চুবুৰীয়া ৰাষ্ট্ৰ জাপানৰ সৈতে যৌথ বিমান অনুশীলন চলাব ভাৰতে। দুয়োখন দেশৰ মাজত বায়ু প্ৰতিৰক্ষা সহযোগিতা বৃদ্ধিৰ উদ্দেশ্যে ভাৰতীয় বায়ুসেনা (আই এ এফ) আৰু জাপান বায়ু আত্মৰক্ষা বাহিনী (জে এ এছ ডি এফ)- এ যৌথ বিমান অনুশীলন “বীৰ গাৰ্ডিয়ান ২০২৩” অনুষ্ঠিত কৰিবলৈ সাজু হৈছে।
এই অনুশীলনত অংশগ্ৰহণৰ বাবে দেওবাৰে জাপানলৈ ৰাওনা হ’ব আই এ এফৰ এটা দল। ভাৰতৰ প্ৰথমগৰাকী মহিলা যুঁজাৰু পাইলট স্কোৱাড্ৰন কেপ্তেইন অভনী চতুৰ্বেদীয়ে এই অনুশীলনত অংশগ্ৰহণ কৰি দেশৰ বাহিৰত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় যুদ্ধ খেলত অংশগ্ৰহণ কৰা আই এ এফৰ প্ৰথমগৰাকী মহিলা বিষয়া হিচাপে পৰিগণিত হ’ব।
অহা ১২ জানুৱাৰীৰ পৰা ২৬ জানুৱাৰীলৈ জাপানৰ হিয়াকুৰি বিমান ঘাটিত অনুষ্ঠিত হ’বলগীয়া এই অনুশীলনত অংশগ্ৰহণ কৰা ভাৰতীয় দলটোত চাৰিখন ছু-৩০ এম কে আই, দুখন চি-১৭ আৰু এখন আই এল-৭৮ বিমান অন্তৰ্ভুক্ত হ’ব। আনহাতে জে এ এছ ডি এফে চাৰিখন এফ-২ বিমান আৰু চাৰিখন এফ-১৫ বিমানেৰে অংশগ্ৰহণ কৰিব।
An IAF contingent will depart tomorrow for Hyakuri Air Base, Japan for the maiden Exercise Veer Guardian 2023 to be held with Japan Air Self Defence Force from 12 to 26 Jan 2023
IAF will participate with four Su-30 MKI, two C-17 Globemasters & an IL-78 tanker.@JASDF_PAO_ENG pic.twitter.com/vIocSw7ywb
— Indian Air Force (@IAF_MCC) January 7, 2023
২০২২ চনৰ ৮ ছেপ্টেম্বৰত টকিঅ’ত অনুষ্ঠিত হোৱা দ্বিতীয়খন ২+২ বৈদেশিক আৰু প্ৰতিৰক্ষা মন্ত্ৰীসভাৰ বৈঠকত দুয়োখন দেশে দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতা বৃদ্ধি আৰু অধিক সামৰিক অনুশীলনত ভাগ হ’বলৈ সন্মত হয়।
এই অনুশীলনে দুয়োখন দেশৰ মাজত কৌশলগত সম্পৰ্ক গভীৰ আৰু ঘনিষ্ঠ প্ৰতিৰক্ষা সহযোগিতাৰ আন এক পদক্ষেপ হ’ব। উদ্বোধনী অনুশীলনত দুয়োদেশৰ বায়ুসেনা বাহিনীৰ মাজত বিভিন্ন আকাশী যুদ্ধ অনুশীলন অনুষ্ঠিত কৰা হ’ব।
দুয়োপক্ষৰ বিশেষজ্ঞসকলেও বিভিন্ন কাৰ্যকৰী দিশৰ ওপৰত নিজৰ অভিজ্ঞতা ভাগ-বতৰা কৰিব। ‘বীৰ গাৰ্ডিয়ান’- এ দীৰ্ঘদিনীয়া বন্ধুত্বৰ বান্ধোনক সুদৃঢ় কৰি তুলিব আৰু দুয়োখন বায়ুসেনাৰ মাজত প্ৰতিৰক্ষা সহযোগিতাৰ পথসমূহ বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে।