কিংবদন্তী গায়ক বব ডিলানে ক্ষমা বিচাৰিছে। ২০১৯ চনৰ পৰা শিল্পীজনে কিতাপত হস্তাক্ষৰৰ সলনি যন্ত্ৰ-স্বাক্ষৰ (মেচিন ছিগনেশ্যাৰ) দিয়াৰ বাবে ক্ষমা বিচাৰিছে।
এক বিবৃতিত ডিলানে কয় যে হাতৰ স্বাক্ষৰৰ সলনি যন্ত্ৰৰ স্বাক্ষৰৰ অনুমতি দিয়াটো এটা বিচাৰজনিত ত্ৰুটি আছিল।
তেওঁ লগতে কয় যে ২০১৯ চনৰ পৰা তেওঁ স্বাক্ষৰৰ বাবে অটোপেন ব্যৱহাৰ কৰি আহিছে। কাৰণ তেতিয়াৰ পৰা তেওঁ ভাৰ্টিগো ৰোগত ভুগি আছে।
লগতে পঢ়ক: ৪০০ কোটি হোৱাটছএপ ব্যৱহাৰকাৰীৰ তথ্য লিক! আপোনাৰ সুৰক্ষিত নে?
দ্য ফিলছফী অৱ মডাৰ্ণ চং নামৰ কিতাপখনত ডিলানৰ স্বাক্ষৰৰ পাৰ্থক্যৰ বিষয়টো সন্মুখলৈ আহে।
ডিলানে বিবৃতিটোত কয়, “বহু বছৰ ধৰি মই কিতাপখন হাতেৰে স্বাক্ষৰ কৰি আহিছো। কিন্তু ইয়াত কোনো সমস্যা নাছিল। অৱশ্যে, ২০১৯ চনৰ পৰা ভাৰ্টিগো আৰু মহামাৰীৰ ফলত পৰিস্থিতিৰ অৱনতি ঘটে। … মহামাৰীৰ সময়ত স্বাক্ষৰ কৰাটো অসম্ভৱ হৈ পৰিছিল, ভাৰ্টিগোৱেও যথেষ্ট ভোগাইছিল। সেয়েহে, এক নিৰ্দিষ্ট সময়ত কিতাপখনত স্বাক্ষৰ কৰিবলৈ অটো-পেন ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়া হয়।‘’
লগতে পঢ়ক: বিজয় হাজাৰে ট্ৰফীত ৰিয়ান পৰাগৰ ১১৬ টা বলত ১৭৪ ৰাণৰ বিস্ফোৰক ইনিংছ; মুগ্ধ ক্ৰিকেট অনুৰাগী
তেওঁ লগতে কয়, ‘’একে সময়তে মোক এই নিশ্চয়তা দিয়া হৈছিল যে কলা আৰু সাহিত্যত এইটো মাজে সময়ে ঘটি থাকে।‘’