• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাছিয়াৰ নাগৰিকত্ব পোৱাৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰত চোৰাংচোৱাগিৰিত অভিযুক্ত স্নোডেনে কি ক’লে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 27, 2022 6:24 pm
ৰাছিয়াৰ নাগৰিকত্ব পোৱাৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰত চোৰাংচোৱাগিৰিত অভিযুক্ত স্নোডেনে কি ক’লে?
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় সুৰক্ষা সংস্থাৰ প্ৰাক্তন ঠিকাদাৰ এডৱাৰ্ড স্নোডেনক ৰাছিয়াই নাগৰিকত্ব প্ৰদান কৰিছে। মঙলবাৰে এক বিশেষ নিৰ্দেশনাত পুটিনে স্নোডেনৰ নাগৰিকত্ব নিশ্চিত কৰে।

স্নোডেনক আমেৰিকা যুক্তৰাষ্ট্ৰই চোৰাংচোৱা আৰু চৰকাৰী তথ্য চুৰি কৰাৰ অভিযোগত ৩০ বছৰৰ কাৰাদণ্ড বিহিছিল। ২০১৩ চনত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰত গণ নিৰীক্ষণৰ বিষয়ে সংবাদ মাধ্যমৰ ওচৰত তথ্য প্ৰকাশ কৰিছিল। এই ঘটনাৰ পিছতে তেওঁ হংকং হৈ ৰাছিয়ালৈ পলাই যায়।

স্নোডেন আৰু তেওঁৰ পত্নী লিণ্ডচে মিলছে ২০২০ চনত ৰাছিয়াৰ নাগৰিকত্বৰ বাবে আবেদন কৰিছিল। ৩৯ বছৰীয়া প্ৰাক্তন চিআইএৰ প্ৰাক্তন ঠিকাদাৰজন এতিয়া মস্কোত বাস কৰে। মঙলবাৰে নাগৰিকত্ব প্ৰদান নোহোৱালৈকে তেওঁক ৰাছিয়াত স্থায়ী বাসস্থান প্ৰদান কৰা হৈছিল।

স্নোডেনে টুইটাৰত লিখিছে, “১০ বছৰৰ নিৰ্বাসন আৰু দুবছৰৰ অপেক্ষাৰ পিছত ই (নাগৰিকত্ব) মোৰ পৰিয়ালক অলপ স্থিৰতা প্ৰদান কৰিব।” তেওঁ তেওঁৰ পৰিয়ালৰ সকলো সদস্যৰ সুৰক্ষাৰ বাবে প্ৰাৰ্থনা কৰিছে। স্নোডেনে লিখিছে, “মই বহু বছৰ ধৰি মোৰ পিতৃ-মাতৃৰ পৰা পৃথক হৈ আছোঁ। মোৰ পত্নী আৰু মোৰ সন্তানৰ পৰা পৃথক হৈ থকাৰ কোনো ইচ্ছা নাই।

After years of separation from our parents, my wife and I have no desire to be separated from our SONS.

After two years of waiting and nearly ten years of exile, a little stability will make a difference for my family. I pray for privacy for them—and for us all. https://t.co/24NUK21TAo pic.twitter.com/qLfp47uzZ4

— Edward Snowden (@Snowden) September 26, 2022

২০১৩ চনত স্নোডেনে আমেৰিকাৰ নিৰাপত্তা ঠিকাদাৰ বাজ এলান হেমিল্টনৰ কৰ্মচাৰী হিচাপে আমেৰিকাৰ হাৱাই দ্বীপত কাম কৰিছিল। কোম্পানীটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় সুৰক্ষা সংস্থাৰ (এনএছএ) ঠিকাদাৰ আছিল। তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত অসাধাৰণ দক্ষতাৰ অধিকাৰী স্নোডেনে  এনএছএৰ ‘টপ চিক্ৰেট’ শ্ৰেণীৰ বৃহৎ পৰিমাণৰ তথ্য সংবাদ মাধ্যম গাৰ্ডিয়ানক প্ৰদান কৰাৰ সিদ্ধান্ত লয়।

২০১৩ চনৰ জুনত গ্লেন গ্ৰীণৱৰ্ল্ডে তেওঁৰ দ্বাৰা প্ৰদান কৰা তথ্য প্ৰমানৰ ওপৰত ভিত্তি কৰি গাৰ্ডিয়ানত এলানি ধাৰাবাহিক প্ৰতিবেদন লিখিবলৈ আৰম্ভ কৰে। ফলত আমেৰিকাৰ শাসকপক্ষৰ মূৰত যেন বজ্ৰপাত হয়, খঙত ফাটি পৰে হোৱাইট হাউচ। এডৱাৰ্ড স্নোডেন তেওঁৰ নিজ দেশৰ চৰকাৰৰ বাবে ‘মোষ্ট ৱাণ্টেড আমেৰিকান’ হৈ পৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰে তেওঁৰ বিৰুদ্ধে এক আন্তৰ্জাতিক পৰোৱানা জাৰি কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যপালৰ বিধেয়ক গৃহীত কৰাৰ ক্ষমতাক লৈ উচ্চতম ন্যায়ালয়ৰ আপত্তি, কেন্দ্ৰই কি দিলে সঁহাৰি?

ৰাজ্যপালৰ বিধেয়ক গৃহীত কৰাৰ ক্ষমতাক লৈ উচ্চতম ন্যায়ালয়ৰ আপত্তি, কেন্দ্ৰই কি দিলে সঁহাৰি?

August 20, 2025 9:00 pm
জি এম চি এইছৰ ঘটনাৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

জি এম চি এইছৰ ঘটনাৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

August 20, 2025 7:29 pm
অসমৰ প্ৰখ্যাত বাতৰিকাকত দ্যা আসাম ট্ৰিবিউন ক্ৰয় কৰিব সৰ্বানন্দ সোণোৱালে! ডা° ভবেন চৌধুৰীৰ প্ৰতিক্ৰিয়া

অসমৰ প্ৰখ্যাত বাতৰিকাকত দ্যা আসাম ট্ৰিবিউন ক্ৰয় কৰিব সৰ্বানন্দ সোণোৱালে! ডা° ভবেন চৌধুৰীৰ প্ৰতিক্ৰিয়া

August 20, 2025 7:15 pm
জাননী অবিহনে আঁতৰাই দিয়া হ’ল জ্যেষ্ঠ সাংবাদিক তথা গিল্ডৰ সম্পাদক ৰুবেন বেনাৰ্জীৰ ইউটিউব চেনেল

জাননী অবিহনে আঁতৰাই দিয়া হ’ল জ্যেষ্ঠ সাংবাদিক তথা গিল্ডৰ সম্পাদক ৰুবেন বেনাৰ্জীৰ ইউটিউব চেনেল

August 20, 2025 5:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যপালৰ বিধেয়ক গৃহীত কৰাৰ ক্ষমতাক লৈ উচ্চতম ন্যায়ালয়ৰ আপত্তি, কেন্দ্ৰই কি দিলে সঁহাৰি?

ৰাজ্যপালৰ বিধেয়ক গৃহীত কৰাৰ ক্ষমতাক লৈ উচ্চতম ন্যায়ালয়ৰ আপত্তি, কেন্দ্ৰই কি দিলে সঁহাৰি?

August 20, 2025 9:00 pm
জি এম চি এইছৰ ঘটনাৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

জি এম চি এইছৰ ঘটনাৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

August 20, 2025 7:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd