• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ভাৰত জোড়ো যাত্ৰাত আন এক মুখ: ৰাহুল গান্ধীক সংগ দিলে ৰ’- ৰ প্ৰাক্তন মুৰব্বী অমৰজিৎ সিং দুলাটে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 3, 2023 7:26 pm
Bharat Jodo Yatra
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত বিজেপিয়ে বিভাজনৰ ৰাজনীতিৰে অপশাসন চলোৱাৰ অভিযোগ তুলি বিজেপি চৰকাৰৰ এই অপশাসনৰ বিৰুদ্ধে দেশবাসীক একত্ৰিত কৰাৰ লক্ষ্যৰে ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছে আৰম্ভ কৰা ভাৰত জোড়ো যাত্ৰাই ইতিমধ্যে তিনিমাহ অতিক্ৰম কৰিছে।

কংগ্ৰেছৰ এই বিশেষ কাৰ্যসূচীয়ে ব্যাপক জনসমৰ্থন লাভ কৰা দেখিবলৈ পোৱা গৈছে। যোৱা ৮ ছেপ্টেম্বৰত কন্যাকুমাৰীৰ পৰা আৰম্ভ হোৱা দলটোৰ এই ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ কৰা যাত্ৰীসকলে আজি উত্তৰ প্ৰদেশত প্ৰৱেশ কৰে।

Apply Now

আজি ভাৰত জোড়ো যাত্ৰাৰ সময়ত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সৈতে দেখিবলৈ পোৱা যায় এগৰাকী বিশেষ ব্যক্তিক। ভাৰতীয় চোৰাংচোৱা সংস্থা ৰ’ (RAW)- ৰ প্ৰাক্তন মুৰব্বী অমৰজিৎ সিং দুলাটে আজি ৰাহুল গান্ধীক যাত্ৰাত সংগ দিয়ে।

৯ দিনীয়া বিৰতিৰ অন্তত পুনৰ আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰা উত্তৰ প্ৰদেশত প্ৰৱেশ কৰাৰ পূৰ্বে দিল্লীৰ বাবৰপুৰ অঞ্চলত ৰ’- ৰ প্ৰাক্তন মুৰব্বীগৰাকীয়ে যাত্ৰাত যোগদান কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সৈতে একেলগে পদযাত্ৰা কৰে।

কংগ্ৰেছৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত শ্বেয়াৰ কৰা এখন ফটোত ৰাহুল গান্ধীৰ সৈতে হাতত হাত ধৰি অমৰজিৎ সিং দুলাটে পদযাত্ৰা কৰা দেখিবলৈ পোৱা গৈছে।

Former Special Director of the Indian Intelligence Bureau & former Secretary of Research and Analysis Wing (RAW) Shri A.S. Dulat joins Shri @RahulGandhi during the #BharatJodoYatra. A.S. Dulat also served as an advisor on J&K in the Vajpayee government after his retirement. pic.twitter.com/fMu6iaN7am

— Congress (@INCIndia) January 3, 2023

উল্লেখ্য যে ভাৰত জোড়ো যাত্ৰাত বিগত সময়চোৱাত ৰাজনৰ উপৰি আন বহুকেইগৰাকী বিশিষ্ট লোকেও অংশগ্ৰহণ কৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্ণৰ ৰঘুৰাম ৰাজনে বিগত বৰ্ষৰ ডিচেম্বৰ মাহত ৰাজস্থানত ভাৰত জোড়ো যাত্ৰাত যোগদান কৰিছিল।

২৪ ডিচেম্বৰত দিল্লীত এই পদযাত্ৰাত অভিনেতা তথা মক্কল নীধি মৈয়ামৰ মুৰব্বী কমল হাছানেও অংশ লৈছিল। সমাজ কৰ্মী মেধা পাটকাৰ, যোগেন্দ্ৰ যাদৱ, মহাত্মা গান্ধীৰ আজো-নাতি লেখক তথা সমাজ কৰ্মী তুষাৰ গান্ধী, অভিনেত্ৰী স্বাৰা ভাস্কৰ, বক্সাৰ বিজেন্দৰ সিঙৰ লগতে আন বহুকেইগৰাকী ব্যক্তিয়ে ভাৰত জোড়ো যাত্ৰাত ৰাহুল গান্ধীক সংগ দিছে।

ইয়াৰ উপৰিও দেশৰ ৰাজনীতিত খলকনি তোলা, জাতিভেদ ব্যৱস্থাৰ নিষ্ঠুৰতাৰ বলি হৈ ২০১৭ চনত আত্মহত্যাৰ পথ বাচি লোৱা হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ৰোহিত ভেমুলাৰ মাতৃ, ২০১৭ চনতে আততায়ীৰ গুলীত প্ৰাণ হেৰুওৱা সাংবাদিক গৌৰী লংকেশৰ মাতৃ-ভগ্নীয়েও ৰাহুল গান্ধীৰ সৈতে ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছিল।

দিল্লীৰ কাশ্মীৰী গেটৰ পৰা যাত্ৰা পুনৰ আৰম্ভ হোৱাৰ পাছত আজি গাজিয়াবাদৰ লনী সীমান্তৰে উত্তৰ প্ৰদেশত প্ৰৱেশ কৰে ৰাহুল গান্ধী নেতৃত্বাধীন ভাৰত জোড়ো যাত্ৰা। ৩ জানুৱাৰীৰ পৰা ৫ জানুৱাৰীলৈ উত্তৰ প্ৰদেশৰ মাজেৰে ভাৰত জোড়ো যাত্ৰাই ৬ জানুৱাৰীত হাৰিয়ানাত উপস্থিত হ’ব আৰু ১১ জানুৱাৰীত পঞ্জাৱত প্ৰৱেশ কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

September 16, 2026 3:08 pm
অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

September 16, 2026 12:56 pm
গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

September 16, 2026 11:33 am
চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

September 16, 2026 10:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

September 16, 2026 3:08 pm
অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

September 16, 2026 12:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd