• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দাঁতৰ আলুৰ বেমাৰৰ লগতে মুখৰ দুৰ্গন্ধৰ বিষয়ে কিছু কথা জানো আহক

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
August 27, 2022 4:56 pm
113
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বেমাৰ হোৱাৰ পিছত চিকিৎসা কৰি আৰোগ্য লাভ কৰাতকৈ বেমাৰ নোহোৱাকৈ থাকিব পৰাটোকে উওম উপায়। সকলো বেমাৰৰ ক্ষেত্ৰতে এই কথা প্রযোজ্য। কিন্তু দাঁতৰ বিভিন্ন বেমাৰৰ ক্ষেত্ৰত প্ৰতিৰোধ ব্যৱস্থাই অতি উত্তম।

মানুহৰ দাঁতৰ মুঠ সংখ্যা হ’ল ৩২টা। অৱশ্যে বয়স আৰু কিছুমান কাৰণ সাপেক্ষে এই সংখ্যাৰ তাৰতম্য হ’ব পাৰে। দাঁতবোৰ মুখৰ ভিতৰত দুয়োপাৰিত দাঁতৰ আলু বা পাৰিত শাৰী পাতি সজোৱা থাকে- যাতে দাঁতবোৰৰ মাজত কোনো ফাঁক নাথাকে।

Apply Now

ধুনীয়াকৈ শাৰী পতি থকা দাঁতে মানুহৰ মুখমণ্ডলৰ শোভা বর্ধন কৰে। কথা পাতোতে বা হাঁহোতে এই দাঁতবোৰ ওলালে দেখিবলৈ শুৱনি হয়। কিন্তু কেতিয়াবা কিছুমান ক্ষেত্ৰত সমুখৰ দাঁতবোৰৰ মাজত ফাঁক থকা দেখা যায়।

এইক্ষেত্ৰত দেখাত অলপ অশুৱনি হয়। ভিতৰ ফালে থকা দাঁতবোৰৰ মাজত ফাঁক থাকিলে বাহিৰৰ পৰা দাঁতবোৰ দেখা নাযায় ঠিকেই, কিন্তু এনে ফাঁক থকা দাঁত সহজে ৰোগৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে।

দাঁতৰ মাজত থকা ফাঁকবোৰত খাদ্যবস্তু জমা হয়। দাঁত ভালদৰে চাফা নকৰিলে এই খাদ্যবস্তুবোৰ দাঁতৰ গুৰিত লাগি থাকি যায়। তেতিয়াই সেইবিলাক পচি দুৰ্গন্ধ ওলায় আৰু বীজাণুৰ দ্বাৰা সংক্রমণ ঘটে।

দাঁতৰ ফাঁকৰ মাজৰ অংশ বীজাণুৰ দ্বাৰা আক্ৰান্ত হ’লে ক্ৰমে দাঁতৰ আলুলৈকে ৰোগ বিয়পি পৰে আৰু ফলস্বৰূপে দাঁতৰ আলু লগে লগে ফুলি উঠে। ক্ৰমান্বয়ে দাঁতৰ গুৰিত বিষ অনুভৱ হয়। খাদ্য চোবোৱাত নানা ধৰণৰ অসুবিধাই দেখা দিয়ে।

বহুসংখ্যক ল’ৰা-ছোৱালীৰ দাঁত কম বয়সতে ডোখৰ ডোখৰ হৈ ভাগি পৰা দেখা যায়। এনে অৱস্থাক দাঁতবোৰ পোকে খোৱা বুলি সাধাৰণভাৱে কোৱা হয়। কিন্তু আচলতে দাঁতবোৰ কোনো ধৰণৰ পোকে খোৱা নহয়।
ল’ৰা-ছোৱালীৰ দাঁতৰ যতন খুব কমসংখ্যক পিতৃ-মাতৃয়েহে লোৱা দেখা যায়।

সন্তানৰ দাঁতৰ চাফ-চিকুণতাৰ বিষয়ে বহু অভিভাৱকে চিন্তা নকৰে। সিহঁতে বাৰে বাৰে খাই থকা চেনি, বিস্কুট, চকলেট আদিৰ সৰু সৰু টুকুৰা দাঁতৰ ফাঁকৰ মাজত সোমাই থাকি যায়। চাফা নকৰিলে সেইবোৰত বীজাণুবে বাহ লয় আৰু সংক্ৰমণ ঘটি দাঁতবোৰ ক্ষয় কৰিবলৈ আৰম্ভ কৰে।

ছোৱালীৰ দাঁতৰ গাঁথনিবোৰ কোমল কাৰণে বীজাণুবে অতি সহজতে সেইবোৰ ক্ষয় কৰিব পাৰে। এই অৱস্থাটোকে মানুহে দাঁত পোকে খোৱা বুলি কয়। দাঁতৰ আলুৰ বেমাৰবোৰৰ সাধাৰণ লক্ষণ এনেকুৱা — দাঁতৰ আলুৰ পৰা কেতিয়াবা তেজ ওলোৱা দেখা যায়।

মুখ্য ভিতৰৰ দুৰ্গন্ধ ওলাব পাৰে। ঠাণ্ডা আৰু গৰম খাদ্য খালে দাঁত শিয়ৰি উঠিব বা সামান্য বিষ অনুভৱ হ’ব। খোৱা খাদ্য চোবোৱাৰ সময়ত দাঁতত টেঙা অনুভৱ হয়। দাঁতৰ ফাঁকৰ মাজত খোৱা খাদ্যৰ ক্ষুদ্র অংশ সোমোৱা যেন অনুভৱ হ’ব। দাঁতৰ গুৰি লাহে লাহে লৰিব।

কেতিয়াবা মুখখন তিতা তিতা লাগিব ইত্যাদি। দাঁতৰ গুৰিৰ পৰা তেজ ওলোৱাটো দাঁতৰ আলুৰ বেমাৰৰ প্রথম আৰু প্রধান লক্ষণ। দাঁতৰ গুৰিত প্লেক আৰু টাৰটাৰ জমা হৈ দাঁতৰ গুৰি ফুলি উঠে। ইয়াক জিনজিভাইটিছ বুলি চিকিৎসা-বিজ্ঞানত নামকৰণ কৰা হৈছে।

দাঁত চাফা কৰোঁতে যেতিয়া আলুত ব্ৰাছৰ আঘাত লাগে তেতিয়া ইয়াৰ পৰা তেজ ওলায়। দাঁত ব্ৰাছ কৰোঁতে দাঁতৰ গুৰিৰ পৰা তেজ ওলালে কেতিয়াও অবহেলা কৰিব নালাগে। বহুতে ব্ৰাছ বাদ দি আঙুলিত টুথ পাউদাৰ লগাই দাঁত চাফা কৰিবলৈ চেষ্টা কৰে।

কিন্তু হাতৰ আঙুলিয়েদি দাঁত চাফা কৰি দাঁত ভালদৰে চাফা নহয়। ফলত দাঁতৰ ফাঁকৰ মাজত খাদ্যবস্তুৰ টুকুৰা সোমাই থাকি যায়। ফলত জমা হোৱা বস্তুবোৰ পচি মুখৰ পৰা দুর্গন্ধ ওলায়।

অৱশ্যে মুখৰ গোন্ধ আৰু অন্য কাৰণতো ওলাব পাৰে-

যেনে মদ্যপান কৰিলে, ডায়েবেটিছ ৰোগ থাকিলে আৰু পাচনতন্ত্রৰ সমস্যাৰ কাৰণত মুখৰ পৰা গোন্ধ ওলাব পাৰে। কিন্তু বেছিভাগ ক্ষেত্ৰতে অপৰিষ্কাৰ আৰু ৰোগাক্ৰান্ত দাঁত তথা আলুৰ কাৰণে মুখৰ পৰা দুৰ্গন্ধ ওলায়।

কেতিয়াবা দাঁতৰ গুৰিৰ পৰা পূঁজো ওলায়। তেতিয়া দাঁতৰ আলু দুর্বল হৈ পৰে আৰু দাঁতৰ গুৰিবোৰ উন্মুক্ত হৈ যায়। ফলস্বৰূপে দাঁতবোৰ লৰিব ধৰে আৰু খাদ্য চোবাই খোৱাত অসুবিধা হয়। দাঁতৰ গুৰিৰ পৰা অহৰহ তেজ আৰু পূঁজ ওলাই থাকিলে ভালদৰে ব্ৰাছ কৰিব নোৱাৰা হয় আৰু তাৰ ফলত আলুৰ ৰোগ বৃদ্ধি পায়, দাঁতৰ গুৰি বিষাই থাকে, অস্বস্তি অনুভৱ হয় আৰু অকালতে সৰিব ধৰে।

দাঁতৰ আলুৰ বেমাৰৰ কাৰণে দাঁত অকালতে সৰি যোৱা আজিকালি প্রায়ভাগ মানুহৰ ক্ষেত্ৰতে দেখা পোৱা যায়। তদুপৰি কেতিয়াবা ভিটামিন ‘চি’ৰ অভাব হ’লেও দাঁতৰ গুৰি দুর্বল হৈ যাব পাৰে আৰু আলুৰ পৰা ৰক্তক্ষৰণ হৈ থকা দেখা যায়। কিছুমান দাঁতৰ আলুৰ ৰোগ মানসিক কাৰণতো হ’ব পাৰে। আকৌ বহুদিন ধৰি খুব বেছি পৰিমাণে পাণৰ লগত জর্দা খালে আৰু চাধা দাঁতৰ গুৰি দীৰ্ঘসময় ধৰি ৰাখি থ’লেও দাঁতৰ ৰোগে দেখা দিয়ে।

দাঁতৰ গুৰি যেতিয়া ফুলি উঠে আৰু তাত পাথৰ জমা হয়, তেতিয়া মুখত নিয়মীয়া সোৱাদ লাগিব পাৰে। কেতিয়াবা আকৌ টেঙা টেঙা সোৱাদো লাগিব পাৰে।

দাঁতৰ আলুৰ এই বেমাৰবোৰৰ কাৰণে কেতিয়াবা দেহত উষ্ণতা বাঢ়িব পাৰে-

দাঁতৰ সংক্ৰমণবোৰ ডিঙি, নাক আৰু কাণলৈ যাব পাৰে। উপযুক্ত সময়ত দাঁতৰ আলুৰ চিকিৎসা নহ’লে বিভিন্ন জটিল সমস্যাই দেখা দিব পাৰে। সেয়ে আৰম্ভণি অৱস্থাৰ পৰা দাঁতৰ ফাঁকৰ মাজত যাতে দীঘলীয়া সময়ৰ বাবে কোনো খাদ্যবস্তুৰ টুকুৰা ৰৈ নাযায় তালৈ মন দিব লাগে।

কেতিয়াবা দাঁতৰ গাঁথনি বেঁকা হ’লে সেই দাঁতবোৰ চাফা কৰিবলৈ কোমল আৰু অসমান সমতলৰ ব্ৰাছ ব্যৱহাৰ কৰিব লাগে। তেতিয়া হ’লে দাঁতৰ ফাঁকৰ মাজত সোমাই থকা লেতেৰা বস্তুবোৰ চাফা হৈ ওলাই আহে। প্ৰত্যেকবাৰ ভাত খোৱাৰ পিছত সদায় ভালকৈ ব্ৰাছ কৰিব লাগে আৰু সদায় কোমল ব্ৰাছ ব্যবহাৰ কৰিব লাগে।

বেমাৰ দেখা দিয়াৰ লগে লগে উপযুক্ত পৰিমাণে ভিটামিন “চি” আৰু সজীৱ শাক-পাচলি খাব লাগে। কোমল পানীয় খাদ্য খাব লাগে- যাতে দাঁতৰ গুৰিত আঘাত নাপায়। উপযুক্ত এন্টিবায়’টিক খোৱা নিতান্তই জৰুৰী। নিমযুক্ত টুথপেষ্টৰে ব্ৰাছ কৰিবলৈ দন্ত চিকিৎসকে পৰামর্শ দিয়ে।

আৰু যদি দাঁতৰ গুৰি বেছিকৈ ক্ষয় যায়, তেতিয়া অভিজ্ঞ দন্ত চিকিৎসকৰ দ্বাৰা CalCo3 ব্যৱহাৰ কৰি ক্ষয় যোৱা অংশখিনি পূৰাই ল’ব লাগে। এয়া অৱশ্যে ক্লিনিক নাইবা চিকিৎসালয়ত কৰা হয়। দাঁতৰ গুৰিত জমা হোৱা পাথৰ জাতীয় পদার্থখিনি ডেন্টেল ক্লিনিকত উপযুক্ত ব্যৱস্থাৰে মাজে-সময়ে আঁতৰাই ৰখা উচিত।

ইয়াৰ উপৰি মুখৰ দূৰ্গন্ধৰ কাৰণে দাঁতৰ চাফ চিকুণতাৰ উপৰি অন্য আনুষংগিক বেমাৰবোৰৰ প্রতি মন-কাণ দিয়া দৰকাৰ। ডায়েবেটিছ ৰোগ থাকিলে তাৰ প্রয়োজনীয় চিকিৎসা তৎক্ষণাৎ কৰিব লাগে। পাচনতন্ত্ৰৰ কোনো বেমাৰ থাকিলে তাৰ চিকিৎসা উপযুক্ত সময়ত কৰিব লাগে।

প্রতিবাৰ খোৱাৰ পিছত অলপ তামোল খোৱাৰ অভ্যাস কৰা উচিত। অৱশ্যে বেছিকৈ তামোল খোৱাটোও নিৰাপদ নহয়। নাইবা কোনো মুখৰোচক চুইংগাম বা গুৱামুৰি আদি চোবাব লাগে। তেতিয়াহ’লে খোৱা খাদ্য হজম হোৱাৰ লগতে মুখৰ দুৰ্গন্ধও নাইকিয়া হয়।

জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd