Student jack freeman earned 664 crores এমাহতে ৬৬৪ কোটি টকাৰ গৰাকী হ’ল এগৰাকী ২০ বছৰীয়া যুৱক। কিন্তু যুৱকজনৰ পৰিয়ালে এই বৃহৎ পৰিমাণৰ ধন পোৱাৰ বাবে আতংকিত হৈ পৰিছে। তেওঁ এতিয়াও ইমান টকাৰে কি কৰিব লাগে জানিব পৰা হোৱা নাই। তেওঁ কয় যে তেওঁ পঢ়াশুনাত ব্যস্ত থাকিব বিচাৰে।
যুৱকজনৰ নাম জেক ফ্ৰীমেন। তেওঁ দক্ষিণ কেলিফৰ্ণিয়াৰ এখন বিশ্ববিদ্যালয়ত গণিত আৰু অৰ্থনীতি অধ্যয়ন কৰি আছে। জেকে ইমান কম সময়ৰ ভিতৰত কেনেকৈ ইমান টকাৰ মালিক হ’ব পাৰিলে? কেইবাটাও সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, তেওঁ যোৱা বছৰ জুলাইত ৫০ লাখ শ্বেয়াৰ ক্ৰয় কৰিছিল। প্ৰতিটো শ্বেয়াৰৰ ব্যয় আছিল ৪৪০ টকা। এমাহ পিছত তেওঁ ৪৪০ টকাত ক্ৰয় কৰা প্ৰতিটো শ্বেয়াৰৰ মূল্য হৈ পৰিল ২,১৬০ টকা।
লগতে পঢ়ক: আঁৰত ৰহস্য! ৫২ বছৰ বয়সত NEET-ৰ মেধা তালিকাত নাম অন্তৰ্ভুক্ত কৰিও মেডিকেল নপঢ়ে প্ৰদীপে
শ্বেয়াৰৰ মূল্য বাঢ়ি যোৱাৰ লগে লগে জেকে বিক্ৰী কৰিবলৈ এক মুহূৰ্তৰ বাবেও পলম কৰা নাছিল। তেওঁ সকলো শ্বেয়াৰ বিক্ৰী কৰি ৮৯৭ কোটি টকা উপাৰ্জন কৰিছিল। অৰ্থাৎ তেওঁ এমাহত ৬৬৪ কোটি টকা লাভ কৰে।
আৰক্ষীৰ সূত্ৰ অনুসৰি, জেকে শ্বেয়াৰ ক্ৰয় কৰা কোম্পানীটোৰ চিএফঅ’ গুস্তাভো আৰ্নালৰ বিৰুদ্ধে ভিতৰুৱা ব্যৱসায়ৰ অভিযোগ উত্থাপিত হৈছিল। ফলস্বৰূপে আন অংশীদাৰসকলে বৃহৎ বিত্তীয় লোকচানৰ সন্মুখীন হয়। গুস্তাভোৱে ম্যানহাটানত থকা তেওঁৰ বাসগৃহৰ ১৯ তম মহলাৰ পৰা জঁপিয়াই আত্মহত্যা কৰে।
ডেইলী মেইলৰ আগত জেকে কয়, “মোৰ মা-দেউতাই বৃহৎ পৰিমাণৰ ধন পোৱাৰ পিছৰে পৰা যথেষ্ট চিন্তিত হৈ পৰিছে। তেওঁলোকে ভয় কৰে যে মোক অপহৰণ কৰা হ’ব পাৰে। কিন্তু মই ইয়াক লৈ ইমান চিন্তিত নহয়। সদ্যহতে মই মোৰ পিএইচডিৰ বাবে ব্যস্ত থাকিব বিচাৰো।”
লগতে পঢ়ক: যুদ্ধৰ খৱৰ! ইউক্ৰেইনৰ চহৰ বালাকলিয়াৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাইছে ৰাছিয়াই
কিন্তু জেকে বিনিয়োগ কৰিবলৈ সেই বৃহৎ পৰিমাণৰ ধন ক’ত পাইছিল? এই সন্দৰ্ভত জেকে কয় যে তেওঁ বন্ধুবৰ্গ, আত্মীয় আৰু পৰিয়ালৰ সদস্যসকলৰ পৰা এই টকা ধাৰ লৈছিল।