• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুঠ ২২খন আসনৰ ভিতৰত ১২ খনত জয়লাভেৰে বিজেপিৰ হাতলৈ দেউৰী স্বায়ত্ত শাসিত পৰিষদ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 10, 2022 8:18 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ঘোষণা কৰা দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন ফলাফল অনুসৰি মুঠ ২২ খন আসনৰ ভিতৰত বিজেপি মিত্রজোঁটে লাভ কৰিছে ১২ খন আসন। ইয়াৰ বিপৰীতে কংগ্ৰেছে ২ খন আৰু জে পি পিয়ে ৭ খনকৈ আসন লাভ কৰিছে। বাকী এখন আসনত নিৰ্দলীয় প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰিছে।

ফলাফল অনুসৰি ১নং শদিয়া সমষ্টিত বিজেপি প্ৰাৰ্থী যতীন চন্দ্ৰ দেউৰী, ২নং কুণ্ডিল সমষ্টিত বিজেপি প্ৰাৰ্থী জয়ৰাম দেউৰী, ৩নং মাৰ্ঘেৰিটা সমষ্টিত বিজেপি প্ৰাৰ্থী যোগেন দেউৰী, ৪নং ডিব্ৰুগড় সমষ্টিত বিজেপি প্ৰাৰ্থী ভাস্কৰ দেউৰী, ৬নং কটিয়ৰি সমষ্টিত বিজেপিৰ হিৰণজিৎ বীৰেশ্বৰ দেউৰী, ৭নং ৰাজাবাৰী সমষ্টিত বিজেপিৰ ভৈৰৱ দেউৰী, ১৪ নং গোগামুখ সমষ্টিত বিজেপি প্ৰাৰ্থী ৰাকেশ বৰদেউৰী বিজয়ী হৈছে।

সেইদৰে, ১৫ নং বৰদেউৰী সমষ্টিত বিজেপি প্ৰাৰ্থী অমৃত প্ৰভা দেউৰী, ২০ নং বঙালমৰা সমষ্টিত বিজেপিৰ প্ৰফুল্ল দেউৰী, ২১ নং গাভৰু সমষ্টিত বিজেপিৰ ৰমা দেউৰী আৰু ২২ নং গহপুৰ সমষ্টিত বিজেপি প্ৰাৰ্থী শশাংক বৰদেউৰীয়ে জয়লাভ কৰে। ১৬ নং বাঁহগড়া সমষ্টিত বিজেপি অগপ প্ৰাৰ্থী নন্দিতা দেউৰীয়ে জয়লাভ কৰিছে।

Apply Now

আনহাতে, ৯নং মাজুলী সমষ্টিত জেপিপি প্ৰাৰ্থী ৰূপ কুমাৰ দেউৰী, ১১ শ্ৰীপানী সমষ্টিত জেপিপি বীণাপানি দেউৰী, ১২ নং জোনাই সমষ্টিত জেপিপি প্ৰাৰ্থী ৰাজেশ দেউৰী, ১৩ নং বৰদলনি সমষ্টিত জেপিপি প্ৰাৰ্থী জিণ্টু চান্দ দেউৰী, ১৭নং সমষ্টিত কাছিকটা সমষ্টিত জেপিপি প্ৰাৰ্থী বীৰেন দেউৰী, ১৮ নং পিছলা সমষ্টিত জেপিপি প্ৰাৰ্থী ৰিংকুমণি দেউৰী আৰু ১৯ নং কিনাপথাৰ সমষ্টিত জেপিপি প্ৰাৰ্থী বিজুমণি দেউৰীয়ে জয়লাভ কৰিছে।

তাৰমাজতে কংগ্ৰেছে  ৫ নং টেঙাপানী আৰু ৮ নং যোৰহাট সমষ্টিত জয়লাভ কৰিছে। একেদৰে, ১০ নং চিচিবৰগাওঁ সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী দেৱকান্ত দেউৰীয়ে জয়লাভ কৰিছে।

ইপিনে, দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত ধেমাজিত চাৰিটা সমষ্টিত বিজেপিয়ে পৰাজয়ৰ সন্মুখীন হৈছে।

বিজেপি দলৰ নেতা-পালিনেতাৰ ব্যাপক প্ৰচাৰৰ পিছতো পৰিষদীয় চাৰিটা সমষ্টি বিজেপিৰ ভাগ্যোদয় নঘটিল ৷ ১৩ নং বৰদলনি সমষ্টিত জেপিপি প্ৰাৰ্থী জিণ্টু চান দেউৰীয়ে নিকটতম প্ৰতিদ্বন্দ্বী অগপ-বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী চিদানন্দ দেউৰীক ৪১টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে৷

১০ নং চিচিবৰগাঁও সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী দেৱকান্ত দেউৰীয়ে নিকটতম প্ৰতিদ্বন্দ্বী বিজেপিৰ ভৱানী দেউৰীক ১৩৫ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি বিজয়ী হয় ৷ ১৪ নং গোগামুখ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ৰাকেশ বৰদেউৰীয়ে নিৰ্দলীয় প্ৰাৰ্থী হেমচন্দ্ৰ বৰদেউৰীক ২৬টা ভোটত পৰাস্ত কৰে ৷ ১১ নং শ্ৰীপানী সমষ্টিত জেপিপি প্ৰাৰ্থী বীনাপানী দেউৰীয়ে কংগ্ৰেছৰ টুটুমনি দেউৰীক ১৬২ টা ভোটত পৰাস্ত কৰে ৷

বিজেপিয়ে মাত্ৰ ১৪ নং গোগাঁমুখ পৰিষদীয় সমষ্টিটো দখল কৰাৰ বিপৰীতে জেপিপিয়ে তিনিটা পৰিষদীয় সমষ্টি দখল কৰে ৷ এটা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী গৰাকী জয়ী হয় ৷ ১২ নং জোনাই  সমষ্টিত জেপিপিৰ ৰাকেশ দেউৰী ৬ ভোটত জয় লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd