• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

কোটিপতিৰ বিধানসভা! গুজৰাটৰ ১৮২ গৰাকী বিধায়কৰ ভিতৰত ১৫১ গৰাকী বিধায়কেই কোটিপতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 12, 2022 4:52 pm
Gujarat Assembly
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ৮ ডিচেম্বৰত গুজৰাট বিধানসভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হয়। ঘোষিত ফলাফল অনুসৰি ভাৰতীয় জনতা পাৰ্টিয়ে অভিলেখ সংখ্যক আসন লাভ কৰি বিজয় সাব্যস্ত কৰিছে। নিৰ্বাচনত জয়ৰ পাছতে সোমবাৰে ভূপেন্দ্ৰ ভাই পেটেলে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিছে।

এই নিৰ্বাচনৰ এক বিশেষ সমীক্ষা তথা অধ্যয়নে দেশবাসীৰ চকু কপালত তুলিছে। Association for Democratic Reforms চমুকৈ ADRএ কৰিছে এই অধ্যয়ন। সংস্থাটোৱে কৰা অধ্যয়ন অনুসৰি ৰাজ্যখনৰ নৱনিৰ্বাচিত ৮১ শতাংশ বিধায়কেই হৈছে কোটিপতি। অৰ্থাৎ ১৮২ গৰাকী বিধায়কৰ ভিতৰত ১৫১ গৰাকীয়েই হৈছে কোটিপতি বিধায়ক। বিগত বিধানসভাতকৈ এইবাৰ কোটিপতি বিধায়কৰ সংখ্যা বৃদ্ধি পাইছে।

উল্লেখ্য যে বিগত বিধানসভাত ৰাজ্যখনৰ কোটিপতি বিধায়কৰ সংখ্যা আছিল ১৪১ গৰাকী। ইফালে ২২ শতাংশ বিধায়কৰে বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ। অৰ্থাৎ প্ৰতি ১০ বিধায়কৰ ভিতৰত এজনকৈ অপৰাধেৰে জড়িত বিধায়কো আছে।

এই অধ্যয়নৰ মতে বিজেপিৰ ১৫৬ গৰাকী বিজেপি বিধায়কৰ ভিতৰত ১৩১ গৰাকীয়েই কোটিপতি। আনহাতে ১৭ গৰাকী কংগ্ৰেছ বিধায়কৰ ভিতৰত ১৪ গৰাকী, আম আদমী পাৰ্টি আৰু সমাজবাদী পাৰ্টিৰ এগৰাকীকৈ আৰু নিৰ্বাচিত তিনিওগৰাকী নিৰ্দলীয় বিধায়কেই কোটিপতি।

এই ১৫১ গৰাকী কোটিপতি বিধায়কৰ ভিতৰত ৭৩ গৰাকী বিধায়ক সম্পত্তি ৫ কোটিতকৈ অধিক। আৰু অন্য ৭৩ গৰাকী বিধায়কৰ সম্পত্তিৰ পৰিমাণ হৈছে ২ কোটিৰ পৰা ৫ কোটিৰ ভিতৰত।

ইয়াৰ মাজতে উল্লেখনীয় দিশটো হৈছে ইয়াৰে প্ৰতিজন বিজয়ী প্ৰাৰ্থীৰে গড় সম্পত্তি ২০১৭ চনৰ বিধানসভাৰ তুলনাত প্ৰায় দুগুণলৈ বৃদ্ধি পাইছে। সমীক্ষাৰ মতে নিৰ্বাচিত প্ৰাৰ্থীসকলৰ সম্পত্তি ২০১৭ চনৰ তুলনাত ২০২২ চনলৈ গড়ে ৮.৪৬ কোটিৰ পৰা গড়ে ১৬.৪১ কোটিলৈ বৃদ্ধি পাইছে।

ইফালে দাখিল কৰা শপতনামা অনুসৰি পুনৰ নিৰ্বাচিত ৭৪ গৰাকী বিধায়কৰ সম্পত্তি গড় বৃদ্ধিৰ হাৰ হৈছে ৪০ শতাংশ। এই বিধায়কসকলৰ গড় সম্পত্তি ২০১৭ চনৰ ২.১২ কোটি টকাৰ পৰা ২০২২ চনত ১৭ কোটি টকালৈ বৃদ্ধি পাইছে।

বিজেপিৰ বিধায়ক বাবুভাই পেটেলৰ সম্পত্তি ২০১৭ চনত ৩২.৫২ কোটি টকাৰ পৰা ২০২২ চনত ৬১.৪৭ কোটিলৈ বৃদ্ধি পাইছে। আন দুই বিজেপি বিধায়ক হৰ্ষ সংঘবীৰৰ সম্পত্তি ২০১৭ চনত ২.১২ কোটিৰ পৰা ২০২২ লৈ প্ৰায় ১৫ কোটি বৃদ্ধি ঘটি ১৭ কোটি টকা হৈছে। অন্য এগৰাকী বিজেপি বিধায়ক জগদীশ বিশ্বকৰ্মাই ১৪.৭৫ কোটিৰ পৰা বৃদ্ধি কৰি মুঠ সম্পত্তিৰ পৰিমাণ ২৯.০৬ কোটি টকালৈ কৰিছে।

গুজৰাটৰ এই কোটিপতি বিধায়কসকলৰ ভিতৰত আটাইতকৈ ধনী বিধায়ককেইগৰাকী হৈছে বিজেপিৰ। বিজেপিৰ বিধায়ক ক্ৰমে জে এছ পেটেলৰ সম্পত্তিৰ পৰিমাণ হৈছে ৬৬১ কোটি, বলবন্ত সিংহ ৰাজপুতৰ ৩৭২ কোটি আৰু ৰমেশ তিলালাৰ সম্পত্তিৰ পৰিমাণ হৈছে ১৭৫ কোটি টকা।

ইফালে কোটিপতি বিধায়কৰ তুলনাত শিক্ষিত বিধায়কৰ সংখ্যা তথৈৱচ। মুঠ বিধায়কৰ ৫২.৭৫ শতাংশই হৈছে স্কুলীয়া শিক্ষা সাং কৰা আৰু দ্বাদশ শ্ৰেণীলৈকে অধ্যনৰত বিধায়ক। ১৮২ গৰাকী বিধায়কৰ মাজৰ ভিতৰত মাত্ৰ ৬ গৰাকীয়ে পিইচডি ডিগ্ৰীধাৰী, ১৯ গৰাকী স্নাতকোত্তৰ, ২৪ গৰাকী স্নাতক, ৬ গৰাকী ডিপ্লমাধাৰী, ৮৬ গৰাকী পঞ্চম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে অধ্যয়ন কৰা আৰু ৭ গৰাকী বিধায়ক হৈছে মাত্ৰ স্বাক্ষৰ।

এই সমীক্ষাই প্ৰমাণ কৰিছে যে ধনবলেই হৈছে নিৰ্বাচনী ৰাজনীতিৰ মূল হাথিয়াৰ। ৰাজনৈতিক দলবোৰেও শিক্ষা দীক্ষা আৰু সেৱা মনোবৃত্তিতকৈ ধনবলকেই প্ৰাৰ্থীসকলৰ যোগ্যতাৰ মাপকাঠি হিচাপে গণ্য কৰি আহিছে। সেয়ে স্বাক্ষৰ পৰা মাত্ৰ স্কুলীয়া শিক্ষা সাং কৰা বুজন পৰিমাণৰ লোকে ধনৰ বলতেই নিৰ্বাচনত জয়ী হৈ বিধায়কৰ পদত অধিষ্ঠিত হৈছে।

কেৱল স্বাক্ষৰ আৰু স্বল্প শিক্ষিত লোকে ধনবলৰ প্ৰভাৱ খটুৱাই নিৰ্বাচনত জয়ী হৈ বিধায়ক হৈ সংসদীয় গণতন্ত্ৰক জীপাল কৰি তোলাৰ বিপৰীতে গণতন্ত্ৰক তিলতিলকৈ মৃত্যুৰ মুখলৈ থেলি নিদিব নে? গুজৰাটৰ বিধায়কসকলৰ এই সমীক্ষাই এই প্ৰশ্নটোক প্ৰাসংগিক কৰি তোলাই নহয়, ভাৰতীয় গণতন্ত্ৰৰ বাবেই ই অশনিৰ সংকেত কঢ়িয়াই আনিছে বুলিও সচেতন মহলত চৰ্চা লাভ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

September 18, 2025 6:45 pm
মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

September 18, 2025 6:40 pm
দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

September 18, 2025 5:38 pm
জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

September 18, 2025 5:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

September 18, 2025 6:45 pm
মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

September 18, 2025 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd