• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জিমলৈ গ’লেই মহিলাক বিহা হ’ব কঠোৰ শাস্তি! তালিবানে জাৰি কৰিলে নতুন ফটোৱা

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
November 11, 2022 5:09 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহিলাৰ বাবে এতিয়া আৰু মুঠেও সুৰক্ষিত হৈ থকা নাই আফগানিস্তান। বিশেষকৈ তালিবানে শাসন হস্তগত কৰাৰ পিছতে দেশ খনত মহিলাসকলৰ জীৱন বিপন্ন হৈ পৰিছে। আফগান মহিলাসকলক তালিবানে আনকি খেলা-ধূলা কৰাতো নিষেধাজ্ঞা জাৰি কৰিছে।

শেহতীয়াকৈ তালিবান চৰকাৰে আফগানিস্তানৰ মহিলাসকলৰ বাবে অধিক কঠোৰ ফটোৱা জাৰি কৰিছে। দেশ খনৰ মহিলাসকলক পাৰ্কলৈ যোৱাত বাধা দিয়াৰ পিছত এইবাৰ আফগান মহিলাসকলক জিমলৈ যোৱাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। যোৱা বছৰৰ পৰা আফগানিস্তানত তালিবান শাসন পুনৰ আৰম্ভ হৈছে। তেতিয়াৰে পৰা সেই দেশৰ মহিলাসকলৰ ওপৰত কেইবাটাও ফটোৱা জাৰি কৰা হৈছে।

Apply Now

তালিবান চৰকাৰৰ মুখপাত্ৰ মহম্মদ আকিফ মোহাজিৰে কয় যে মহিলাসকলৰ জিমলৈ যোৱাৰ ক্ষেত্ৰত জাৰি কৰা নিষেধাজ্ঞা এই সপ্তাহৰ পৰা কাৰ্যকৰী হ’ব। তেওঁ কয় যে তালিবান চৰকাৰে যোৱা ১৫ মাহ ধৰি উদ্যান আৰু জিমত মহিলাৰ প্ৰৱেশৰ ক্ষেত্ৰত নিষেধাজ্ঞা কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰি আছে।

মহিলা আৰু পুৰুষসকলে জিম আৰু পাৰ্কত প্ৰৱেশ কৰাৰ বাবে পৃথক দিন নিৰ্ধাৰণ কৰা হৈছিল। কিন্তু সেই নিয়ম উলংঘা কৰা হৈছে। তেওঁ কয়, “বহু সময়ত আমি পুৰুষ আৰু মহিলাসকলক একেলগে উদ্যানখনত খোজকাঢ়ি থকা দেখিছোঁ। দুৰ্ভাগ্যবশতঃ, কোনো মহিলাই হিজাব পৰিধান কৰা নাই। সেইকাৰণে মহিলাসকলক উদ্যান আৰু জিমত প্ৰৱেশ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।” তেওঁ লগতে কয় যে মহিলাসকলে উদ্যান আৰু জিমত প্ৰৱেশ কৰিছে নে নাই সেই বিষয়ত কঠোৰ দৃষ্টি ৰখা হ’ব।

উল্লেখ্য ২০২১ চনত তালিবানে পুনৰ আফগানিস্তান দখল কৰে। তালিবান ক্ষমতালৈ অহাৰ পিছৰে পৰা সেই দেশৰ মহিলাসকলৰ বাবে কেইবাটাও ফটোৱা জাৰী কৰা হৈছে। মহিলাসকলে হিজাব আৰু বোৰ্খা পিন্ধাটো বাধ্যতামূলক কৰা হৈছে। চৰকাৰে দেশৰ উচ্চ প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ ছোৱালীৰ বিদ্যালয়সমূহো বন্ধ কৰি দিছে। শেহতীয়াকৈ মহিলাসকলক উদ্যান আৰু জিমলৈ যোৱাৰ ক্ষেত্ৰত যিধৰণৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে তাকে লৈ সেই দেশৰ মহিলাসকল স্বাভাৱিকতে অসন্তুষ্ট হৈ পৰিছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

August 26, 2026 7:33 am
প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

August 25, 2026 9:43 pm
প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

August 25, 2026 9:10 pm
৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

August 25, 2026 8:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

August 26, 2026 7:33 am
প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

August 25, 2026 9:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd