• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

বৰ্ষান্ত বিশেষ ২০২২: বিশ্বৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ কেইটামান ঐতিহাসিক ঘটনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 31, 2022 10:03 pm
World Politics in 2022
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২২ চনত বিশ্বৰ ৰাজনৈতিক পট সলনি কৰি দিব পৰাকৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘটনা ঘটি যায়। বিশ্ব ৰাজনীতিত বৰ্ষটোত চৰ্চিত হৈ পৰা কেইটামান বিশেষ ঘটনা চাওঁ আহক:

১/ পুনৰ আৰম্ভ হয় ৰুছ ইউক্ৰেইনৰ যুদ্ধ। ইউক্ৰেইন বিচাৰি পুটিনে সামৰিক অভিযান চলাই ইউক্ৰেইনত। হাজাৰ হাজাৰ সেনা, সাংবাদিক আৰু সাধাৰণ নাগৰিকৰ প্ৰাণ হানি হয় পুটিনৰ নিৰ্দয় আক্ৰমণত।
২০২২ চনৰ ২৪ ফেব্ৰুৱাৰীত ৰাছিয়াই “বিশেষ সামৰিক অভিযান” আৰম্ভ কৰে ইউক্ৰেইনৰ বিৰুদ্ধে। তেতিয়াৰ পৰা সম্পূৰ্ণ ২০২২ চনটোত প্ৰতিদিনেই ইউক্ৰেইনত ফুটি থাকিল ৰাছিয়াৰ গুলী-বাৰুদ। ৰাছিয়াৰ নিৰ্লজ্জ আগ্ৰাসনৰ ফলত এতিয়ান সমগ্ৰ বিশ্বত সৃষ্টি হৈছে বিভিন্ন অৰ্থনৈতিক সংকটৰ। ৰুছ ইউক্ৰেইনৰ যুদ্ধৰ বাবে এতিয়া অন্য দেশ সমূহে অৰ্থনৈতিক সংগ্ৰাম কৰিব লগীয়া হৈছে।

How Russia-Ukraine war affected Nigeria's economy

২) ২০২২ চনত নিজ গৃ্হভূমি এৰি পলাইছে লাখ লাখ নাগৰিকে। বিভিন্ন দেশত হৈ থকা যুদ্ধ আদিৰ বাবে মৰণৰ ভয়ত অন্য দেশলৈ গমন কৰিছে কেইবাখনো দেশৰ নাগৰিকে। বৰ্তমান বিশ্বৰ প্ৰায় ৩.২ কোটি লোক শৰণাৰ্থী, অৰ্থাৎ তেওঁলোকে নিৰ্যাতন, সংঘাত বা হিংসাৰ বাবে নিজৰ জন্মভূমি এৰি পলায়ন কৰিছে। ছিৰিয়া, আফগানিস্তান, দক্ষিণ চুডান, য়েমেন, ইউক্ৰেইন, ইত্যাদি দেশৰ আভ্যন্তৰীণ পৰিস্থিতি আৰু যুদ্ধৰ বাবে অন্য দেশলৈ ঢাপলি মেলিছে নাগৰিক সকলে।

Refugee | Definition, History, & Facts | Britannica

৩) বৰ্ষটোত এক জটিল ৰাজনৈতিক পৰিস্থিতিৰ সমুখীন হয় বিট্ৰেইন। ২০২২ চনত অস্থিৰ ৰাজনৈতিক পৰিস্থিতিয়ে বিৰাজ কৰে ব্ৰিটেইনত। কোভিড পৰিস্থিতি, ৰুছ-ইউক্ৰেইনৰ যুদ্ধ, চৰকাৰৰ দক্ষতাহীনতা ইত্যাদি কাৰণত প্ৰবল মুদ্ৰাস্ফীতিৰ সৃষ্টি হয় দেশখনত। সৃষ্টি হয় নিৱনুৱা সমস্যাৰ। ঔদ্যোগিক ক্ষেত্ৰলৈও আহে তীব্ৰ সংকটৰ। যাৰ বাবে মাত্ৰ এবছৰত তিনি জনকৈ প্ৰধানমন্ত্ৰী সলনি হয় ব্ৰিটেইনত। ২০১৯ চনৰ পৰা প্ৰধানমন্ত্ৰী হৈ থকা বৰিচ জনচনে ২০২২ চনৰ জুলাই মাহত প্ৰধানমন্ত্ৰীৰ পদৰ পৰা অব্যাহতি লবলৈ বাধ্য হৈ পৰে। জনচনৰ বিৰুদ্ধে উত্থাপন হয় অলেখ কেলেংকাৰীৰ অভিযোগ। চৰকাৰ সদস্য সকলৰ লগতে জনতাইয়ো গঢ়ি তোলে তীব্ৰ প্ৰতিবাদ। ইয়াৰ পিছতেই ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰূপে ৬ ছেপ্তেম্বৰৰ দিনা শপত গ্ৰহণ কৰে – লিজ ট্ৰাছে। কিন্তু ৰাজনৈতিক তথা ব্ৰিটেইনৰ অৰ্থনৈতিক অস্থিৰতাক স্থিতি প্ৰদান কৰিব নোৱাৰি মাত্ৰ ৫০ দিনৰ পিছতেই অৰ্থাৎ ২৫ অক্টোবৰৰ দিনা লিজা ট্ৰাছেও পদত্যাগ কৰিবলগা হয়। ২৫ অক্টোবৰৰ দিনা ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয় ভাৰতীয় মূলৰ ঋষি সুনাক। এনেদৰেই একেটা বৰ্ষতে নোহোৱা নোপোজা ঘটনাৰ দৰে তিনিজনকৈ প্ৰধানমন্ত্ৰী সলনি কৰিবলগা হ’ল এটা সময়ত আধা বিশ্বত নিজৰ শাসন চলোৱা ব্ৰিটেইনে।

While Centre-Farmer Talks Stall, UK Parliament to Hold Debate on Laws and Protests

৪) ২০২২ চনত ৰাজনৈতিক, অৰ্থনৈতিক আৰু জলবায়ু সংকটে পাকিস্তানক জুৰুলা কৰে। হিমবাহ গলি পাকিস্তানত বছৰটোত সৃষ্টি হয় অনাহূত বান পৰিস্থিতিৰ। বানে ধ্বংস কৰে পাকিস্তানৰ ১০ লাখকৈ ঘৰ। চীন, ৰাছিয়া আাৰু আমেৰিকাৰ ওচৰত অগণন ঋণত বুৰ যায় পাকিস্তান চৰকাৰ। ভয়ানক মুদ্ৰাস্ফীতিৰ সৃষ্টি হয় পাকিস্তানত। যাৰ বাবে এতিয়া সংকটৰ গৰাহলৈ আগবাঢ়িছে পাকিস্তানৰ জনগণ। ইয়াৰ লগতে প্ৰধানমন্ত্ৰী ইমৰান খানৰ অবিবেচক সিদ্ধান্ত, বিৰোধীৰ ঐকান্তিক প্ৰচেষ্টা, আভ্যন্তৰীণ ষড়যন্ত্ৰ, অৰ্থনৈতিক মন্দাৱস্থা আদি কাৰণত যোৱা এপ্ৰিল মাহত পাকিস্তানৰ নেশ্যনেল এছেম্বলীত অনাস্থাৰ ভোটত হাৰ মানে ইমৰান খানে। ইমৰান খানক প্ৰধানমন্ত্ৰীৰ পদৰ পৰা আঁতৰাবলৈ পাকিস্তানৰ ৰাজনীতিত এক নাটকীয় পৰিৱেশৰ সৃষ্টি হয়। অৱশেষত ইমৰানৰ উফৰাই পাকিস্তানৰ মচনদ দখল কৰে মুছলীম লীগৰ নেতা শ্বেহবাজ শ্বৰীফে। ইয়াৰ পিছতো ইমৰান খানক হত্যাৰ ষড়যন্ত্ৰ চলি থাকে। যোৱা নবেম্বৰ মাহত এখন ৰাজহুৱা সভাত ইমৰান খানলৈ লক্ষ্য কৰি দুৰ্বিত্তই গুলী কৰে। ভৰিত গুলী লাগি আঘাতপ্ৰাপ্ত হয় ইমৰান খান।

Pakistan's prime minister Imran Khan ousted in a no-confidence vote in parliament | South China Morning Post

৫) ইৰাণৰ প্ৰতিবাদ। এইটো ২০২২ বৰ্ষৰ এটা ঐতিহাসিক ঘটনা। ইৰাৰণত হিজাব বিৰোধী আন্দোলন চলি আছে। হিজাবৰ বিৰুদ্ধে ইৰানত চলিছে এই শতিকাৰ আটাইতকৈ ডাঙৰ নাৰীবাদী আন্দোলন। নাৰীৰ অধিকাৰ, স্বতন্ত্ৰতা আদি বিষয়ক লৈ ইৰাণৰ ৰক্ষণশীল চৰকাৰ তথা সমাজ ব্যৱস্থাৰ বিৰুদ্ধে গৰজি উঠিছে ইৰানৰ মহিলাসকল।  উল্লেখযোগ্য যে ইৰাণৰ সংবিধান মতে ইৰাণীয়ান মহিলা সকলে হিজাব পৰিধান কৰাটো বাধ্যতামূলক। হইজাবৰ বিৰুদ্ধে ইৰাণত বহু বছৰ ধৰি প্ৰতিবাদ চলি আছে যদিও এইবাৰ মাহাছা আমিনি নামৰ যুৱতী গৰাকীক শাসকীয় পক্ষই হত্যা কৰাৰ পিছতেই তীব্ৰ হৈ উঠিল এই আন্দোলন। প্ৰাপ্ত তথ্য মতে এতিয়ালৈকে প্ৰায় পাঁচ শতাধিক প্ৰতিবাদকাৰীক হত্যা কৰিছে নিৰাপত্তাৰক্ষীয়ে।

Protests and Polling Insights From the Streets of Iran: How Removal of the Hijab Became a Symbol of Regime Change | Institute for Global Change

৬) ক’ভিডে ২০২২ তো লগ নেৰিলে বিশ্বক। ২০২২ চনতো কভিডৰ না না ভেৰিয়েন্টে জোঁকাৰি আছে প্ৰায়বোৰ দেশকে। ২০২২ বৰ্ষৰ শেষৰ ফালে চীনত কভিডৰ বাবে অবৰ্নণীয় পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি জানিব পৰা গৈছে। ২০২২ চনৰ শেষৰ ফালে প্ৰতি সপ্তাহত ২০০০ৰো অধিক আমেৰিকান লোক ক’ভিডত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছিল। ভাৰততো অব্যাহত আছে কোভিড সংক্ৰমণ।

Covid: Why is coronavirus such a threat? - BBC News

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

September 18, 2025 9:07 am
১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

September 18, 2025 9:03 am
ভাৰতীয় কনছুলেট জব্দৰ হুমকি! কানাডাত পুনৰ সক্ৰিয় খালিস্তান সমৰ্থক SFJ

ভাৰতীয় কনছুলেট জব্দৰ হুমকি! কানাডাত পুনৰ সক্ৰিয় খালিস্তান সমৰ্থক SFJ

September 18, 2025 8:31 am
সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

September 18, 2025 7:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

September 18, 2025 9:07 am
১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

September 18, 2025 9:03 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd