• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অমৃত নহয়; ২০১৪ ৰ পৰা বিষপান কৰি আহিছে দেশবাসীয়ে : ৰিপুন বৰা

দেশবাসীয়ে মূল্যবৃদ্ধি, নিবনুৱা সমস্যা ঋণৰ বোজাত হেৰুৱালে অমৃত মহোৎসৱৰ "সুখ"!

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
August 2, 2022 7:41 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“স্বাধীনতাৰ ৭৫ তম বৰ্ষ হোৱা উপলক্ষে চৰকাৰে ঘোষণা কৰা ‘আজাদী কা অমৃত মহোৎসৱ’ যদি আমি নিৰপেক্ষ বিশ্লেষণ কৰোঁ যে তেন্তে দেখা যায় যে দেশে স্বাধীনতা পোৱাৰ পৰা ৬৭ বছৰত প্ৰকৃতাৰ্থত জনসাধাৰণে অমৃত পাইছিল, কিন্তু যোৱা ৮ বছৰত জনসাধাৰণে অমৃতৰ পৰিৱৰ্তে বিষহে পান কৰি আছে। ” সংবাদমেলত আজাদী কা অমৃত মহোৎসৱৰ বিৰোধিতা কৰি তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই এইদৰে কয়।

তাৰ কাৰণ বাখ্যা কৰি তেওঁ কয়

Apply Now

ক) “বিগত আঠ বছৰত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি মূল্যবৃদ্ধি আৰু মূদ্ৰাস্ফীতিয়ে জনসাধাৰণ জীৱন দূৰ্বিসহ কৰি তুলিছে।

খ) নিত্য ব্যৱহাৰ্য সকলো সামগ্ৰীৰ নিয়ন্ত্ৰণহীনভাৱে আকাশলঘী মূল্যবৃদ্ধি, বিমূদ্ৰাকৰণ , সকলোবিলাক সামগ্ৰীৰ ওপৰত উপৰ্যুপৰি আৰোপ কৰা জি.এছ.টি., ক’ভিড কালত ঘোষণা কৰা অপৰিকল্পিত লকডাউনে দেশৰ অৰ্থনীতি বিধ্বস্ত কৰাৰ ফলত জনসাধাৰণৰ ক্ৰয়ক্ষমতা ব্যাপকভাৱে হ্ৰাস হৈছে। দেশৰ জনমূৰি আয় এনেধৰণে হ্ৰাস হৈছে যে ২০২১ চনত ৯৪,৯৫৪ টকাৰ বিপৰীতে ২০২২ চনত ৯২,০০০ টকা হৈছে। ইয়াৰ ফলত ভাৰতৰ প্ৰতিজন নাগৰিকৰ দৈনিক উপভোক্তা ব্যয় ১১ শতাংশলৈ হ্ৰাস পাইছে আৰু এবছৰত গঢ়ে প্ৰতিজন নাগৰিকৰ ৮,৫০০ টকাকৈ উপাৰ্জন হ্ৰাস হৈছে। এনে বিধ্বস্ত অৰ্থনীতি কেতিয়াও অমৃত হ’ব নোৱাৰে।

গ) দেশৰ নিবনুৱা সমস্যাই এনে ভয়াৱহ ৰূপ ধাৰণ কৰিছে যে স্বাধীনতাৰ পিছত যোৱা আঠ বছৰত বিজেপিৰ শাসনকালত আমাৰ দেশৰ নিবনুৱাৰ হাৰ ২৮ শতাংশলৈ অৱনমিত হৈ সৰ্বকালৰ অভিলেখ ভংগ কৰিছে। বছৰি ২ কোটি চাকৰি দিম বুলি প্ৰতিশ্ৰুতি দি ক্ষমতা দখল কৰা বিজেপিৰ ৮ বছৰীয়া শাসনকালত ২২.০৫ কোটি চাকৰিৰ আবেদনৰ বিপৰীতে মাত্ৰ ৭.২২ লাখ যুৱক-যুৱতীকহে চাকৰি প্ৰদান কৰিব পৰিছে বুলি অলপতে লোকসভাত কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিঙে এক প্ৰশ্নৰ উত্তৰত স্বীকাৰ কৰিছে। অৰ্থাৎ এই আঠ বছৰত নিযুক্তিৰ হাৰ এক শতাংশতকৈও কম। এইয়া দেশৰ কোটি কোটি নিবনুৱা যুৱক-যুৱতী আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে বিষপানৰ বাহিৰে কেতিয়াও অমৃত হ’ব নোৱাৰে।

ঘ) ঠিক এনেদৰে বিজেপি চৰকাৰৰ ভুল নীতিৰ ফলত আমাৰ দেশৰ বৈদেশিক ঋণৰ বোজা ২০১৪ চনলৈকে ৫৪,৯০,৭৬৩ কোটি টকাৰ বিপৰীতে ২০২২ চনত অৰ্থাৎ যোৱা ৮ বছৰত এই বৈদেশিক ঋণ ১২৮,৪০,৫৩১ কোটি টকালৈ (প্ৰায় ৩ গুণ) বৃদ্ধি হোৱাৰ ফলত প্ৰতিজন নাগৰিকৰ মূৰত যি বৃহৎ ঋণৰ বোজা পৰিছে, এয়া বিজেপি চৰকাৰৰ কেনেধৰণ অমৃত মহোৎসৱ?

একেদৰে অসমত মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাৰ আমোলাত ২০১৬ চনত অসমৰ ঋণ ৩৫ হাজাৰ কোটি টকাৰ বিপৰীতে ১,৩৬,০০০ কোটি টকালৈ বৃদ্ধি পোৱাৰ ফলত অসমত প্ৰতিজন নাগৰিকৰ জনমূৰি ঋণৰ বোজা ৩৭,০০০ টকালৈ বৃদ্ধি পাইছে বুলি তেওঁ দাবী কৰে।

স্বাধীনতাৰ অমৃত মহোৎসৱৰ নামত এয়া বিষপান কৰাৰ বাহিৰে আন একো নহয় বুলি বৰাই পুনৰ উল্লেখ কৰে।

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

July 23, 2026 2:52 pm
এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

July 23, 2026 1:44 pm
‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

July 23, 2026 1:04 pm
ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

July 23, 2026 12:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

July 23, 2026 2:52 pm
এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

July 23, 2026 1:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd