DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 11, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অমৃত নহয়; ২০১৪ ৰ পৰা বিষপান কৰি আহিছে দেশবাসীয়ে : ৰিপুন বৰা

দেশবাসীয়ে মূল্যবৃদ্ধি, নিবনুৱা সমস্যা ঋণৰ বোজাত হেৰুৱালে অমৃত মহোৎসৱৰ "সুখ"!

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
August 2, 2022 7:41 pm
144
VIEWS
Share on FacebookShare on Twitter

“স্বাধীনতাৰ ৭৫ তম বৰ্ষ হোৱা উপলক্ষে চৰকাৰে ঘোষণা কৰা ‘আজাদী কা অমৃত মহোৎসৱ’ যদি আমি নিৰপেক্ষ বিশ্লেষণ কৰোঁ যে তেন্তে দেখা যায় যে দেশে স্বাধীনতা পোৱাৰ পৰা ৬৭ বছৰত প্ৰকৃতাৰ্থত জনসাধাৰণে অমৃত পাইছিল, কিন্তু যোৱা ৮ বছৰত জনসাধাৰণে অমৃতৰ পৰিৱৰ্তে বিষহে পান কৰি আছে। ” সংবাদমেলত আজাদী কা অমৃত মহোৎসৱৰ বিৰোধিতা কৰি তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই এইদৰে কয়।

তাৰ কাৰণ বাখ্যা কৰি তেওঁ কয়

ক) “বিগত আঠ বছৰত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি মূল্যবৃদ্ধি আৰু মূদ্ৰাস্ফীতিয়ে জনসাধাৰণ জীৱন দূৰ্বিসহ কৰি তুলিছে।

খ) নিত্য ব্যৱহাৰ্য সকলো সামগ্ৰীৰ নিয়ন্ত্ৰণহীনভাৱে আকাশলঘী মূল্যবৃদ্ধি, বিমূদ্ৰাকৰণ , সকলোবিলাক সামগ্ৰীৰ ওপৰত উপৰ্যুপৰি আৰোপ কৰা জি.এছ.টি., ক’ভিড কালত ঘোষণা কৰা অপৰিকল্পিত লকডাউনে দেশৰ অৰ্থনীতি বিধ্বস্ত কৰাৰ ফলত জনসাধাৰণৰ ক্ৰয়ক্ষমতা ব্যাপকভাৱে হ্ৰাস হৈছে। দেশৰ জনমূৰি আয় এনেধৰণে হ্ৰাস হৈছে যে ২০২১ চনত ৯৪,৯৫৪ টকাৰ বিপৰীতে ২০২২ চনত ৯২,০০০ টকা হৈছে। ইয়াৰ ফলত ভাৰতৰ প্ৰতিজন নাগৰিকৰ দৈনিক উপভোক্তা ব্যয় ১১ শতাংশলৈ হ্ৰাস পাইছে আৰু এবছৰত গঢ়ে প্ৰতিজন নাগৰিকৰ ৮,৫০০ টকাকৈ উপাৰ্জন হ্ৰাস হৈছে। এনে বিধ্বস্ত অৰ্থনীতি কেতিয়াও অমৃত হ’ব নোৱাৰে।

গ) দেশৰ নিবনুৱা সমস্যাই এনে ভয়াৱহ ৰূপ ধাৰণ কৰিছে যে স্বাধীনতাৰ পিছত যোৱা আঠ বছৰত বিজেপিৰ শাসনকালত আমাৰ দেশৰ নিবনুৱাৰ হাৰ ২৮ শতাংশলৈ অৱনমিত হৈ সৰ্বকালৰ অভিলেখ ভংগ কৰিছে। বছৰি ২ কোটি চাকৰি দিম বুলি প্ৰতিশ্ৰুতি দি ক্ষমতা দখল কৰা বিজেপিৰ ৮ বছৰীয়া শাসনকালত ২২.০৫ কোটি চাকৰিৰ আবেদনৰ বিপৰীতে মাত্ৰ ৭.২২ লাখ যুৱক-যুৱতীকহে চাকৰি প্ৰদান কৰিব পৰিছে বুলি অলপতে লোকসভাত কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিঙে এক প্ৰশ্নৰ উত্তৰত স্বীকাৰ কৰিছে। অৰ্থাৎ এই আঠ বছৰত নিযুক্তিৰ হাৰ এক শতাংশতকৈও কম। এইয়া দেশৰ কোটি কোটি নিবনুৱা যুৱক-যুৱতী আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে বিষপানৰ বাহিৰে কেতিয়াও অমৃত হ’ব নোৱাৰে।

ঘ) ঠিক এনেদৰে বিজেপি চৰকাৰৰ ভুল নীতিৰ ফলত আমাৰ দেশৰ বৈদেশিক ঋণৰ বোজা ২০১৪ চনলৈকে ৫৪,৯০,৭৬৩ কোটি টকাৰ বিপৰীতে ২০২২ চনত অৰ্থাৎ যোৱা ৮ বছৰত এই বৈদেশিক ঋণ ১২৮,৪০,৫৩১ কোটি টকালৈ (প্ৰায় ৩ গুণ) বৃদ্ধি হোৱাৰ ফলত প্ৰতিজন নাগৰিকৰ মূৰত যি বৃহৎ ঋণৰ বোজা পৰিছে, এয়া বিজেপি চৰকাৰৰ কেনেধৰণ অমৃত মহোৎসৱ?

একেদৰে অসমত মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাৰ আমোলাত ২০১৬ চনত অসমৰ ঋণ ৩৫ হাজাৰ কোটি টকাৰ বিপৰীতে ১,৩৬,০০০ কোটি টকালৈ বৃদ্ধি পোৱাৰ ফলত অসমত প্ৰতিজন নাগৰিকৰ জনমূৰি ঋণৰ বোজা ৩৭,০০০ টকালৈ বৃদ্ধি পাইছে বুলি তেওঁ দাবী কৰে।

স্বাধীনতাৰ অমৃত মহোৎসৱৰ নামত এয়া বিষপান কৰাৰ বাহিৰে আন একো নহয় বুলি বৰাই পুনৰ উল্লেখ কৰে।

Recent News

টয়লেটত ’বুলু ফিল্ম’! দৰাচলতে কি হৈছে এয়া?

টয়লেটত ’বুলু ফিল্ম’! দৰাচলতে কি হৈছে এয়া?

উলংগ হৈ লোকজনে কৰি আছিল ছানবাথ, হঠাতে চৰাইৰ কণী বুলি ভুল কৰি অণ্ডকোষ ছিঙি লৈ গ’ল ছিগাল চৰায়ে!

উলংগ হৈ লোকজনে কৰি আছিল ছানবাথ, হঠাতে চৰাইৰ কণী বুলি ভুল কৰি অণ্ডকোষ ছিঙি লৈ গ’ল ছিগাল চৰায়ে!

kashmir-1

কাশ্মীৰত আজি পুৱাই অঘটনঃ সেনাৰে সংঘৰ্ষত দুজন সন্ত্ৰাসবাদী নিহত, তিনিজন সৈনিকো শ্বহীদ

ৰে’ল, বিমানৰ পিছত এইবাৰ ডাক সেৱা ব্যক্তিগত খণ্ডক গটাবলৈ ওলাইছে মোদীৰ চৰকাৰে, তীব্ৰ প্ৰতিবাদ

ৰে’ল, বিমানৰ পিছত এইবাৰ ডাক সেৱা ব্যক্তিগত খণ্ডক গটাবলৈ ওলাইছে মোদীৰ চৰকাৰে, তীব্ৰ প্ৰতিবাদ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd