ফুটবলৰ মহাৰণ আৰম্ভ। বিশ্বৰ ৩২ খন দেশৰ খেলুৱৈৰে ভৰি পৰিছে আজি ভাৰতীয় সময় অনুসৰি নিশা ৭-৩০ বজাৰ পৰা আৰম্ভ হ’ব ফিফা বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠান।
বিশ্বকাপ খনৰ প্ৰথম খেল খন আয়োজক দেশ কাটাৰ আৰু ইকুৱেডৰৰ মাজত অনুষ্ঠিত হ’ব। খেলখন নিশা ৯:৩০ বজাত আৰম্ভ হ’ব।ভাৰতীয় সময় অনুসৰি নিশা ৭-৩০ বজাৰ পৰা চলিব বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠান৷
এইবাৰ বিশ্বকাপ মেচ প্ৰচাৰিত হ’ব ৰিলায়েন্স জিঅ’ মালিকানাধীন ‘স্প’ৰ্টছ- ১৮’ চেনেলত ৷ প্ৰথমবাৰৰ বাবে বিশ্বকাপ চাব পৰা যাব মোবাইলত৷অনুৰাগীসকলে প্লে’ ষ্ট’ৰৰ পৰা জিঅ’ চিনেমা এপটো ডাউনলোড কৰিলেই মোবাইলতে উপভোগ কৰিব পাৰিব মেচ৷
আজি ষ্টেডিয়ামত ৬০,০০০ দৰ্শকে অনুষ্ঠানটো উপভোগ কৰিব।উদ্বোধনী অনুষ্ঠানত ভাৰতৰ বলীউড তাৰকা নোৰা ফাতেহী তাত থাকিব ।