Russian court cancels the license ৰাছিয়াত মাত্ৰ কেইখনমানহে স্বতন্ত্ৰ বাতৰিকাকত আছে। তাৰে ভিতৰত অন্যতম এখন হৈছে নভোয়া গাজেটা। ৰাছিয়াৰ এখন আদালতে সোমবাৰে বাতৰিকাকতখনৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ ৰায় প্ৰদান কৰে।
বাতৰি অনুসৰি, অনুজ্ঞাপত্ৰ বাতিল হোৱাৰ বাবে ৰাছিয়াত নভোয়া গেজেটৰ আৰু কোনো কামকাজ নচলে আৰু বাতৰি কাকতখনৰ প্ৰকাশো বন্ধ হ’ব।
লগতে পঢ়ক: Liz Truss: ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী লিজ ট্ৰাছ; সৰ্বশক্তিৰে যুঁজ দিও পৰাজিত ভাৰতীয় মূলৰ ঋষি ছুনাক
ৰাছিয়াৰ মিডিয়া পৰ্যবেক্ষণ সংস্থাই জনাইছে যে বাতৰি কাকতখনে ২০০৬ চনত মালিকীস্বত্ব পৰিৱৰ্তন সম্পৰ্কীয় নথিপত্ৰ প্ৰদান কৰাত ব্যৰ্থ হৈছিল।
আদালতৰ বাহিৰত বাতৰি কাকতখনৰ পৰিচালন সম্পাদক নোবেল বঁটা বিজয়ী দিমিত্রি মুৰাটভে কয় যে এই ৰায়ৰ কোনো বৈধ ভিত্তি নাই। ৰাজনৈতিক উদ্দেশ্যৰে এনে ৰায় দিয়া হৈছে। তেওঁ ৰাছিয়াত গুৰুত্বপূৰ্ণ বাতৰি প্ৰকাশ কৰি থাকিব বুলি ঘোষণা কৰি কয় যে তেওঁ এই ৰায়ৰ বিৰুদ্ধে আবেদন কৰিব।
লগতে পঢ়ক: কাবুলত আত্মঘাতী বিস্ফোৰণত দুজন ৰাছিয়াৰ কূটনীতিবিদ সহ নিহত কমেও ২০ জন
ইপিনে, ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ কাৰ্যালয়ে ৰাছিয়াৰ আদালতৰ ৰায়ক “স্বতন্ত্ৰ মাধ্যমৰ ওপৰত আন এটা আঘাত” বুলি অভিহিত কৰিছে। সংস্থাটোৱে সংবাদ মাধ্যমৰ স্বাধীনতা সুৰক্ষিত কৰিবলৈ মস্কোক আহ্বান জনাইছে।