• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাব আৰু বঙাইগাঁও জিলা পৰিবহণ বিভাগৰ উদ্যোগত ‘জাতীয় পতাকাৰ স্বকীয়তা-মৰ্যাদা অক্ষুণ্ণ ৰাখক ‘ শীৰ্ষক সচেতনতামূলক কাৰ্যসূচী

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
August 17, 2022 9:20 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাব আৰু বঙাইগাঁও জিলা পৰিবহণ বিভাগৰ যৌথ উদ্যোগত বুধবাৰে বঙাইগাঁৱত ‘জাতীয় পতাকাৰ স্বকীয়তা-মৰ্যাদা অক্ষুণ্ণ ৰাখক’ শীৰ্ষক এক সচেতনতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হয়৷ বঙাইগাঁও চহৰ বৰপাৰা বাছ আস্থান আৰু উত্তৰ বঙাইগাঁৱৰ পপুলাৰ বাছ আস্থানৰ সন্মুখৰ মূল পথত পুৱাৰ ভাগত গ্ৰহণ কৰা কাৰ্যসূচীত বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ সংবাদকৰ্মী সকল,বঙাইগাঁও জিলা পৰিবহণ বিষয়া কাৰ্যালয়ৰ বিষয়া তথা কৰ্মচাৰীৰ লগতে বঙাইগাঁও জিলা যান -বাহন শাখাৰ আৰক্ষী সকল উপস্থিত থাকে ৷

উল্লেখ্য যে দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস সুকলমে উদযাপিত হৈ গ’ল যদিও কিন্তু ৰাইজ সচেতন ন’হল ৷ স্বাধীনতা দিৱসৰ পিচত জাতীয় পতাকাখন সকলোৱে সযতনে ৰাখি থব লাগে ৷ কিন্তু ইয়াৰ বিপৰীতে দেখা গৈছে যে স্বাধীনতা দিৱস পাৰ হৈ যোৱাৰ পিচতো বহুলোকে বাহন, ঘৰ, ব্যৱসায়িক প্ৰতিষ্ঠানত সন্মানৰ জাতীয় পতাকাখন লগাই থৈছে ৷ সেয়ে বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাব, বঙাইগাঁও জিলা পৰিবহন বিভাগ তথা যান বাহন আৰক্ষীয়ে বুধবাৰে বঙাইগাঁও চহৰত ‘জাতীয় পতাকাৰ স্বকীয়তা – মৰ্যদা অক্ষুন্ন ৰাখক ‘ শীৰ্ষক এই সচেতনামূলক কাৰ্যসূচী গ্ৰহণ কৰি ৰাজ পথত নামি পৰে ৷ সচেতনতা কাৰ্যসূচীত যিসকলে ব্যক্তিগত বাহন তথা ব্যৱসায়িক বাহনত এতিয়াও জাতীয় পতাকাখন আঁৰি ৰাখিছে তেওঁলোকক পতাকাখন খুলি সযতনে ৰখাৰ বিষয়ে অৱগত কৰাৰ লগতে জাতীয় পতাকাখন কিদৰে লগাব লাগে সেই বিষয়েও অৱগত কৰা হয় ৷

Apply Now

ৰাজপথত ব্যক্তিগত আৰু ব্যৱসায়িক বাহনৰ চালক, সহ- চালকসকলক বিষয়টো অৱগত কৰাত সকলোৱে তেওঁলোকৰ ভুল স্বীকাৰ কৰি লগে লগে বাহনৰ পৰা জাতীয় পতাকাখন খুলি সন্মানসহকাৰে সযতনে লৈ যায় ৷ লক্ষ্যণীয় যে দেশৰ স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে চৰকাৰে এইবাৰ ১৩ ৰ পৰা ১৫ আগষ্টলৈকে ঘৰে ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচী ৰূপায়ণ কৰাৰ বাবে দেশবাসীক আহ্বান জনাইছিল ৷ পিচে সময়মতে ঘৰে ঘৰে ত্ৰিৰংগা উৰুৱা হ’ল যদিও স্বাধীনতা দিৱসৰ দহ দিনমান পূৰ্বৰে পৰা বাহনত জাতীয় পতাকা লগাই ফুৰা বহুজনক পৰিলক্ষিত হ’ল ৷ চৰকাৰৰ আহ্বানক সহাৰি দি ঘৰে, বাহনে জাতীয় পতাকা লগাই কাৰ্যসূচীটো সফল কৰি তোলাৰ পিচত অৰ্থাৎ স্বাধীনতা দিৱস উদযাপিত হৈ যোৱাৰ পিচত জাতীয় পতাকাসমূহ সন্মানসহকাৰে ঘৰ, বাহন আদিৰ পৰা খুলি সযতনে ৰাখি থব লাগিছিল যদিও চৰকাৰৰ আহ্বানক সহাৰি দিয়াসকলে কিন্তু সেয়া কৰা দেখা নগ’ল ৷

এতিয়াও বাহন, ঘৰ, ব্যৱসায়িক প্ৰতিষ্ঠানত জাতীয় পতাকা আঁৰি থোৱা অৱস্থাত পৰিলক্ষিত হৈছে ৷ আনকি জাতীয় পতাকা পথৰ কাষত পৰি থকাও দেখা গ’ল ৷ অৱশ্যে পৰি থকা পতাকা সন্মানসহকাৰে তুলি অনা হ’ল ৷ সেয়ে এই বিষয়টোৰ প্ৰতি ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাৱে এই ব্যতিক্ৰমী কাৰ্যসূচী হাতত লয় ৷ কাৰ্যসূচীত উপস্থিত থকা বঙাইগাঁও জিলা পৰিবহণ বিষয়া দ্বীপজ্যোতি নেওগে কয় যে , ‘ হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচীৰ লগত সংগতি ৰাখি ব্যক্তিগত তথা ব্যৱসায়িক যান-বাহনত ত্ৰিৰংগা লগোৱাৰ ব্যৱস্থা গ্ৰহণ কৰ হৈছিল৷ কিন্ত ইতিমধ্যে ভাৰতৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ সফল সমাপ্তি হৈছে,তাৰ পিছতো ব্যক্তিগত আৰু ব্যৱসায়িক যান-বাহনত অলপ বিশৃংখলভাৱে ‘জাতীয় পতাকা’ ব্যৱহাৰ কৰি থকা পৰিলক্ষিত হৈছে ৷

আচলতে এয়া মানুহৰ সচেতনতাৰ অভাৱ ৷ সেয়ে বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাব আৰু জিলা পৰিবহণ বিভাগৰ যৌথ উদ্যোগত ব্যক্তিগত আৰু যাত্ৰীবাহী বাহনৰ চালক আৰু যাত্ৰী সকলৰ মাজত জাতীয় পতাকা’ ব্যৱহাৰৰ নীতি নিৰ্দেশনাৰ ক্ষেত্ৰত সচেতনতা সৃষ্টি কৰাৰ প্ৰয়াস কৰিছোঁ ৷ আনহাতে কাৰ্যসূচীত উপস্থিত থাকি বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ সভাপতি ৰঞ্জিত কুমাৰ শৰ্মাই কয় যে ইয়াৰ জৰিয়তে আমি স্বাধীনতা দিৱসৰ পিছতো যিসকল ব্যক্তিয়ে যান- বাহনত জাতীয় পতাকা লগাই ৰাখিছে, তেওঁলোকক বিনম্ৰভাৱে আহ্বান জনাই কোৱা হৈছে যে আপোনালোকে জাতীয় পতাকা খুলি নিজ নিজ ঘৰত সযতনে ৰাখক ৷ ইপিনে প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক প্ৰণৱ কুমাৰ ডেকাই বৰ্তমানেও যিসকলে জাতীয় পতাকাখন নিজৰ বাহনত লগাই ৰাখিছে অথবা ঘৰ, ব্যৱসায়িক প্ৰতিষ্ঠান আদিত উৰুৱাই ৰাখিছে তেওঁলোকক পতাকাখন সন্মানেৰে খুলি ভালকৈ ৰাখি থবলৈ আহ্বান জনাইছে ৷

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

July 7, 2026 6:36 am
মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

July 7, 2026 6:36 am
মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd