জাম্বিয়াৰ আৰক্ষীয়ে এটা ৰাস্তাৰ কাষৰ পৰা ২৭ টা মৃতদেহ উদ্ধাৰ কৰিছে। মৃতদেহবোৰ ইথিওপিয়াৰ পৰা সৰবৰাহ কৰা শৰণাৰ্থীৰ বুলি ধাৰণা কৰা হৈছে। পৰিবহনত লুকাই সৰবৰাহ কৰাৰ সময়ত শ্বাসৰুদ্ধ হৈ লোকসকলে মৃত্যুবৰণ কৰা বুলি অনুমান কৰা হৈছে।
জাম্বিয়াৰ আৰক্ষীৰ উদ্ধৃতি দি বিবিচিয়ে জনোৱা অনুসৰি ৰাজধানী লুচাকাৰ উত্তৰে থকা এটা অঞ্চলৰ পৰা মৃতদেহসমূহ উদ্ধাৰ কৰা হৈছে।
লগতে পঢ়ক: ‘তৃতীয় ফ্ৰণ্ট নহয়, বিজেপিক পৰাস্ত কৰিবলৈ লাগে কেৱল এটাই ফ্ৰণ্ট’;: নীতিশ কুমাৰ
জাম্বিয়ান আৰক্ষীৰ মুখপাত্ৰ ডেনি এমৱালে কয়ে যে কিছুমান আৱাসীয়ে দেওবাৰে স্থানীয় সময় অনুসৰি পুৱা প্ৰায় ৬ বজাত মৃতদেহবোৰ দেখিছিল আৰু আৰক্ষীক খবৰ দিছিল।
তেওঁ কয়, “সংকটজনক অৱস্থাত এজন লোকক তাৰ পৰা উদ্ধাৰ কৰা হৈছিল। তেওঁ শ্বাসকষ্টৰ বাবে হাহাকাৰ কৰি আছিল। তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয়।‘’
লগতে পঢ়ক: ইতিহাস গঢ়া মৰক্কোৰ জয়ৰ পিছত ভাইৰেল হৈ পৰিছে ছাকিৰাৰ টুইট-‘দিছ টাইম ফৰ আফ্ৰিকা’
মৃতদেহবোৰৰ পৰা উদ্ধাৰ হোৱা পৰিচয় নথি অনুসৰি আৰক্ষীয়ে ধাৰণা কৰিছে যে মৃতসকল ইথিওপিয়াৰ লোক।