• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইডিৰ তালাচী: প্ৰায় ১৫ ঘণ্টাৰ মাৰাথন অভিযানত আমিৰ খানৰ ঘৰৰ পৰা উদ্ধাৰ ১৮ কোটি টকা

এন ই নাও নিউজ, কলকাতা by এন ই নাও নিউজ, কলকাতা
September 11, 2022 9:29 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰায় ১৫ ঘণ্টা মাৰাথন তালাচী অভিযান চলাই প্ৰৱৰ্তন সঞ্চালকালয়ৰ (ইডি) বিষয়াসকলে কলকাতাৰ গাৰ্ডেনৰিচৰ ব্যৱসায়ী আমিৰ খানৰ ঘৰৰ পৰা ওলাই যায়। শনিবাৰে পুৱা প্ৰায় ৮-৩০বজাত ইডিয়ে কলকাতাৰ গাৰ্ডেনৰিচকে ধৰি ৬টা স্থানত তালাচী অভিযান আৰম্ভ কৰে। কেৱল গাৰ্ডেনৰিচত আমিৰৰ ঘৰৰ পৰাই নগদ ১৭.৩২ কোটি টকা উদ্ধাৰ কৰা হৈছে।

ইডিৰ এক সূত্ৰ অনুসৰি ইয়াৰ উপৰিও তেওঁৰ নিউটাউন কাৰ্যালয়ৰ পৰাও কেইবা কোটি নগদ ধন উদ্ধাৰ কৰা হৈছে।

লগতে পঢ়ক: আঁৰত ৰহস্য! ৫২ বছৰ বয়সত NEET-ৰ মেধা তালিকাত নাম অন্তৰ্ভুক্ত কৰিও মেডিকেল নপঢ়ে প্ৰদীপে

Apply Now

শনিবাৰে ৰাতিপুৱা বেংক কৰ্মচাৰীসকলে গাৰ্ডেনৰিচত আমিৰৰ ঘৰত টকা গণনা কৰিবলৈ আৰম্ভ কৰে। ঘৰটোত আৰু টকা আছে নে নাই জানিবলৈ ইডিৰ বিষয়াসকলে তালাচী চলাই আছিল। ৰাতিপুৱাৰ পৰা নিশালৈকে নোট গণনা যন্ত্ৰত আমিৰৰ ঘৰৰ পৰা উদ্ধাৰ হোৱা ধন গণনাৰ কাম অব্যাহত আছিল।

এটা সময়ত নগদ ধন ভৰ্তি ট্ৰাংকে ট্ৰাংকে টকা আমিৰৰ ঘৰৰ বাহিৰত ৰখাই থোৱা এখন ট্ৰাকত তোলা হয়। সেইদৰে, আমিৰৰ ঘৰত এটাৰ পিছত এটা খালী ট্ৰাংক সুমুৱাই দিয়া হৈছে। উদ্ধাৰ কৰা বৃহৎ পৰিমাণৰ ধন সেই ট্ৰাংকবোৰত লৈ যোৱা হয়। ইডি সূত্ৰৰ মতে উদ্ধাৰ হোৱা টকাৰ পৰিমাণ হৈছে ১৭.৩২ কোটি টকা। ধন উদ্ধাৰ হোৱাৰ পিছত আমিৰৰ ঘৰৰ লোকসকলকো সোধা-পোছা কৰা হয়।

সূত্ৰ অনুসৰি, ইডিয়ে এটা মোবাইল গেমিং এপৰ জৰিয়তে বিত্তীয় জালিয়াতিৰ অভিযোগৰ তদন্তৰ সন্দৰ্ভত চহৰখনৰ ছয়টা স্থানত অভিযান আৰম্ভ কৰিছিল যাৰ ভিতৰত আছে গাৰ্ডেনৰিচৰ শ্বাহী আস্তাবল গলি, পাৰ্ক ষ্ট্ৰীট, মমিনপুৰৰ বন্দৰ এলেকা আৰু নিউ টাউন। অভিযানৰ সময়ত আমিৰৰ ঘৰৰ বাহিৰত চিআৰপিএফ জোৱান মোতায়েন কৰা হৈছিল।

লগতে পঢ়ক: “কাক প্ৰতাৰণা কৰিছে?”: হিমন্ত বিশ্ব শৰ্মাৰ পুৰণি টুইটেৰে প্ৰধানমন্ত্ৰী মোদীক সাৱধানবাণী কংগ্ৰেছ নেতাৰ

দৰাচলতে, শনিবাৰে ৰাতিপুৱা ইডিৰ বিষয়াসকলে গাৰ্ডেনৰিচৰ শ্বাহী আস্তাবল গলিত থকা আমিৰৰ দুমহলীয়া ঘৰত উপস্থিত হৈছিল। দুমহলীয়া ঘৰটোত তালাচী চলোৱাৰ কেইঘণ্টামানৰ ভিতৰতে অসংখ্য প্লাষ্টিকৰ মোনাত মেৰিয়াই থোৱা নোটৰ বাণ্ডিলবোৰ সন্মুখলৈ আহে।

জানিব পৰা মতে, দ্বিতীয় মহলাৰ এটা কোঠাৰ বিচনাৰ পৰা অসংখ্য বাণ্ডিলত মেৰিয়াই থোৱা ৫০০ টকাৰ বেংকনোট উদ্ধাৰ হ’বলৈ আৰম্ভ কৰিছিল। সেইবোৰ  বেছিভাগ প্লাষ্টিকৰ মোনাত মেৰিয়াই খাটৰ তলত ৰখা হৈছিল। সেই মোনাবোৰত ২,০০০ টকাৰ কেইবাটাও বাণ্ডিলো ৰখা আছিল। এটা সময়ত ষ্টেট বেংকৰ কৰ্মচাৰীসকলে ঠাকে ঠাকে সজাই থোৱা ধনৰ বাণ্ডিলবোৰ গণনা কৰিবলৈ আহে। আঠটা নোট গণনা যন্ত্ৰও অনা হয়।

লগতে পঢ়ক: এমাহতে ৬৬৪ কোটি টকা উপাৰ্জন মহাবিদ্যালয়ৰ ছাত্ৰৰ! অপহৰণৰ ভয়ত শংকিত পিতৃ-মাতৃ

দেখা যায় যে আমিৰৰ ঘৰৰ দুৱাৰৰ বাহিৰত ১০ টা ষ্টীলৰ ট্ৰাংকভৰ্তি এখন ট্ৰাক থিয় হৈ আছিল। ৰাতি আমিৰৰ ঘৰলৈ আৰু কেইটামান ষ্টীলৰ ট্ৰাংক অনা হৈছিল। গাৰ্ডেনৰিচত আমিৰৰ ঘৰৰ পৰা উদ্ধাৰ হোৱা কোটি কোটি টকা এইদৰে ট্ৰাকত লৈ যোৱা হয়।

এন ই নাও নিউজ, কলকাতা

এন ই নাও নিউজ, কলকাতা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকৰ পূৰ্বে মমতা-কেজৰিৱালৰ গোপন বৈঠকক লৈ বৃদ্ধি পাইছে জল্পনা-কল্পনা

ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকৰ পূৰ্বে মমতা-কেজৰিৱালৰ গোপন বৈঠকক লৈ বৃদ্ধি পাইছে জল্পনা-কল্পনা

June 8, 2026 8:11 am
‘আপুনি হয় মূৰ্খ নহয় অসৎ’, সাক্ষাৎকাৰৰ মাজতে মাইক্ৰ’ফোন দলিয়াই উঠি গ’ল ড’নাল্ড ট্ৰাম্প

‘আপুনি হয় মূৰ্খ নহয় অসৎ’, সাক্ষাৎকাৰৰ মাজতে মাইক্ৰ’ফোন দলিয়াই উঠি গ’ল ড’নাল্ড ট্ৰাম্প

June 8, 2026 7:42 am
হাতত ধৰি শিকাব নালাগে; মাকক দেখিয়েই এই ৬টা শিক্ষা লাভ কৰে শিশুৱে

হাতত ধৰি শিকাব নালাগে; মাকক দেখিয়েই এই ৬টা শিক্ষা লাভ কৰে শিশুৱে

June 8, 2026 7:01 am
শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকৰ পূৰ্বে মমতা-কেজৰিৱালৰ গোপন বৈঠকক লৈ বৃদ্ধি পাইছে জল্পনা-কল্পনা

ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকৰ পূৰ্বে মমতা-কেজৰিৱালৰ গোপন বৈঠকক লৈ বৃদ্ধি পাইছে জল্পনা-কল্পনা

June 8, 2026 8:11 am
‘আপুনি হয় মূৰ্খ নহয় অসৎ’, সাক্ষাৎকাৰৰ মাজতে মাইক্ৰ’ফোন দলিয়াই উঠি গ’ল ড’নাল্ড ট্ৰাম্প

‘আপুনি হয় মূৰ্খ নহয় অসৎ’, সাক্ষাৎকাৰৰ মাজতে মাইক্ৰ’ফোন দলিয়াই উঠি গ’ল ড’নাল্ড ট্ৰাম্প

June 8, 2026 7:42 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd