ভাৰতৰ সৈতে চীনৰ সম্পৰ্ক উন্নত হ’বনে? এতিয়া এয়া এক গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈ পৰিছে। শেহতীয়াকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বালিত জিনপিঙৰ সাক্ষাতো হৈছে। কিন্তু সেই সাক্ষাৎ নিতান্তই আনুষ্ঠানিক আছিল। ২০২০ চনত গালোৱান সংঘৰ্ষৰ দুবছৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ মাজত দ্বিপাক্ষিক বৈঠক হোৱা নাছিল। শেহতীয়া জি-২০ সন্মিলনত তেওঁলোকে মুখামুখি বাৰ্তালাপ কৰিছে।
কিন্তু সেয়া আছিল এটা চমু বাৰ্তালাপ। যিহেতু জিনপিঙে তৃতীয় কাৰ্যকালৰ বাবে চীনা ৰাষ্ট্ৰপতি হিচাপে পুনৰ শাসনৰ বাঘজৰী হাতত লৈছে সেয়ে ভাৰত আৰু চীনৰ বাবে সীমান্ত বিবাদ সম্পৰ্কে স্থায়ী সমাধানত উপনীত হোৱাটো তেওঁৰ বাবে গুৰুত্বপূৰ্ণ হৈ পৰিব। সীমান্তত চীনৰ নিৰ্মাণ প্ৰকল্পসমূহে ইতিমধ্যে ভাৰতৰ অঞ্চলসমূহত আগ্ৰাসনৰ পৰিবেশ গঢ়ি তুলিছে। জিনপিঙে গোলকীয় মঞ্চত চীনৰ প্ৰভাৱ বিস্তাৰ কৰাৰ উচ্চাকাংক্ষা পোষণ কৰি আহিছে আৰু তেওঁৰ পৰিকল্পনাবোৰ সফল কৰিবলৈ আৰু ৫ বছৰৰ বাবে ক্ষমতা গোটাই লৈছে ।
ফ্ৰীডম গেজেটৰ মুখ্য সম্পাদক মহম্মদ জিশান আৰু লী কুয়ান য়ু স্কুল অৱ পাব্লিক পলিচীৰ গৱেষণা সহযোগী বায়ৰন চোঙে কয় যে গালোৱান সংঘৰ্ষক ঝিৰ ভাৰতীয় ভূখণ্ড আক্ৰমণৰ অংশ বুলি বৰ্ণনা কৰে। তেওঁ এইবুলি ব্যাখ্যা কৰে যে ভাৰত আৰু চীনৰ মাজত হোৱা আলোচনাই গালোৱানৰ পূৰ্বৰ স্থিতি পুনৰুদ্ধাৰ কৰাৰ সম্ভাৱনা নাই। ঝিৰ হিমালয়ৰ ৰণনীতিৰ বিষয়ে তেওঁ কয়, “ঝিৰ হিমালয়ৰ ৰণনীতিয দক্ষিণ চীন সাগৰত তেওঁ বছৰ বছৰ ধৰি কৰি অহা কামতকৈ সম্পূৰ্ণ পৃথক – ক্ৰমান্বয়ে দ্বীপ নিৰ্মাণ আৰু সামৰিকীকৰণ কৰি চীনৰ প্ৰভূত্ব বিস্তাৰ কৰিব বিচৰা হৈছে।
লী কুয়ান য়ু স্কুল অৱ পাব্লিক পলিচীৰ গৱেষণা সহযোগী বায়ৰন চোঙে লগতে কয়– “বেইজিঙে ভাৰতকে ধৰি অঞ্চলটোৰ আন ৰাজ্যসমূহৰ প্ৰতি ইয়াৰস্থিতি অধিক কঠোৰ কৰিব।” তেওঁ লগতে কয় যে বেইজিংৰ পৰা কোনো প্ৰকৃত ইংগিত পোৱা হোৱা নাই যে ই ভাৰতৰ সৈতে দ্বিপাক্ষিক সম্পৰ্কৰ উন্নীতকৰণক গুৰুত্বপূৰ্ণ বিষয় হিচাপে গণ্য কৰিছে। গতিকে ভাৰতৰ সৈতে চীনৰ সম্পৰ্ক উন্নীত হোৱাৰ এতিয়াই কোনো আশা দেখা যোৱা নাই।শেহতীয়াকৈ চীনৰ সৈতে টাইৱানৰো সম্পৰ্কৰ যথেষ্ট অৱনতি ঘটিছে। এনে সময়তে টাইৱানৰ বিৰুদ্ধে আক্ৰমণ চলাব পৰাকৈ চীনৰ সেনাক সাজু হ’বলৈ নিৰ্দেশ দিছে চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে ।