China willing to strengthen energy ties চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে কৈছে যে তেওঁ ইন্ধনৰ ক্ষেত্ৰত ৰাছিয়াৰ সৈতে এক গভীৰ অংশীদাৰীত্ব গঢ়ি তুলিব।
জি জিনপিঙে চতুৰ্থ চীন-ৰাছিয়া শক্তি ফ’ৰামৰ এক বাৰ্তাত এই মন্তব্য কৰাৰ কথা জানিবলৈ দিছে চীনৰ চৰকাৰী সংবাদমাধ্যম চিচিটিভিয়ে।
লগতে পঢ়ক: বিমানৰ ইঞ্জিনত প্ৰথম হাইড্ৰ’জেন ইন্ধন; সফল পৰীক্ষাৰ দাবী ৰোলছ ৰয়েছৰ
বাতৰি অনুসৰি, চীনে ইন্ধন অংশীদাৰীত্ব গঢ়ি তুলিবলৈ ৰাছিয়াৰ সৈতে একেলগে কাম কৰিবলৈ ইচ্ছুক। একে সময়তে ই পৰিষ্কাৰ আৰু গ্ৰীণ এনাৰ্জি বিকাশ আৰু যৌথভাৱে আন্তঃৰাষ্ট্ৰীয় ইন্ধন সুৰক্ষা বজাই ৰখাতো আগ্ৰহী।
বাতৰি মতে, দুই বাণিজ্যিক অংশীদাৰ ৰাছিয়া আৰু চীন এনে এটা সময়ত ব্যৱসায় সংক্ৰান্ত বৈঠকত মিলিত হৈছে যেতিয়া জি-৭ য়ে ৰাছিয়াৰ তেলৰ মূল্য নিৰ্ধাৰণ কৰিবলৈ আগবাঢ়িছে।
লগতে পঢ়ক: চীনৰ সৈতে ব্ৰিটেইনৰ সম্পৰ্কৰ তথাকথিত ‘সোণালী যুগ’ৰ অৱসান ঘটিছে: ঋষি চুনাক
জি-৭-ৰ দ্বাৰা নিৰ্ধাৰিত মূল্য অহা ৫ ডিচেম্বৰৰ পৰা কাৰ্যকৰী হ’ব। ইউক্ৰেইনৰ যুঁজত ৰাছিয়াৰ পুঁজি হ্ৰাস কৰিবলৈ জি-৭-য়ে এই পদক্ষেপ গ্ৰহণ কৰিছে।