Coat that makes people invisible এইবাৰ আপুনিও ইচ্ছা কৰিলে ৰাজহুৱাভাৱে হেৰী পটাৰৰ দৰে নিজকে ভেনিছ কৰিব পাৰে। বিখ্যাত ‘ক্ল’ক অফ ইনভিজিবিলিটি’ৰ কথা নিশ্চয় মনত আছে! এইবাৰ চীনা গৱেষকৰ এটা দলে বাস্তৱত এনে এটা বস্তুৱে আৱিষ্কাৰ কৰিছে। এই কোটটো পিন্ধিলে হেৰী পটাৰৰ দৰে অদৃশ্য হ’ব পাৰিব।
কেৱল সেয়াই নহয়, ‘অদৃশ্য’ ব্যক্তিজন কৃত্ৰিম বুদ্ধিমত্তাযুক্ত ছিকিউৰিটি কেমেৰাতো ধৰা নপৰিব।
লগতে পঢ়ক: তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত পোৱা নাযাব কলেজিয়াম বৈঠকৰ কাৰ্য বিৱৰণী: উচ্চতম ন্যায়ালয়
এইটো প্ৰকৃততে এটা কোট। গৱেষকসকলে দাবী কৰে যে ইয়াক পাঁচটা সাধাৰণ কোটৰ পৰা পৃথকে চিনাক্ত কৰিব নোৱাৰি। আৰু সেইটোৱেই ইয়াৰ বিশেষত্ব। নতুনকৈ আৱিষ্কৃত এই পোছাকটোৰ নাম ‘ইনভিছডিপেন্স’ ৰখা হৈছে। যিয়ে সহজে কেমেৰাৰ চকুক প্ৰতাৰণা কৰিব পাৰে।
অৱশ্যে, চৰকাৰে এনে অদৃশ্য পোছাকৰ ব্যৱহাৰক ৰেহাই দিব নে নাই তাকলৈ প্ৰশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰিছে। চাউথ চাইনা মৰ্ণিং পোষ্টৰ এক প্ৰতিবেদন অনুসৰি, এই কোট পিন্ধিলে দিনৰ পোহৰত অনায়াসে অদৃশ্য হ’ব পাৰিব। আকৌ, নিশাও ইনফ্ৰাৰেড কেমেৰাবোৰক বিভ্ৰান্ত কৰিব পৰা যাব।
লগতে পঢ়ক: দুৰাৰোগ্য ৰোগত আক্ৰান্ত টাইটানিকৰ গায়িকা চেলিন ডিয়ন; চিৰদিনৰ বাবে হেৰুৱাব পাৰে কণ্ঠ
গৱেষকসকলে দাবী কৰিছে যে এই পোছাকৰ মূল্য খুব বেছি নহ’ব। গৱেষকসকলৰ দাবী যে এই ধৰণৰ পোছাক যুদ্ধক্ষেত্ৰত অতি উপযোগী। তেওঁলোকে বিশ্বাস কৰে যে শত্ৰুৰ চকু এৰাই চলিবলৈ এই পোছাকটো কাৰ্যকৰী হ’ব পাৰে। অৱশ্যে, সেই ক্ষেত্ৰত এই পোছাকৰ প্ৰযুক্তি আৰু উন্নত কৰা প্ৰয়োজন বুলিও জনায় গৱেষকসকলে।