ইউক্ৰেইনৰ উত্তৰ-পূবৰ খাৰকিভত প্ৰচণ্ড যুঁজ অব্যাহত আছে। ৰাছিয়াৰ সংবাদ সংস্থাসমূহেও জনাইছে যে ৰাছিয়াই অঞ্চলটোলৈ নতুন সৈন্য প্ৰেৰণ কৰিছে। এই বাতৰি সংস্থাসমূহৰ দ্বাৰা প্ৰকাশিত ছবিবোৰত টেংক আৰু আৰ্টিলাৰী গোটৰ এটা বাহিনী খাৰকিভৰ ফালে আগবাঢ়ি যোৱা দেখা গৈছে।
ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে বাতৰি প্ৰকাশ পাইছিল যে ইউক্ৰেইনৰ সেনাই খাৰকিভক পুনৰ দখল কৰাৰ যুঁজত “বৃহৎ’ সফলতা লাভ কৰিছে। কিয়েভে বৃহস্পতিবাৰে দাবী কৰিছিল যে চহৰখন পুনৰুদ্ধাৰ কৰা হৈছে।
ৰাছিয়াৰ মুখপাত্ৰ গানচেভে কয়, “বালাকলিয়া এতিয়া আমাৰ নিয়ন্ত্ৰণত নাই,”। ইউক্ৰেইনৰ সেনাক উৎখাত কৰাৰ প্ৰচেষ্টাত ভয়ংকৰ যুঁজ চলি আছে।
Also read : Divorce Party: বন্ধন মুক্তিৰ উৎসৱ! ১৮ ব্যক্তিয়ে নাচি-বাগি উদযাপন কৰিলে বিবাহ বিচ্ছেদৰ আনন্দ
খাৰকিভত নিয়োজিত আন কেইবাজনো ৰাছিয়াৰ বিষয়াই কৈছে যে অঞ্চলটোৰ অসামৰিক লোকসকলক ৰাছিয়াৰ সীমান্তলৈ স্থানান্তৰ কৰা হৈছে।
ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ২৪ ফেব্ৰুৱাৰীত ইউক্ৰেইনত পূৱ ইউক্ৰেইনৰ ৰাছিয়াভাষী ডনবাছ অঞ্চলক অসামৰিককৰণ কৰি ৰখাৰ বাবে এক বিশেষ সামৰিক অভিযান আৰম্ভ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউৰোপীয় দেশসমূহে এই অভিযানক “পুটিনৰ ভূমি আগ্ৰাসন” বুলি অভিহিত কৰিছে। এই পশ্চিমীয়া দেশসমূহে মস্কোৰ বিৰুদ্ধে কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছে।
ৰাছিয়াই কৈছে যে যদি ইউক্ৰেনে মস্কোৰ এলানি দাবী স্বীকাৰ কৰে তেন্তে সামৰিক অভিযান বন্ধ হ’ব। এই দাবীবোৰৰ ভিতৰত ইউক্ৰেনে প্ৰতিশ্ৰুতি দিব লাগিব যে দেশখনে কেতিয়াও নাটো মিত্ৰতাত যোগদান নকৰে।
Also read : Asia Cup Final: এছিয়া কাপ শ্ৰীলংকাৰ; চাপত হাৰ মানিলে পাকিস্তানে