• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৰপেটা জিলাত ভুৱা লিগেচি ডাটা ব্যৱহাৰৰ পাঁচটাকৈ গোচৰ ৰুজু

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
April 27, 2018 8:54 pm
nrc assam
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

”ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কামত কোনো অবৈধ বিদেশীয়ে যাতে ভুৱা তথ্যৰে এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰিব নোৱাৰে তাৰ বাবে বৰপেটা জিলাত সম্পূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।” এই মন্তব্য বৰপেটা জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰৰ। আজি বৰপেটা জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত এখন সংবাদমেল সম্বোধন কৰি উপায়ুক্তগৰাকীয়ে কয় যে জিলাখনত একাংশ লোকে ভুৱা লিগেচি ডাটা ব্যৱহাৰ কৰি এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰাৰ চেষ্টা চলাই আহিছে যদিও এনে চেষ্টা ব্যৰ্থ কৰা হৈছে।

তেওঁ লগতে কয় যে ভুৱা লিগেচি ডাটা ব্যৱহাৰ কৰি নাম অন্তৰ্ভুক্তিৰ চেষ্টা কৰা সন্দৰ্ভত জিলাখনত পাঁচটাকৈ গোচৰ ৰুজু কৰা হৈছে। ইয়াৰে বৰপেটা ৰাজহ চক্ৰৰ অন্তৰ্গত বৰপেটা সদৰ থানাত তিনিটা আৰু বৰনগৰ ৰাজহ চক্ৰৰ অন্তৰ্গত সৰভোগ থানাত দুটা গোচৰ ৰুজু কৰা হৈছে।

Apply Now

উপায়ুক্তগৰাকীয়ে আৰু কয় যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত প্ৰকৃত কোনো ভাৰতীয়ৰ নাম যাতে বাদ নপৰে তাৰ বাবে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰি আছে।

আনহাতে এন আৰ চিৰ কামৰ অগ্ৰগতিৰ ছবি দাঙি ধৰি উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে যে ইতিমধ্যে জিলাখনত এন আৰ চিৰ নথি-পত্ৰ পৰীক্ষা-নিৰীক্ষাৰ বাবে ৩ হাজাৰ ৭১৭গৰাকী বিষয়া-কৰ্মচাৰীক নিয়োগ কৰা হৈছে। ইয়াৰে ৭৪৩ গৰাকী হৈছে তদন্তকাৰী বিশেষ নিৰীক্ষণ বিষয়া। আজি নতুনকৈ ২৫ গৰাকী বিষয়াক প্ৰশিক্ষণ দি থকা হৈছে আৰু তেওঁলোকক নিয়োগ কৰা হ’ব বুলিও জানিবলৈ দিছে। ইতিমধ্যে ৩৯৮ গৰাকী তদন্তকাৰী বিষয়াই ২৮১ টা কেন্দ্ৰত নথি-পত্ৰসমূহ পৰীক্ষা-নিৰীক্ষা চলাই আছে আৰু ৩৪৫ গৰাকী বিশেষ নিৰীক্ষক বিষয়াই সমগ্ৰ প্ৰক্ৰিয়াটো তদাৰকী কৰি আছে।

উপায়ুক্তগৰাকীয়ে কয় যে, গোটেই পৰীক্ষণ  প্ৰক্ৰিয়াটোক ‘টাইপ-১’, ‘টাইপ-২’ আৰু ‘টাইপ-৩’ এই তিনিটা পৰ্যায়ত ভাগ কৰা হৈছে। ইয়াৰে ‘টাইপ-১’ ত ২৭৭৩৬ গৰাকী লোকৰ নথি-পত্ৰ আৰু ‘টাইপ-২’ ত মুঠ ২৪৪৩০ গৰাকী লোকৰ নথিপত্ৰ পৰীক্ষা কৰি থকা হৈছে। আনহাতে, ‘টাইপ-৩’ ত ৪৮৭৬৫ গৰাকীৰ নথি-পত্ৰ পৰীক্ষা কৰি থকা হৈছে।

উপায়ুক্তজনে ‘টাইপ-৩’ ত অন্তৰ্ভুক্ত নথি-পত্ৰসমূহ অতি জটিল বুলি জানিবলৈ দিয়ে। সংবাদমেলত উপস্থিত থকা বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক ভায়’লেট বৰুৱাই কয় যে ইতিমধ্যে এন আৰ চিৰ কাম সুকলমে সম্পন্ন কৰাৰ বাবে জিলাখনত ৮ টাকৈ নিৰাপত্তাৰক্ষীৰ কোম্পানী নিয়োগ কৰা হৈছে। ইয়াৰে ২ টা কোম্পানী এছ এছ বি আৰু ৬ টা কোম্পানী চি আৰ পি এফৰ। ইতিমধ্যে এ পি বি এনৰ ৪০জনক নিয়োগ কৰা হৈছে বুলিও আৰক্ষী অধীক্ষকগৰাকীয়ে উল্লেখ কৰে।

সংবাদমেলত উপায়ুক্তগৰাকীয়ে কয় যে, এন আৰ চিৰ খচৰাত যিসকলৰ নাম অন্তৰ্ভুক্ত নহয়, তেওঁলোকে শংকিত হোৱাৰ কোনো প্ৰয়োজন নাই। চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ পিছতো উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি, নাম অন্তৰ্ভুক্ত নোহোৱা লোকসকলে পুনৰ উপযুক্ত নথিসহ আবেদন কৰাৰ বাবে এমাহ সময় লাভ কৰিব। কোনো প্ৰতিক্ৰিয়াশীল চক্ৰই যাতে এন আৰ চি প্ৰস্তুতকৰণত বাধা দিব নোৱাৰে তাৰ বাবে সকলো দল-সংগঠনক সহায়-সহযোগিতা আগ বঢ়াবলৈও আহ্বান জনায় উপায়ুক্তগৰাকীয়ে। সংবাদমেলত এন আৰ চিত বিশেষভাৱে দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত পুলক পাটগিৰীও উপস্থিত আছিল।

পুলেন্দ্ৰ দাস

পুলেন্দ্ৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অকল ফোন আৰু মেছেজ কৰা গ্ৰাহকৰ বাবে ভাল খবৰ! ৰিচাৰ্জৰ খৰচ কমাবলৈ টেলিকম কোম্পানীক কঠোৰ নিৰ্দেশ ট্ৰাইৰ

অকল ফোন আৰু মেছেজ কৰা গ্ৰাহকৰ বাবে ভাল খবৰ! ৰিচাৰ্জৰ খৰচ কমাবলৈ টেলিকম কোম্পানীক কঠোৰ নিৰ্দেশ ট্ৰাইৰ

September 24, 2026 12:56 pm
নগাঁও লোকসভাৰ উপ-নিৰ্বাচনক লৈ উত্তপ্ত ৰাজনৈতিক প্ৰেক্ষাপট: নিৰ্বাচনী হিংসাৰ প্ৰতিবাদ ড° হীৰেন গোহাঁইসহ বিশিষ্ট নাগৰিকৰ

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনক লৈ উত্তপ্ত ৰাজনৈতিক প্ৰেক্ষাপট: নিৰ্বাচনী হিংসাৰ প্ৰতিবাদ ড° হীৰেন গোহাঁইসহ বিশিষ্ট নাগৰিকৰ

September 24, 2026 12:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd