• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

অৱশেষত কাৰাগাৰৰ পৰা বাহিৰলৈ আহিল গৌতম নৱলাখা: এমাহৰ বাবে কটাব গৃহবন্দীত্ব

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 19, 2022 10:27 pm
Gautam Navlakha
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভীমা-কোৰেগাঁও গোচৰত অভিযুক্ত হৈ চাৰিটাকৈ বছৰ কাৰাগাৰত কটোৱাৰ পিছত অৱশেষত উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত কাৰাগাৰৰ পৰা বাহিৰ হ’ল মানৱ অধিকাৰ কৰ্মী গৌতম নৱলাখা। আজি নৱী মুম্বাইৰ তালোজা জেলৰ পৰা মুকলি কৰি দিয়া হয় মানৱ অধিকাৰ কৰ্মীগৰাকীক।

চিকিৎসাজনিত কাৰণত উচ্চতম ন্যায়ালয়ে এমাহৰ গৃহবন্দীত্বৰ আবেদন মঞ্জুৰ কৰাৰ পিছত অৱশেষত ৭০ বৰ্ষীয় নৱলাখা কাৰাগাৰৰ পৰা বাহিৰলৈ অহাৰ পথ প্ৰশস্ত হয়।

Apply Now

কাৰাগাৰৰ এগৰাকী বিষয়াই সদৰী কৰা অনুসৰি সন্ধিয়া প্ৰায় ৬ বজাত কাৰাগাৰৰ পৰা মুকলি হোৱাৰ পিছত এমহীয়া গৃহবন্দীত্ব কটাবলগীয়া নৱী মুম্বাইৰ বেলাপুৰ-আগ্ৰোলি অঞ্চলৰ বাসগৃহলৈ নৱলাখাক লৈ যোৱা হয়।

উল্লেখ্য যে ১০ নৱেম্বৰত উচ্চতম ন্যায়ালয়ে নৱলাখাক নিৰ্দিষ্ট চৰ্ত সাপেক্ষে এমাহৰ বাবে গৃহবন্দীত্বৰ অনুমতি দিছিল আৰু ৪৮ ঘণ্টাৰ ভিতৰত এই নিৰ্দেশ কাৰ্যকৰী হ’ব লাগে বুলি উল্লেখ কৰিছিল।

কিন্তু নিৰাপত্তাৰ দোহাই দি তদন্তকাৰী সংস্থাই বাৰে বাৰে নৱলাখাৰ মুক্তি স্থগিত ৰাখিছিল। শুকুৰবাৰে নিয়াই নৱলাখাৰ গৃহবন্দীত্বৰ বিৰোধিতা কৰি উচ্চতম ন্যায়ালয়ত পুনৰ আৰ্জি জনাইছিল।

কিন্তু শীৰ্ষ আদালতে নিয়াৰ এইআবেদন নাকচ কৰিছিল আৰু কৌশলীভাৱে তেওঁৰ মুক্তিত বিলম্ব ঘটোৱা বুলি ভৰ্ৎসনা কৰিছিল।

স্মৰ্তব্য যে ২০১৮ চনৰ ভীমা কোৰেগাঁওৰ হিংসাত্মক কাৰ্যত উচতনি যোগোৱাৰ লগতে মাওবাদীৰ সৈতে সম্পৰ্ক ৰক্ষাৰ অভিযোগত ২০২০ চনৰ এপ্ৰিল মাহৰ পৰা কাৰাগাৰত বন্দী হৈ আছে নৱলাখা।

যোৱা ১০ নৱেম্বৰত উচ্চতম ন্যায়ালয়ে মানৱ অধিকাৰ কৰ্মীগৰাকীক এমাহৰ বাবে গৃহবন্দীত্বৰ অনুমতি দিয়াৰ লগতে নৱলাখাৰ চিকিৎসা প্ৰতিবেদন নাকচ কৰাৰ কোনো কাৰণ নাই বুলি উল্লেখ কৰিছিল।

আদালতে স্থানীয় কৰ্তৃপক্ষক নৱলাখাক গৃহবন্দী কৰি ৰাখিবলগীয়া চৌহদৰ প্ৰয়োজনীয় পৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে ৪৮ ঘণ্টাৰ ভিতৰত তেওঁক কাৰাগাৰৰ পৰা স্থানান্তৰিত কৰিবলৈ নিৰ্দেশ দিছিল।

আনহাতে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা, চমুকৈ নিয়াই আৰক্ষী কৰ্মী মোতায়েন কৰাৰ বাবে ব্যয় হিচাপে দাবী কৰা আনুমানিক ব্যয় ২.৪ লাখ টকা জমা কৰিবলৈও বিচাৰপীঠে গৌতম নৱলাখাক নিৰ্দেশ দিছিল।

মাহজোৰা গৃহবন্দীত্বৰ কালছোৱাত গৌতম নৱলাখাই তেওঁৰ কম্পিউটাৰ আৰু ইণ্টাৰনেট ব্যৱহাৰ কৰিব নোৱাৰিব বুলি বিচাৰপীঠে উল্লেখ কৰিছিল। অৱশ্যে গৃহবন্দী অৱস্থাত আৰক্ষীৰ দ্বাৰা প্ৰদান কৰা মোবাইল ব্যৱহাৰ কৰিব পাৰিব বুলি বিচাৰপীঠে আদেশত উল্লেখ কৰিছে।

সেই অনুসৰি আৰক্ষী কৰ্মীৰ উপস্থিতিত ১০ মিনিটৰ বাবে কথোপকথনৰ অনুমতি দিয়া হ’ব নৱলাখাক। ইফালে গৃহবন্দীত্বৰ সময়ত এসপ্তাহত পৰিয়ালৰ দুজন সদস্যৰ বাহিৰে কোনো ব্যক্তিক নৱলাখাৰ সৈতে মিলিত হোৱাৰ অনুমতি দিয়া নহ’ব। এই ব্যক্তি দুগৰাকীৰ নাম আবেদনকাৰীয়ে তিনি দিনৰ ভিতৰত নিয়াক আগতীয়াকৈ প্ৰদান কৰিব লাগিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd