• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতীয় জনতা পাৰ্টিৰ ৩০ কোটিটকীয়া অফিচ

 পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
October 8, 2022 8:12 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় জনতা পাৰ্টি শাসনলৈ অহাৰ পিছত তেওঁলোকে আটাইতকৈ বেছি গুৰুত্ব দিয়া কথাটো হৈছে নিজৰ পাৰ্টিটো।ধনে,জনে পাৰ্টিটো চহকী কৰিবলৈ তেওঁলোক উঠিপৰি লাগিছে।নৰেন্দ্ৰ মোদী ক্ষমতালৈ অহাৰ পিছতে দিল্লীৰ আইটিঅ’ত ২০১৮ চনৰ ১৮ ফেব্ৰুৱাৰীত ভাৰতীয় জনতা পাৰ্টিয়ে তেওঁলোকৰ নতুন কেন্দ্ৰীয় অফিচটো উদ্বোধন কৰিছিল।সকলো সুবিধা থকা প্ৰায় ১.৭০ লাখ বৰ্গ ফুটৰ তিনি মহলীয়া এই অফিচটো হেনো পৃথিৱীৰ সকলো ৰাজনৈতিক দলৰ অফিচতকৈ ডাঙৰ।এতিয়া ভাৰতৰ প্ৰতিখন ৰাজ্যতে বিজেপিৰ আটক ধুনীয়া অফিচ।গুৱাহাটীতো বিজেপিয়ে ৩০ কোটি টকা খৰচ কৰি ছবিঘা মাটিৰ চৌহদত চাৰি বিঘা মাটি আবৰি ৬০,০০০ হাজাৰ বৰ্গ ফুটৰ সাত মহলীয়া এটা সৰ্বাঙ্গ সুন্দৰ অফিচ কৰিছে বেলতলাত।

আজি জাকজমকতাৰে এই অফিচটো উদ্বোধন কৰা হৈছে। পঞ্চতাৰকাযুক্ত হোটেলৰ দৰে ৰাজনৈতিক দলৰ এনে এটা অফিচ ইয়াৰ আগতে আমি কেতিয়াও দেখা নাছিলোঁ।মাজতে শুনিলোঁ অসম বিজেপিয়ে তেওঁলোকৰ কৰ্মকৰ্তা সকলৰ সুবিধাৰ কাৰণে ৪৮খন বলেৰ’-স্ক’ৰপিঅ’ কিনিলে। এটা ৰাজনৈতিক দলে নিজকে ধনবল,জনবল আদিৰে সাংগঠনিকভাবে শক্তিশালী কৰিবলৈ বিচৰাটোত আপত্তি কৰিবলগা নাই।সকলো ৰাজনৈতিক দলেই সেইটো কৰিব পাৰে। কিন্তু, যোৱা কেইবছৰমানত বিজেপিয়ে যি ধৰণে নিজকে সম্পদশালী আৰু শক্তিশালী কৰিছে,তেওঁলোকৰ চাৰিওফালে আমি যি ধৰণৰ লাহবিলাহ, অন্তহীন সা-সুবিধা, ধন দৌলত আৰু সম্পদৰ পয়োভৰ দেখিছোঁ- এই কথাটোৱে কি সূচায়? এইটোৱে সূচায় যে বিজেপি বৰ্তমানৰ চৰকাৰী যন্ত্ৰটো অতিক্ৰমি এটা অতিৰিক্ত ক্ষমতা কেন্দ্ৰ গঢ় দিয়াত ব্যস্ত।তেওঁলোকে যে শেহতীয়াভাবে ইমান সম্পদশালীহৈ পৰিছে,সেইটো কেনেকৈ সম্ভৱ হৈছে? কেন্দ্ৰ আৰু ৰাজ্যত তেওঁলোকৰ চৰকাৰ নাথাকিলে তেওঁলোকৰ আজিৰ দৰে ৰমৰমীয়া অৱস্থা হ’লহেঁতেননে? কেতিয়াও নহ’লহেঁতেন।তেওঁলোকে প্ৰত্যক্ষ বা পৰোক্ষভাবে চৰকাৰী ক্ষমতা নিজৰ দলটোক শক্তিশালী কৰা কামত ব্যৱহাৰ কৰিছে।

Apply Now

বিজেপিয়ে নিজৰ দলটোক এনেদৰে শক্তিশালী কৰাত আমাৰ আপত্তি কৰিবলগীয়া কি আছে? দেখাত আমাৰ আপত্তি কৰিবলগীয়া একো নাই।প্ৰতিটো ৰাজনৈতিক দলেই নিজকে সাংগঠনিকভাবে সুদৃঢ় কৰাত আমাৰ আপত্তি কৰাৰ কথা নাই।কিন্তু, তেওঁলোকে যে দলটোক চৰকাৰতকৈও অধিক গুৰুত্ব দিবলৈ ধৰিছে বা চৰকাৰী যন্ত্ৰটো দলক শক্তিশালী কৰাত ব্যৱহাৰ কৰিছে, সেইটোৱেহে আমাক শংকিত কৰিছে।চৰকাৰ সদায় দল নিৰপেক্ষ হ’ব লাগিব।চৰকাৰ চলিব লাগিব সাংবিধানিক প্ৰমূল্য আৰু সাংবিধানিক কাৰ্যসূচীৰ ভিত্তিত।কোনো দলেই এই সাংবিধানিক প্ৰমূল্য আৰু সাংবিধানিক কাৰ্যসূচীৰ বাহিৰত বা তাক অতিক্ৰম কৰি নিজৰ দলীয় আদৰ্শ বা কাৰ্যসূচীক প্ৰাধান্য দিব নোৱাৰিব।

দেখাত বিজেপি দলে ভাৰতীয় সংবিধানৰ প্ৰতি আনুগত্য প্ৰদৰ্শন কৰে।কিন্তু, কাৰ্যতঃ তেওঁলোকে কি কৰিছে ? এইখিনিতে আমি জনা উচিত আমাৰ দেশৰ সাংবিধানিক প্ৰমূল্য কি? ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত কোৱা হৈছেঃ “জনসাধাৰণৰ সকলো অংশৰ মাজতে চিন্তা, মতামত প্ৰকাশ, উপাসনা আৰু বিশ্বাসৰ স্বাধীনতা সুনিশ্চিত কৰা হওঁকl সকলো ব্যক্তিৰ মাজত অৰ্থনৈতিক সা-সুবিধা আৰু সম মৰ্যাদা অক্ষুণ্ণ ৰাখি তেওঁলোকৰ মাজত ভাতৃত্ববোধ জগাই তোলাৰ সাংবিধানিক সুৰক্ষাও ৰাষ্ট্ৰই নিশ্চিত কৰক৷” কিন্তু, হিন্দু ৰাষ্ট্ৰত বিশ্বাসী ভাৰতীয় জনতা পাৰ্টিয়ে সংবিধানৰ প্ৰস্তাৱনাত থকা এই প্ৰমূল্যত বিশ্বাস নকৰে।তেওঁলোকে হিন্দু- মুছলমানক সমদৃষ্টিৰে নাচায়।

ভাৰতত হিন্দু সকল সংখ্যাগুৰু হোৱা সত্বেও মুছলমান আৰু অন্যান্য সংখ্যালঘুসকল হিন্দুসকলৰ বাবে বিপজ্জনক বুলি বিজেপিয়ে সদায় প্ৰচাৰ কৰি আহিছে।মুছলমান আৰু অন্যান্য সংখ্যালঘু সকলক নানা অপবাদ দি, তেওঁলোকৰ বিৰুদ্ধে মনেসজা কাহিনী সৃষ্টি কৰি তেওঁলোকক বিজেপিৰ সমৰ্থকসকলে হাৰাশাস্তি কৰি আহিছে।ইয়াৰ মূল কাৰণ হ’ল সংখ্যালঘুসকলৰ বিৰুদ্ধে হিন্দুসকলক ঐক্যবদ্ধ কৰি হিন্দুক ভোটবেংক হিচাপে ব্যৱহাৰ কৰি ভাৰতত হিন্দুৰাষ্ট্ৰ স্থাপন কৰি বিজেপিৰ শাসন গজগজীয়া কৰা।এইটো কৰিবলৈ বিজেপিক এটা মজবুত কাঠামো লাগে।সেই মজবুত কাঠামোটো হৈছে তেওঁলোকৰ পাৰ্টিটো।তেওঁলোকৰ পাৰ্টিটো যে অতি মজবুত আৰু বৃহৎ সেইটো কেনেকৈ প্ৰতিপন্ন কৰিব তেওঁলোকৰ যদি প্ৰকাণ্ড প্ৰকাণ্ড অফিচ নাথাকে,তেওঁলোকৰ যদি বৃহৎ পৰিমাণৰ দলীয় পুঁজি নাথাকে?

তেওঁলোকৰ যদি অগণন গাড়ী মটৰ নাথাকে! তেওঁলোকৰ যদি লাখ লাখ সদস্য নাথাকে? শেহতীয়া হিচাপ মতে ভাৰতীয় জনতা পাৰ্টিৰ মুঠ সম্পদৰ পৰিমাণ হ’ল ৪৮৪৭.৭৮ কোটি টকা।ই সকলো ৰাজনৈতিক দলৰ মুঠ সম্পদৰ প্ৰায় ৭০% শতাংশ।সেই কাৰণেই আজি গুৱাহাটীত বিজেপিয়ে এতিয়া ৩৫ কোটিৰ অফিচ কৰা দেখিছোঁ।এইবোৰৰ মূল উদ্দেশ্য হৈছে এটা বৃহৎ পাৰ্টি কাঠামো সৃষ্টি কৰি চৰকাৰী যন্ত্ৰটো নিজৰ ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰা।সেই ৰাজনৈতিক স্বাৰ্থটো কি? জনসাধাৰণক ধৰ্মৰ নামত বিভাজন কৰা, তেওঁলোকৰ মাজত দেশপ্ৰেমৰ উন্মাদনা সৃষ্টি কৰা,দেশৰ সম্পদ বিজেপিৰ লগত ভাল সম্পৰ্ক থকা আদানী,আম্বানী আদিক গতাই দিয়া আৰু হিতাধিকাৰী সৃষ্টি কৰি বিজেপিৰ শাসন মজবুত আৰু স্থায়ী কৰা।

 পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

June 5, 2026 6:24 pm
পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

June 5, 2026 6:05 pm
জনপ্ৰিয় শিক্ষাবিদ খান ছাৰৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

জনপ্ৰিয় শিক্ষাবিদ খান ছাৰৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

June 5, 2026 6:02 pm
নিৰ্বাচনী গোচৰ নিষ্পত্তিত পলম হ’লে ভাৰতত একনায়কত্ববাদ আহিব পাৰে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্য

নিৰ্বাচনী গোচৰ নিষ্পত্তিত পলম হ’লে ভাৰতত একনায়কত্ববাদ আহিব পাৰে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্য

June 5, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

June 5, 2026 6:24 pm
পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

June 5, 2026 6:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd