আমেৰিকাৰ লকহিড মাৰ্টিনে নিৰ্মাণ কৰা বিশ্বৰ আটাইতকৈ উন্নত এফ-৩৫ আইআই লাইটনিং বিমানত দেখা দিয়া যান্ত্ৰিক বিজুতিক লৈ চিন্তিত হৈ পৰিছে প্ৰতিৰক্ষা বিশেষজ্ঞসকল। পৃথিৱীৰ আটাইতকৈ উন্নত যুঁজাৰু বিমানখন কিছুমান কাৰিকৰী সমস্যাৰ সন্মুখীন হৈছে। যাৰ ফলত আমেৰিকা যুক্তৰাষ্ট্ৰই কিছুমান জেট বিমান চলোৱাটো বন্ধ কৰাৰ সিদ্ধান্ত লৈছে।
এফ-৩৫ -এ মাৰ্টিন-বেকাৰ ইজেকচন বিমানৰ চিটৰ সমস্যাৰ সন্মুখীন হৈছে, যাৰ ফলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বায়ু সেনা (ইউএছএএফ), নৌসেনা (ইউএছএন) আৰু মেৰিন কৰ্পছে (ইউএছএমচি) তেওঁলোকৰ এফ-৩৫ বমান সমূহ বন্ধ কৰি দিছে। যুঁজাৰু বিমান খনত প্ৰথম সমস্যাটো দেখা দিছিল এপ্ৰিল ২০২২ ত ।ইউএছ এয়াৰ কমবেট কমাণ্ডে (এচিচি) ১৯ জুলাইত ত্ৰুটিপূৰ্ণ ইজেকচন চিট কাৰ্ট্ৰিজৰ পৰীক্ষা কৰা আৰম্ভ কৰিছিল । পৰৱৰ্তী ১৫ দিনৰ ভিতৰত এএচি আৰু এয়াৰ এডুকেশ্বন এণ্ড ট্ৰেইনিং কমাণ্ডে পৰিদৰ্শনৰ প্ৰতিবেদন দিব বুলি জানিব পৰা গৈছে।
আমেৰিকা যুক্তৰাষ্ট্ৰই তুৰস্ক আৰু জাপানকে ধৰি আন কেইবাখনো নাটোৰ অন্তৰ্গত দেশক এফ-৩৫ বিমান যোগান ধৰিছে।ইজৰাইলী বায়ু সেনাই ৩০ জুলাইত এফ-৩৫ বিমান বন্ধ কৰিছে। নৰৱে আৰু নেডাৰলেণ্ডেও বিমান খন বন্ধ কৰাৰ কথা চিন্তা কৰি আছে বুলি জানিব পৰা গৈছে। এনে পৰিস্থিতিত বিশ্বৰ অন্যতম শক্তিশালী যুদ্ধ বিমান খন এদিন কেৱল স্মৃতিহে হৈ ৰ’ব বুলি বহুতে ধাৰণা কৰিছে।