দমনত বৃহৎ সফলতা! ৰাজধানীৰ পৰা গ্ৰেপ্তাৰ ‘মোষ্ট ৱাণ্টেড’ আইছিছ সন্ত্ৰাসবাদী

প্ৰায় ৬৫০ গৰাকী নাৰীৰ সৈতে ঘনিষ্ঠতা, লিপ্ত হৈছিল শাৰীৰিক সম্পৰ্কতো; কোন এই ক্ৰিকেটাৰ?

প্ৰায় ৬৫০ গৰাকী নাৰীৰ সৈতে ঘনিষ্ঠতা, লিপ্ত হৈছিল শাৰীৰিক সম্পৰ্কতো; কোন এই ক্ৰিকেটাৰ?

ভণ্ড সাধু নিৰ্মূল অভিযান! সাধুসকলৰ আঙুলিৰ ছাপ সংগ্ৰহ কৰা আৰম্ভ কৰিলে তামিলনাডু আৰক্ষীয়ে

ভণ্ড সাধু নিৰ্মূল অভিযান! সাধুসকলৰ আঙুলিৰ ছাপ সংগ্ৰহ কৰা আৰম্ভ কৰিলে তামিলনাডু আৰক্ষীয়ে

মণিপুৰৰ দুই শিক্ষাৰ্থীক হত্যাৰ ঘটনাত চাৰিজনক গ্ৰেপ্তাৰ, দুগৰাকী মহিলাক আটক চিবিআইৰ

মণিপুৰৰ দুই শিক্ষাৰ্থীক হত্যাৰ ঘটনাত চাৰিজনক গ্ৰেপ্তাৰ, দুগৰাকী মহিলাক আটক চিবিআইৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd