• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

“বহু লোকক সংযোগ কৰি এক মঞ্চ প্ৰদান কৰাত সফল হৈছে ভাৰত জোড়ো যাত্ৰা”

ভাৰত জোড়ো যাত্ৰাৰ মাজতে ৰাহুল গান্ধীৰ সৈতে কৃষক নেতা ৰাকেশ টিকাইট

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 10, 2023 10:11 pm
Rahul Gandhi met Rakesh Tikait
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাহুল গান্ধীৰ নেতৃত্বত চলিত ভাৰত জোড়ো যাত্ৰাই ইতিমধ্যে লাভ কৰিছে ব্যাপক জনসমৰ্থন। কেইবাগৰাকীও বিশিষ্ট লোকে এই পদযাত্ৰালৈ সমৰ্থন আগবঢ়াই ভাৰত জোড়ো যাত্ৰাত যোগদান কৰিছে। সোমবাৰে ভাৰত জোড়ো যাত্ৰাৰ সময়তে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সাক্ষাৎ কৰে দেশৰ সমাজ-ৰাজনীতিৰ এক চিনাকি মুখ কৃষক নেতা ৰাকেশ টিকাইটে।

ভাৰতীয় কিষাণ ইউনিয়নৰ নেতাগৰাকীয়ে কংগ্ৰেছৰ নেতৃত্বত চলি থকা ভাৰত জোড়ো যাত্ৰাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে। টিকাইটে ৰাহুল গান্ধীক সাক্ষাৎ কৰাৰ পাছতে ভাৰত জোড়ো যাত্ৰাৰ প্ৰশংসা কৰি এই কাৰ্যসূচীয়ে বহু লোকক সংযোগ কৰি এক মঞ্চ প্ৰদান কৰাত সফল হৈছে বুলি মন্তব্য কৰে।

গান্ধীৰ সৈতে সাক্ষাতৰ পিছত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি কৃষক নেতাগৰাকীয়ে গান্ধীৰ সমুখত তেওঁ কংগ্ৰেছ শাসিত ৰাজ্যসমূহৰ কৃষকৰ সমস্যাসমূহ দাঙি ধৰিছে বুলি মন্তব্য কৰে। ছত্তীশগড়ত নতুন ৰাজধানী নিৰ্মাণ কৰাৰ সময়ত কৃষকসকলে উপযুক্ত ক্ষতিপূৰণ লাভ কৰা নাই বুলি গান্ধীৰ আগত উত্থাপন কৰে টিকাইটে।

লগতে তেওঁ হিমাচল প্ৰদেশৰ আপেল খেতিয়ক আৰু জম্মু-কাশ্মীৰ আৰু ৰাজস্থানৰ কৃষকৰ সমস্যাসমূহ কংগ্ৰেছৰ শীৰ্ষ নেতাগৰাকীৰ আগত উত্থাপন কৰা বুলি জানিবলৈ দিয়ে। টিকাইটৰ এই অভিযোগৰ প্ৰতি সঁহাৰি জনাই ৰাহুল গান্ধীয়ে ভাৰত জোড়ো যাত্ৰাৰ সময়ত কৃষক সন্তানসকলৰ সৈতে হোৱা সাক্ষাৎকাৰৰ কথা উল্লেখ কৰে।

গান্ধীৰ ভাষ্য মতে, যাত্ৰাৰ সময়ত তেওঁ বহু কৃষক সন্তানৰ সৈতে বাৰ্তালাপ কৰে, যিসকলে খেতিৰ বাহিৰে আন ক্ষেত্ৰত কেৰিয়াৰ গঢ়িব বিচাৰে বুলি কয়। আনহাতে ৰাহুল গান্ধীয়ে টিকাইটৰ সৈতে আলোচনাৰ সময়ত যুৱক-যুৱতীসকলক খেতিৰ প্ৰতি উৎসাহিত কৰিব পৰা এক নীতিৰ বিষয়ে উল্লেখ কৰা বুলি টিকাইটে সাংবাদিকৰ আগত সদৰী কৰিছে।

একে সময়তে ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ কৃষক পৰিক্ৰমা সমিতিয়ে দলীয় ইস্তাহাৰত নূন্যতম সমৰ্থন মূল্য (এম এছ পি)ৰ সূত্ৰ স্থান দিব বুলি আশ্বাস দিয়ে। ৰাকেশ টিকাইটে অৱশ্যে এই বৈঠকক সম্পূৰ্ণ অৰাজনৈতিক আখ্যা দিয়ে।

টিকাইটে কয় যে বিজেপিকে ধৰি কোনো ৰাজনৈতিক দলে যেতিয়ালৈকে কৃষকৰ সৈতে জড়িত বিষয়ত কথা পাতে তেতিয়ালৈকে তেওঁৰ লগত আলোচনা কৰিবলৈ কোনো সংকোচ নাই।

কৃষকৰ ভোট বেংক প্ৰসংগত তেওঁ কয় যে, কৃষক সংগঠনে কৃষকসকলক কাকো ভোট দিবলৈ নিৰ্দেশনা দিয়া নাই। কিন্তু কেন্দ্ৰীয় চৰকাৰক লৈ কৃষকৰ মাজত ক্ষোভ আছে আৰু আগন্তুক নিৰ্বাচনত ভোটৰ জৰিয়তে তাক প্ৰকাশ কৰিব বুলি তেওঁ লক্ষণীয় মন্তব্য কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

September 18, 2025 5:38 pm
জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

September 18, 2025 5:30 pm
পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

September 18, 2025 4:47 pm
নিৰ্বাচনী শপতনামাতো ফাঁকি! নিৰ্বাচন আয়োগৰ আগত সম্পত্তিৰ তথ্য লুকুৱাই ‎দুৰ্যোগৰ সন্মুখীন প্ৰমোদ বড়ো

নিৰ্বাচনী শপতনামাতো ফাঁকি! নিৰ্বাচন আয়োগৰ আগত সম্পত্তিৰ তথ্য লুকুৱাই ‎দুৰ্যোগৰ সন্মুখীন প্ৰমোদ বড়ো

September 18, 2025 4:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

September 18, 2025 5:38 pm
জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

September 18, 2025 5:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd