• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গণতন্ত্ৰৰ সম্পদ! স্বাধীন ভাৰতৰ প্ৰথম ভোটাৰ শ্যাম চৰণ নেগীৰ ১০৬ বছৰ বয়সত দেহাৱসান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 5, 2022 3:08 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Independent India’s first voter Shyam Saran Negi passes away স্বাধীন ভাৰতৰ প্ৰথম ভোটাৰ শ্যাম চৰণ নেগীৰ দেহাৱসান ঘটিছে। শনিবাৰে ৰাতিপুৱা ১০৬ বছৰ বয়সত তেওঁৰ মৃত্যু হয়। নেগী ভাৰতৰ হিমাচল প্ৰদেশৰ কিন্নৌৰ জিলাৰ কল্পাৰ বাসিন্দা আছিল। তেওঁ আগন্তুক হিমাচল প্ৰদেশ বিধানসভা নিৰ্বাচনৰ বাবে ২ নৱেম্বৰত পোষ্টেল বেলটেৰে ভোটাধিকাৰ সাব্যস্ত কৰিছিল। ৰাজ্যখনৰ বিধানসভা নিৰ্বাচন ১২ নৱেম্বৰত অনুষ্ঠিত হ’ব। নেগীয়ে জীৱনত ৩৪ বাৰ ভোট দিছে আৰু তেওঁ কেতিয়াও ভোটদানৰ পৰা বিৰত নাছিল।

১৯১৭ চনৰ ১ জুলাইত জন্মগ্ৰহণ কৰা নেগীয়ে কল্পাত স্কুল শিক্ষক হিচাপে কাম কৰিছিল। তেওঁ ১৯৭৫ চনত শিক্ষকতাৰ পৰা অৱসৰ লৈছিল।

লগতে পঢ়ক: জটিল ৰোগত আক্ৰান্ত বৰুণ ধাৱান! কি হৈছে বলীউদৰ জনপ্ৰিয় অভিনেতাজনৰ?

Apply Now

১৯৪৭ চনত ব্ৰিটিছ শাসনৰ সমাপ্তিৰ পিছত ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচন ১৯৫২ চনৰ জানুৱাৰী-ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈছিল। অৱশ্যে ফেব্ৰুৱাৰী আৰু মাৰ্চত বতৰৰ অৱনতি ঘটিব বুলি আৰু সেই সময়ছোৱাত প্ৰচণ্ড তুষাৰপাতৰ ফলত নাগৰিকসকলৰ বাবে ভোটকেন্দ্ৰত উপস্থিত হোৱাটো অসম্ভৱ হৈ পৰিব বুলি পাঁচ মাহ আগতে হিমাচল প্ৰদেশত ভোট লোৱা হৈছিল। সেই অনুসৰি নেগীয়ে ১৯৫১ চনৰ ২৫ অক্টোবৰত প্ৰথম ভোট দান কৰে।

বাতৰি অনুসৰি, ১০৬ বছৰীয়া নেগী সাম্প্ৰতিক সময়ত যথেষ্ট অসুস্থ আছিল। কিন্নৌৰ জিলা উপায়ুক্ত আবিদ হুছেইন চাদিকে কয় যে নেগীৰ শনিবাৰে পুৱা প্ৰায় ২ বজাত মৃত্যু হয়। জিলা প্ৰশাসনে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে সকলো ব্যৱস্থা কৰি আছে আৰু তেওঁক সন্মানজনক বিদায় জনোৱাৰ বাবে এটা বেণ্ড পাৰ্টিৰ ব্যৱস্থা কৰা হৈছে।

ছাদিকে লগতে কয় যে নেগীয়ে ১৯৫১ চনৰ পৰা ২০২১ চনলৈ মাণ্ডি সংসদীয় সমষ্টিৰ প্ৰতিটো নিৰ্বাচনত অংশগ্ৰহণ কৰিছিল। কিন্তু তেওঁৰ শাৰীৰিক অৱস্থাৰ কথা বিবেচনা কৰি আমি তেওঁক সুধিছিলো যে তেওঁ আগন্তুক বিধানসভা নিৰ্বাচনত ভোটকেন্দ্ৰত ভোটদান কৰিব নে ঘৰত ভোট দান কৰিব। অৱশ্যে, তেওঁ ভোটকেন্দ্ৰলৈ গৈ ভোটদান কৰাৰ ইচ্ছা প্ৰকাশ কৰে। কিন্তু ইয়াৰ মাজতে তেওঁ হঠাতে অসুস্থ হৈ পৰাৰ বাবে তেওঁৰ ইচ্ছা পূৰণ নহ’ল। তেনে ক্ষেত্ৰত জিলা প্ৰশাসনে তেওঁৰ ঘৰত ভোটদান কৰাৰ সকলো ব্যৱস্থা কৰিছিল। ভাৰতৰ ভোটাৰসকলক ভোট দিবলৈ উৎসাহিত কৰিবলৈ নেগী তেওঁলোকৰ উৎসাহৰ একমাত্ৰ প্ৰতীক আছিল।

লগতে পঢ়ক: অবাঞ্চিত! বাতৰি প্ৰকাশৰ বাবে ধন দাবী কৰা সাংবাদিকসকলক সতৰ্ক কৰি দিলে গুৱাহাটী প্ৰেছ ক্লাবে

আনকি কেইদিনমান পূৰ্বে তেওঁৰ অন্তিম বাৰ্তাটোত তেওঁ ভাৰতৰ যুৱসকলক ভোটদানৰ পৰা বিৰত নাথাকিবলৈ আহ্বান জনায় আৰু প্ৰতিটো ভোটৰ মূল্য কিমান তাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। শ্যাম চৰণ নেগীয়ে হিন্দী ছবি ‘চনম ৰে’ত এক বিশেষ চৰিত্ৰত অভিনয় কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

August 26, 2026 12:51 pm
দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

August 26, 2026 11:13 am
‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

August 26, 2026 9:33 am
মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

August 26, 2026 8:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

August 26, 2026 12:51 pm
দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

August 26, 2026 11:13 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd