জাৰ্নেলিষ্ট ইউনিয়ন অব আছাম(জুৱা)ৰ বঙাইগাঁও জিলা সমিতিৰ এখন সাধাৰণ সভা আজি বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত অনুষ্ঠিত হয়৷ জুৱাৰ বঙাইগাঁও জিলা সমিতিৰ সভাপতি ৰঞ্জিত কুমাৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাত জুৱাৰ অসম ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক ধনজিৎ দাস আৰু যুটীয়া সম্পাদক মনোহৰ ৰাজবংশী উপস্থিত থাকে৷ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে জুৱাৰ বঙাইগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক উপানন্দ শৰ্মাই৷
সভাত সাংগঠিক দিশ সন্দৰ্ভত জু্ৱাৰ অসম ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক ধনজিৎ দাস, যুটীয়া সম্পাদক মনোহৰ ৰাজবংশী, বঙাইগাঁৱৰ জ্যেষ্ঠ সাংবাদিক তেজেশ ত্ৰিপাঠী আৰু সুজিত কুমাৰ ৰায়ে বক্তব্য দাঙি ধৰে৷
উক্ত সভাতে পুৰণি সমিতিখন ভংগ কৰি ৰঞ্জিত কুমাৰ শৰ্মাক সভাপতি, উপানন্দ শৰ্মাক কাৰ্যকৰী সভাপতি, সুজিত কুমাৰ ৰায়, তেজেশ ত্ৰিপাঠী আৰু হিতেশ ৰায়ক উপ সভাপতি, ধৰম ৰঞ্জন ৰয়ক সাধাৰণ সম্পাদক, খাদেমুল হুছেইন, গুলজাৰ হুছেইন আৰু ইন্দ্ৰনীল দাসক যুটীয়া সম্পাদক, অৰ্জুন টুডু আৰু বিক্ৰম ৰঞ্জন ৰয়ক সাংগঠনিক সম্পাদক হিচাপে লৈ বঙাইগাঁও আৰু চিৰাং জিলাৰ প্ৰতিনিধিৰে ‘জুৱা’ৰ বঙাইগাঁও জিলা সমিতিখন নতুনকৈ গঠন কৰা হয়৷ কল্লোল দেৱশৰ্মা আৰু প্ৰশান্ত ৰয়ক কেন্দ্ৰীয় প্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰা হয়৷