• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নীতিশ কুমাৰ সুবিধাবাদী নে এগৰাকী সুচতুৰ ৰাজনীতিক

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
August 10, 2022 4:56 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে পুনৰবাৰ এন ডিএৰ পৰা ওলাই আহি ইউ পি এৰ লগ লাগিছে।এন ডি এৰ মুখ্যমন্ত্ৰী হিচাপে কালি তেওঁ পদত্যাগ কৰে আৰু আজি তেওঁ ইউ পি এৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। যোৱা সময়ছোৱাত ঘটা কিছুমান ঘটনাৰপৰা আমি অনুমান কৰিব পাৰিছিলোঁ যে নীতিশ কুমাৰৰ নেতৃতত গঠিত বিহাৰৰ জে ডি ইউ আৰু বি জে পি মিত্ৰজোঁটৰ চৰকাৰত ক’ৰবাত যেন কিবা এটা কেৰোণ লাগিছিল। এই ক্ষেত্ৰত সকলোৱে কেইটামান কথালৈ আঙুলিয়াইছিল। নীতিশ কুমাৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰুপদী মুৰ্মুৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থকা নাছিল আৰু সৌসিদিনা অনুষ্ঠিত হোৱা নীতি আয়োগৰ বৈঠকতো তেওঁ অংশগ্ৰহণ কৰা নাছিল।তাৰ আগতেও তেওঁ কেন্দ্ৰীয় চৰকাৰে আয়োজন কৰা অইন ভালেকেইখন সভাতো উপস্থিত থকা নাছিল।

কিন্তু, একেবাৰে শেহতীয়া ঘটনাটো আছিল কেন্দ্ৰীয় মন্ত্ৰী সভাত জে ডি ইউৰ আৰ চি পি সিঙৰ মন্ত্ৰিত্ব গ্ৰহণ। তেওঁ দলৰ মতৰ বিৰুদ্ধে গৈ কেন্দ্ৰীয় মন্ত্ৰী সভাত যোগদান কৰিছিল। কিন্তু আৰ চি পি সিঙৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱা বাবে তেওঁক পুনৰবাৰ ৰাজ্যসভালৈ মনোনীত নকৰাত তেওঁ মন্ত্ৰিত্ব হেৰুৱাব লগা হৈছিল।তাত ক্ষুব্ধ হৈ নীতিশ কুমাৰ আৰু জে ডি ইউৰ বিৰুদ্ধে নানা ধৰণে বিষোদ্গাৰ কৰি আৰ চি পি সিঙে দলৰ পৰা পদত্যাগ কৰিছিল।আনহাতে জে ডি ইউ আৰু নীতিশ কুমাৰৰ অভিযোগ- মহাৰাষ্ট্ৰত বি জে পিয়ে একনাথ সিন্দেৰ যোগেদি ভিতৰৰ পৰা দুৰ্বল কৰি যেনেদৰে শিৱসেনাক শেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছিল,ঠিক তেনেদৰে তেওঁলোকে আৰ চি পি সিঙৰ যোগেদি জে ডি ইউক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ কৰিছিল বিহাৰত।

Apply Now

বিহাৰত ঘটা এই ৰাজনৈতিক পৰিঘটনাটো আমি কেনেদৰে ব্যাখ্যা কৰিম? তাৰ আগতে আমি নীতিশ কুমাৰৰ বিষয়ে অলপ আলোচনা কৰি লোৱা উচিত হ’ব। নীতিশ কুমাৰ কোন? চূড়ান্ত সুবিধাবাদী নে এক সুচতুৰ ৰাজনীতিক? দেখাত নীতিশ কুমাৰক এজন চূড়ান্ত সুবিধাবাদী ৰাজনীতিক যেনেই লাগে। কিয়নো আজি কিমান বছৰ ধৰি তেওঁ এইবাৰ এইটো দল,সেইবাৰ সেইটো দল কৰি আছে! আমি মন কৰা উচিত যে এসময়ৰ বিহাৰৰ ৰাজনীতিৰ কিংবদন্তী স্বৰূপ ত্ৰিমূৰ্তি আছিল ৰাম বিলাস পাছোৱান(জন্ম-১৯৪৬),লালু প্ৰসাদ যাদৱ(জন্ম-১৯৪৮) আৰু নীতিশ কুমাৰ(জন্ম-১৯৫১)। জয় প্ৰকাশ নাৰায়ণে জৰুৰীকালীন অৱস্থাৰ বিৰুদ্ধে আৰম্ভ কৰা আন্দোলনে জন্ম দিছিল এই ত্ৰিমূৰ্তিৰ।

ৰাম বিলাস পাছোৱানৰ ২০২০ চনত মৃত্যু হৈছে। লালু প্ৰসাদ যাদৱে আজি কেইবছৰমানৰপৰা জেইল আৰু চিকিৎসালয় কৰি আছে। কিন্তু এবাৰ এন ডি এ এবাৰ ইউ পি এ কৰি, আজি প্ৰায় ১৭ বছৰ নীতিশ কুমাৰ একেৰাহে বিহাৰৰ মুখ্যমন্ত্ৰী হৈ আছে।কেৱল নীতি আদৰ্শত লাগি থাকিলে, নীতিশ কুমাৰে জানো ইমান বছৰ একেধাৰে বিহাৰৰ মুখ্যমন্ত্ৰী হৈ থাকিব পাৰিলেহেঁতেন? নিশ্চয় নোৱাৰিলেহেঁতেন। কিন্তু, নিজে ক্ষমতাত থকাৰ স্বাৰ্থত, নীতিশ কুমাৰে বিহাৰৰ স্বাৰ্থ বৰ্জন কৰিছেনে বা এন ডি এৰ লগত চৰকাৰ কৰা সময়ত তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সাম্প্ৰদায়িক আৰু সংবিধান বিৰোধী সকলো কামতে বিজেপিৰ দৰেই উজান দিছেনে? প্ৰথম কথা,যাৰ লগতে চৰকাৰ নকৰক কিয় নীতিশ কুমাৰে বিহাৰৰ স্বাৰ্থৰ প্ৰশ্নত কাৰো লগত কেতিয়াও আপোচ কৰা নাই।দ্বিতীয় আৰু গুৰুত্বপূৰ্ণ কথা, বিহাৰত,নীতিশ কুমাৰে সংখ্যালঘু বিৰোধী বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতিক প্ৰশ্ৰয় দিয়া নাই।

উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ বা অন্য বিজেপি শাসিত ৰাজ্য সমূহৰ দৰে বিহাৰত সংখ্যালঘু সম্প্ৰদায়ৰ লোক সকল তেনে কোনো নিৰ্যাতনৰ সন্মুখীন হোৱা নাই।আৰু ৰাজ্য শাসনৰ সময়ত, নীতিশ কুমাৰে তুলনামূলকভাৱে যিমানপাৰে সিমান সুশাসনৰ নীতি সমূহ মানি চলিবলৈ চেষ্টা কৰিছে। ভাৰতীয় ৰাজনীতিত নীতিশ কুমাৰৰ লগত তুলনা কৰিব পৰা অইন এজন ৰাজনীতিক হৈছে এন চি পিৰ শাৰদ পাৱাৰ।কিন্তু, এতিয়া যেন পাৱাৰৰ ৰাজনৈতিক ৰণ কৌশলকো কুমাৰে চেৰ পেলাইছে। বিজেপিয়ে য’তেই আঞ্চলিক দলৰ লগত চৰকাৰ কৰিছে ত’তেই এটা সময়ৰ পিছত তেওঁলোকে আঞ্চলিক দলটোক নিশকতীয়া কৰি পেলাইছে।মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকটৰ মূল কাৰণেই আছিল সেইটো। অসমৰ কথা যদি কওঁ; ইয়াত অসম গণ পৰিষদ দলটো বিজেপিৰ ভিতৰৰে কিবা এটা নে এটা সুকীয়া দল, সেই সম্পৰ্কে মাজে মাজে আমাৰ মনত সন্দেহ ওপজে।বিজেপিয়ে জে ডি ইউক নস্যাৎ কৰিব বিচাৰিছিল বুলিয়েই আজি নীতিশ কুমাৰে এন ডি এৰ পৰা ওলাই আহি ইউ পি এৰ লগ লাগি চৰকাৰ কৰিছে।

বিহাৰৰ ৰাজনীতিত ঘটা পট পৰিবৰ্তনৰ প্ৰভাৱ ভাৰতীয় ৰাজনীতিৰ বাবে সুদূৰপ্ৰসাৰী হ’ব পাৰে।তাৰ তাৎক্ষণিক প্ৰভাৱ হ’ল ৰাজ্যসভাত শাসকীয় দলৰ ক্ষমতাৰ হ্ৰাস। এতিয়া নিজৰ হুজুগত বিজেপিয়ে ৰাজ্যসভাত বিল পাছ কৰাব নোৱাৰিব। কিন্তু ইয়াৰ আটাইতকৈ ডাঙৰ প্ৰভাৱ পৰিব পাৰে ২০২৪ৰ সংসদীয় নিৰ্বাচনত।দিশহাৰা বিৰোধী ৰাজনৈতিক দলবোৰক ই সঞ্জীৱিত আৰু উজ্জীৱিত কৰি তুলিব পাৰে।নীতিশ কুমাৰ আনকি বিৰোধীৰ প্ৰধানমন্ত্ৰী পদৰ উমৈহতীয়া প্ৰাৰ্থীও হ’ব পাৰে।

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd