অসম ৰাজ্যিক চিৰিয়াখানাই আকৌ এবাৰ গুজৰাটৰ জামনগৰৰ আম্বানীৰ গ্ৰীণছ জুলজিকেল ৰেচকিউ এণ্ড ৰিহেবিলিটেচন কিংডমলৈ কেইবাটাও জন্তু স্থানান্তৰ কৰিছে। গুৱাহাটীস্থিত বন্যপ্ৰাণী সংগঠন চিৰিয়াখানা সুৰক্ষা মঞ্চৰ মতে, বুধবাৰে নিশা অসম ৰাজ্যিক চিৰিয়াখানা কৰ্তৃপক্ষই আন জন্তুৰ লগতে নটা প্ৰজাতিৰ বান্দৰ, দুটা গঁড়ৰ পোৱালী আৰু কেইবাটাও আঠ শিঙিয়ী হৰিণ স্থানান্তৰ কৰে।
এই পদক্ষেপে গুৱাহাটীত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। চিৰিয়াখানা সুৰক্ষা মঞ্চৰ কৰ্মীসকলে অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা আম্বানীৰ মালিকানাধীন এখন ব্যক্তিগত চিৰিয়াখানালৈ জন্তুবোৰ স্থানান্তৰ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে।
লগতে পঢ়ক: আমেৰিকা ভ্ৰমণত সৰ্বাধিক ব্যয় ২৩ কোটি! প্ৰধানমন্ত্ৰী মোডীৰ ৫ বছৰত ৩৬ টা বিদেশ ভ্ৰমণত খৰচ কিমান?
“আমি ৰাজ্যিক চিৰিয়াখানাৰ পৰা দেশৰ আন চিৰিয়াখানালৈ বন্য জন্তু আৰু আনকি বিদেশী প্ৰজাতিৰ স্থানান্তৰৰ বিৰুদ্ধে এক ঘণ্টা ধৰি প্ৰতিবাদ সাব্যস্ত কৰিছো। ২০১৮ চনৰ পৰা আজিলৈকে অসম ৰাজ্যিক চিৰিয়াখানাৰ প্ৰায় ১১০০ টা জন্তু বিনিময়ৰ নামত দেশৰ বিভিন্ন চিৰিয়াখানালৈ স্থানান্তৰিত কৰা হৈছে। এই সময়ছোৱাত আন চিৰিয়াখানাৰ পৰা মাত্ৰ ১৯ টা জন্তু অসম ৰাজ্যিক চিৰিয়াখানালৈ অনা হৈছে,”-মঞ্চৰ সাধাৰণ সম্পাদক ৰাজকুমাৰ বৈশ্যই এই অভিযোগ কৰে।
বৈশ্যই এটা বিবৃতিত অভিযোগ কৰিছে যে বৃহস্পতিবাৰে পুৱতি নিশা সংঘটিত প্ৰতিবাদৰ সময়ত চিৰিয়াখানাৰ কৰ্তৃপক্ষই এগৰাকী মহিলা প্ৰতিবাদকাৰীক “দুৰ্ব্যৱহাৰ” কৰিছিল। মঞ্চই ঘটনাটোক তীব্ৰ গৰিহণা দিছে আৰু চৰকাৰক ব্যৱস্থা ল’বলৈ আহ্বান জনাইছে।
তেওঁ কয়, “এই ঘটনাটো তেতিয়া সংঘটিত হৈছিল যেতিয়া আমি জন্তুবোৰ ৰখা বাহনবোৰৰ এটাৰ পৰা টাৰ্পলিন আঁতৰাবলৈ চেষ্টা কৰিছিলো। আমি এই জঘন্য ঘটনাক গৰিহণা দিছো আৰু ইয়াৰ সৈতে জড়িত বিষয়াসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছো।”
লগতে পঢ়ক: দুৰাৰোগ্য ৰোগত আক্ৰান্ত টাইটানিকৰ গায়িকা চেলিন ডিয়ন; চিৰদিনৰ বাবে হেৰুৱাব পাৰে কণ্ঠ
অসম ৰাজ্যিক চিৰিয়াখানাৰ মাণ্ডলিক বন বিষয়া (ডিএফঅ’) অশ্বিনী কুমাৰে অৱশ্যে এই অভিযোগ অস্বীকাৰ কৰে।
এই সন্দৰ্ভত মঞ্চই শনিবাৰে গুৱাহাটীত নাগৰিকসকলৰ এক সজাগতা সভাৰ আয়োজন কৰিছে।
ইয়াৰ পূৰ্বে ২০ নৱেম্বৰত অসম ৰাজ্যিক চিৰিয়াখানাই গুজৰাটৰ আম্বানীৰ চিৰিয়াখানালৈ বিভিন্ন প্ৰজাতিৰ বান্দৰ আৰু কাছকে ধৰি কেইবাটাও জব্দ কৰা বিদেশী জন্তু স্থানান্তৰ কৰিছিল।
যোৱা মাহত, আম আদমী পাৰ্টিৰ (আপ) অসম যুৱ শাখাই ৰাজ্যখনৰ পৰা গুজৰাটলৈ বন্য জন্তুৰ অবৈধ স্থানান্তৰ বন্ধ কৰিবলৈ হস্তক্ষেপ বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন কৰিছিল।
এইটো অভিযোগ কৰা হৈছিল যে অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা ২৫ টা বিদেশী জন্তু গুজৰাটৰ একেখন চিৰিয়াখানালৈ স্থানান্তৰিত কৰা হৈছে।
লগতে পঢ়ক: দুৰ্ভাগ্য! বিপক্ষৰ বেটাৰক পেভিলিয়নমুখী কৰাৰ প্ৰচেষ্টাত চাৰিটা দাঁত হেৰুৱালে শ্ৰীলংকাৰ ক্ৰিকেটাৰে
অসম ৰাজ্যিক চিৰিয়াখানাৰ ডিএফঅ’ অশ্বিনী কুমাৰে কয় যে জন্তুবোৰৰ স্থানান্তৰ কেন্দ্ৰীয় চিৰিয়াখানা কৰ্তৃপক্ষৰ (চিজেডএ) পৰা “সঠিক অনুমোদন”ৰ সৈতে কৰা হৈছে। তেওঁ কয় যে আম্বানীৰ মালিকানাধীন চিৰিয়াখানাখন এটা ব্যক্তিগত সংস্থা যদিও ই কেন্দ্ৰীয় চিৰিয়াখানা কৰ্তৃপক্ষৰ অধীনত আছে।