• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এপিএছচিয়ে অনুষ্ঠিত কৰা সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা, ২০২০-ৰ চূড়ান্ত ফলাফল ঘোষণা

তালিকাৰ শীৰ্ষত বাক্সাৰ বিজিত পাঠক

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
October 21, 2022 7:36 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম লোক সেৱা আয়োগে (এপিএছচি)-য়ে অনুষ্ঠিত কৰা সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা ২০২০-ৰ চূড়ান্ত ফলাফল প্ৰকাশ কৰা হৈছে। আজি ঘোষণা কৰা হয় সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা ২০২০-ৰ চূড়ান্ত ফলাফল। প্ৰাৰ্থীসকলে তেওঁলোকৰ ফলাফল এপিএছচিৰ অফিচিয়েল ৱেবছাইট apsc.nic.in পৰা ডাউনলোড কৰিব পাৰিব।এইবাৰ তালিকাৰ শীৰ্ষত বাক্সাৰ বিজিত পাঠক।

আজি ঘোষণা কৰা ফলাফল অনুসৰি অসম আৰক্ষী সেৱা (এ পি এছ)ৰ বাবে ৬৯ জন, কৰ অধীক্ষক পদৰ বাবে ৬ জন, জিলা পৰিবহন বিষয়া (ডিটিঅ’)ৰ বাবে ৫ জন, শ্ৰম পৰিদৰ্শকৰ বাবে ১৮ জন,উপ-পঞ্জীয়ক পদৰ বাবে ৩১ জন , উদ্যোগ বিভাগৰ সহ-প্ৰবন্ধক পদৰ বাবে ১০ জন,কৰ পৰিদৰ্শক পদৰ বাবে ২৭ জন , আবকাৰী পৰিদৰ্শক পদৰ বাবে ৭ জন, খণ্ড উন্নয়ন বিষয়া পদৰ বাবে ৩৩ জন, সহকাৰী নিয়োগ বিষয়া পদৰ বাবে ৪ জনক প্ৰাৰ্থীক বাছনি কৰা হৈছে ।

Apply Now

উল্লেখ্য এই পৰীক্ষাৰ সাক্ষাৎকাৰ ৰাউণ্ডটো ২০২০ চনৰ ২৬ মেৰ পৰা ৪ জুনলৈ অনুষ্ঠিত হৈছিল।এপিএছচিৰ এই পৰীক্ষাবোৰ বিভিন্ন সেৱা/পদত নিযুক্তিৰ বাবে অনুষ্ঠিত কৰা হয়। যাৰ ভিতৰত আছে – অসম অসামৰিক সেৱা (জুনিয়ৰ গ্ৰেড), অসম আৰক্ষী সেৱা (জুনিয়ৰ গ্ৰেড), কৰ অধীক্ষক, শ্ৰম পৰিদৰ্শক, আবকাৰী পৰিদৰ্শক আৰু অন্যান্য। মুঠ ৩৩১ টা খালী পদ পূৰণ কৰিবলৈ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল।

ফলাফল ডাউনলোড কৰিবলৈ অফিচিয়েল ৱেবছাইট apsc.nic.in লৈ যাব পাৰে। হোমপেজত, ফলাফল টেবত ক্লিক কৰক,এতিয়া “চিচিই-২০২০-ৰ চূড়ান্ত ফলাফল” ত ক্লিক কৰক,ফলাফল পৰ্দাত প্ৰদৰ্শিত হ’ব।উল্লেখ্য ভাষা বিষয়ক প্ৰশ্নকাকতক লৈ চলা বিবাদৰ বাবে এপিএছচিয়ে অনুষ্ঠিত কৰা সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা ২০২০-ৰ চূড়ান্ত ফলাফল ঘোষণাত যথেষ্ট পলম হয়।ইপিনে আজি গুৱাহাটী উচ্চন্যায়ালয়ে অসম লোকসেৱা আয়োগৰ ভাষা বিষয়ক প্ৰশ্নকাকতক লৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তকে বাহাল ৰাখি ৰায়দান কৰে। আদালতে সেই ৰায়ৰ ভিত্তিতে সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা ২০২০-ৰ চূড়ান্ত ফলাফল ঘোষণা কৰিবলৈ কয়।

গুৱাহাটী উচ্চ ন্যায়ালয়ে দীৰ্ঘদিন ধৰিবিতৰ্কৰ সূচনা কৰি থকা অসমীয়া ভাষা বিষয়ক পৰীক্ষা অবিহনেই ফলাফল ঘোষণা কৰাৰ বাবে অসম লোকসেৱা আয়োগক নিৰ্দেশ দিয়ে। উল্লেখ্য অসম চৰকাৰে বাধ্যতামূলক অসমীয়া ভাষা বিষয়ক প্ৰশ্নকাকত প্ৰত্যাহাৰ কৰিবলৈ বঙাইগাঁৱত অনুষ্ঠিত কেবিনেট বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰিছিল। চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু বিষয়টো সন্দৰ্ভত গুৱাহাটী উচ্চন্যায়ালয়ত কেইবাখনো ৰাজহুৱা স্বাৰ্থ জৰিত আবেদন কৰা হৈছিল। তেনে আবেদনৰ শুনানিৰ সময়তে গুৱাহাটী উচ্চন্যায়ালয়ে চৰকাৰৰ সিদ্ধান্তকে বাহাল ৰখাৰ নিৰ্দেশ দিয়ে। উল্লেখ্য ২০২০ৰ মূল পৰীক্ষা ভাষা বিষয়ক প্ৰশ্নকাকত অবিহনে অনুষ্ঠিত কৰাৰ বাবেই এই পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব পৰা হোৱা নাছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ৰ পিছত সেই বাধা আঁতৰিল।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

June 21, 2026 9:29 pm
আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

June 21, 2026 8:43 pm
গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

June 21, 2026 7:58 pm
গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

June 21, 2026 7:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

June 21, 2026 9:29 pm
আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

June 21, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd