• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আমেৰিকাৰ জনপ্ৰিয় গায়িকা, অভিনেত্ৰী লেডী গাগাৰ কুকুৰ চুৰিত অভিযুক্তক ২১ বছৰৰ কাৰাদণ্ড

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 6, 2022 2:31 pm
আমেৰিকাৰ জনপ্ৰিয় গায়িকা, অভিনেত্ৰী লেডী গাগাৰ কুকুৰ চুৰিত অভিযুক্তক ২১ বছৰৰ কাৰাদণ্ড
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইটো আছিল ২০২১ চনৰ আৰম্ভণিৰ ঘটনা। আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনপ্ৰিয় গায়িকা, অভিনেত্ৰী লেডী গাগাৰ তিনিটা পোহনীয়া কুকুৰক তেওঁলোকৰ প্ৰশিক্ষক ৰিয়ান ফিচাৰে খোজ কাঢ়িবলৈ লৈ গৈছিল। তাত তিনিজন মানুহ উপস্থিত হৈছিল। তেওঁলোকৰ মাজৰ এজন হৈছে জেমছ হাৱাৰ্ড জেকচন। তেওঁলোকে কুকুৰ তিনিটা চুৰি কৰিবলৈ চেষ্টা কৰিছিল। যেতিয়া ফিচাৰে বাধা দিবলৈ চেষ্টা কৰিছিল তেতিয়া তেওঁকো লক্ষ্য কৰি গুলীচালনা কৰা হৈছিল। তাৰ পিছত তেওঁলোকে পোহনীয়া কুকুৰ তিনিটা লৈ পলাই গৈছিল।

কোজি, গুস্তাভ আৰু মিছ এছিয়া নামৰ তিনিটা কুকুৰৰ তৃতীয় মিছ এছিয়া ডকাইতৰ গাড়ীৰ পৰা পলাই আহি ফিচাৰক য’ত গুলীবিদ্ধ কৰা হৈছিল তালৈকে আহিছিল। কিন্তু ডকাইতকেইটাই বাকী দুটা কুকুৰ লৈ পলাই গৈছিল।

লগতে পঢ়ক: কলেজীয়া দিনত হাত খৰচ উলিয়াবলৈ কি কাম কৰিছিল দেশৰ মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে? জনালে নিজেই

কেইদিনমানৰ পিছত লেডী গাগাই তেওঁৰ পোহনীয়া কুকুৰকেইটাক বিচাৰি পোৱাৰ বাবে এক বৃহৎ অংকৰ অৰ্থাৎ পাঁচ লাখ ডলাৰ পুৰস্কাৰ ঘোষণা কৰে। কেইদিনমানৰ পিছত এগৰাকী মহিলা কোজি আৰু গুস্তাভক লৈ আহি উপস্থিত হৈছিল। আৰক্ষীয়ে পিছত কৈছিল যে মহিলাগৰাকীও অপৰাধটোত জড়িত আছিল। গতিকে, তেওঁৰ বিৰুদ্ধেও এটা অভিযোগ দাখিল কৰা হৈছিল।

অভিযুক্ত জেকচন আৰক্ষীৰ জিম্মাৰ পৰা পলাই গৈছিল। পিছত তেওঁ পুনৰ ধৰা পৰিছিল। তেওঁৰ বিৰুদ্ধে দীৰ্ঘ দিন ধৰি গোচৰটো চলি আছিল। আদালতে সেই গোচৰটোৰে ৰায় দিছে। আদালতে জেমছ হাৱাৰ্ড জেকচনক ২১ বছৰৰ কাৰাদণ্ড বিহিছে।

আৰক্ষীৰ সূত্ৰ জানিবলৈ দিয়া অনুসৰি, অপৰাধীসকলে নাজানিছিল যে কুকুৰকেইটা লেডী গাগাৰ আছিল। কুকুৰ তিনিটা ফৰাচী বুলডগ প্ৰজাতিৰ, সেয়েহে তেওঁলোকে সেইবোৰ চুৰি কৰিবলৈ চেষ্টা কৰিছিল।

লগতে পঢ়ক:ছাত্ৰীক দুবছৰ ধৰি ধৰ্ষণ শিক্ষকৰ! মুখ খুলিলে গোটেই পৰিয়ালকে শেষ কৰি দিয়াৰ ভাবুকি

এই কুকুৰবোৰ বিৰল প্ৰজাতিৰ আৰু তেওঁলোকৰ সংখ্যা খুব কম। এই কাৰণে ইয়াক চোৰাং বজাৰত বৃহৎ মূল্যত বিক্ৰী কৰা হয়। সেয়ে সিঁহতক চুৰি কৰাৰ চেষ্টা কৰিছিল বুলি আৰক্ষীয়ে কয়। অভিযুক্তসকলক দীৰ্ঘম্যাদী শাস্তি দিয়া হৈছে কিয়নো তেওঁলোকৰ বিৰুদ্ধে ডকাইতিৰ লগতে হত্যাৰ চেষ্টাৰ অভিযোগ আৰোপ কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুখ্যমন্ত্ৰী হিমন্তৰ প্ৰচণ্ড হুংকাৰ: বাংলাদেশলৈ পঠিয়াব জমিয়ত উলেমা-ই-হিন্দৰ সভাপতি মাহমুদ মাদানীক

মুখ্যমন্ত্ৰী হিমন্তৰ প্ৰচণ্ড হুংকাৰ: বাংলাদেশলৈ পঠিয়াব জমিয়ত উলেমা-ই-হিন্দৰ সভাপতি মাহমুদ মাদানীক

August 23, 2025 10:00 pm
দেশৰ ৪০ শতাংশ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ! বিস্ফোৰক তথ্য কেন্দ্ৰৰ  প্ৰতিবেদনত

দেশৰ ৪০ শতাংশ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ! বিস্ফোৰক তথ্য কেন্দ্ৰৰ  প্ৰতিবেদনত

August 23, 2025 9:30 pm
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন

August 23, 2025 8:00 pm
ট্ৰাম্পৰ শুল্ক যুদ্ধৰ প্ৰত্যুত্তৰ ভাৰতৰ! আমেৰিকালৈ পাৰ্চেল পঠোৱা বন্ধ কৰাৰ সিদ্ধান্ত ডাক বিভাগৰ

ট্ৰাম্পৰ শুল্ক যুদ্ধৰ প্ৰত্যুত্তৰ ভাৰতৰ! আমেৰিকালৈ পাৰ্চেল পঠোৱা বন্ধ কৰাৰ সিদ্ধান্ত ডাক বিভাগৰ

August 23, 2025 6:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুখ্যমন্ত্ৰী হিমন্তৰ প্ৰচণ্ড হুংকাৰ: বাংলাদেশলৈ পঠিয়াব জমিয়ত উলেমা-ই-হিন্দৰ সভাপতি মাহমুদ মাদানীক

মুখ্যমন্ত্ৰী হিমন্তৰ প্ৰচণ্ড হুংকাৰ: বাংলাদেশলৈ পঠিয়াব জমিয়ত উলেমা-ই-হিন্দৰ সভাপতি মাহমুদ মাদানীক

August 23, 2025 10:00 pm
দেশৰ ৪০ শতাংশ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ! বিস্ফোৰক তথ্য কেন্দ্ৰৰ  প্ৰতিবেদনত

দেশৰ ৪০ শতাংশ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ! বিস্ফোৰক তথ্য কেন্দ্ৰৰ  প্ৰতিবেদনত

August 23, 2025 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd