কাশ্মীৰত যদি নিৰীহ লোকৰ মৃত্যু হয়, তেতিয়া লাভৱান হয় গেৰুৱা দল বিজেপি! এই বিস্ফোৰক মন্তব্যৰে সংবাদ শিৰোনাম দখল কৰিছে জম্মু-কাশ্মীৰৰ প্রাক্তন মুখ্যমন্ত্রী তথা পিডিপি নেতা মেহবুবা মুফতিয়ে। মুফতিৰ মন্তব্যই তোলপাৰ লগাইছে দেশ।
নৱ বৰ্ষৰ আৰম্ভণিতে সন্ত্ৰাসবাদীৰ আক্ৰমণে ৰক্তাক্ত কৰি তুলিছিল জম্মু-কাশ্মীৰ। উপত্যকাটোৰ ৰাজৌৰীত উগ্ৰপন্থীৰ আক্ৰমণত নিহত হৈছিল চাৰি গৰাকী লোক। আনহাতে গুৰুতৰভাৱে আহত হৈছিল ৬ গৰাকী লোক।
সেই ঘটনাৰ আধাৰতে কেন্দ্ৰৰ শাসনাধিষ্ঠ বিজেপিৰ প্ৰতি কঠোৰ হৈ পৰে মেহবুবা মুফতি। মেহবুবাই কয় যে “কাশ্মীৰত নিৰীহ লোকক হত্যা কৰিলে বিজেপিৰ লাভ হয়। কাৰণ তেওঁলোকে সংখ্যালঘুৰ বিৰুদ্ধে কাহিনীৰ অপপ্ৰচাৰেৰে কাশ্মীৰীসকলক ভাৰতৰ আন ঠাইত দানৱী ৰূপে তুলি ধৰে। অৱশ্যে কিয় এনে হৈছে সেই প্ৰশ্ন কেতিয়াও উত্থাপন কৰা নহয়।”
দেওবাৰে সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ বাবেও সেনাক জগৰীয়া কৰে পিডিপি নেতাগৰাকীয়ে। তেওঁ কয়, “ৰাজৌৰীৰ জনসাধাৰণে অভিযোগ কৰিছে যে সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে সেনা দায়ী।” তেওঁ দাবী কৰে যে স্থানীয় ৰাইজে ইতিমধ্যে অঞ্চলটোত সংঘটিত উগ্ৰপন্থী কাৰ্যকলাপৰ বিষয়ে সেনাক অৱগত কৰিছে। তাৰ পিছতো এই আক্ৰমণ সংঘটিত হৈছিল।
উল্লেখ্য যে, দেওবাৰে সন্ধিয়া ৰাজৌৰীৰ ডাংৰি গাঁৱত ভয়ংকৰ আক্ৰমণ সংঘটিত হৈছিল। হঠাৎ ২ বন্দুকধাৰীয়ে আক্ৰমণ কৰিছিল গাঁওখনত। গাঁৱৰ তিনিটা ঘৰত প্ৰৱেশ কৰি নিৰ্বিচাৰে গুলীচালনা আৰম্ভ কৰিছিল দুই বন্দুকধাৰীয়ে। প্ৰথম অৱস্থাত এই আক্ৰমণত ২ গৰাকী লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছিল।
পিছত ৰাজৌৰী চিকিৎসা মহাবিদ্যালয়ত আৰু ২ গৰাকী স্থানীয় গাঁওবাসীয়ে প্ৰাণ হেৰুৱাইছিল। আনহাতে সংকটজনক অৱস্থাত থকা আন দুগৰাকী ব্যক্তিক উন্নত চিকিৎসাৰ বাবে জম্মুলৈ লৈ যোৱা হৈছিল।