• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ফ্লপশ্ব’ত পৰিণত মোদীৰ প্ৰতিশ্ৰুতি! ঘোষণা মতে পূৰণ নহ’ল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবণ্টন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 13, 2023 6:47 am
PMAY
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত পৰিৱৰ্তনৰ ঢৌ আনিম বুলি শাসনলৈ আহিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ২০১৪ত প্ৰধানমন্ত্ৰী হৈয়ে চমক সৃষ্টিৰে কেতবোৰ সিদ্ধান্ত লৈছিল প্ৰধানমন্ত্ৰী মোদীয়ে। ইয়াৰ মাজৰে এটা সিদ্ধান্ত আছিল ২০২২ চনৰ ভিতৰত দেশৰ সকলো দৰিদ্ৰ সীমাৰেখা পৰিয়ালক আৱাসগৃহ দিয়াৰ। অৰ্থাৎ দৰিদ্ৰ সীমাৰেখাৰ তলৰ কোনো ভাৰতীয়ই আৰু অঘৰী হৈ নাথাকিব।

উল্লেখ্য যে কংগ্ৰেছৰ দিনত দৰিদ্ৰ সীমাৰেখা তলৰ ভাৰতীয় লোকৰ বাবে এক বিশেষ যোজনা আছিল। নাম আছিল ইন্দিৰা গান্ধী আৱাস যোজনা। এই যোজনাৰ অধীনত দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালক আৱাসগৃহ নিৰ্মাণ কৰি দিয়া হয়।

Apply Now

নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী হৈয়ে ২০১৪ চনত এই যোজনাৰ নাম সলনি কৰি প্ৰধানমন্ত্ৰী আৱাস যোজনা কৰিলে। এই যোজনাক দুটাক ভাগত বিভক্ত কৰাও হ’ল – ক্ৰমে গ্ৰাম্য আৰু নগৰাঞ্চল।

প্ৰধানমন্ত্ৰী মোদীয়ে লগতে ঘোষণা কৰে যে দেশে স্বাধীনতা লাভ কৰা ৭৫ বছৰৰ সম্পূৰ্ণ হোৱাৰ সময়ত অৰ্থাৎ ২০২২ চনৰ ভিতৰত ভাৰতৰ এজনো দৰিদ্ৰ মানুহ অঘৰী হৈ নাথাকিব। অৰ্থাৎ প্ৰতিটো দৰিদ্ৰ সীমাৰেখা তলৰ পৰিয়ালেই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ঘৰ লাভ কৰিব। কিন্তু চৰকাৰী তথ্য কৈছে যে প্ৰধানমন্ত্ৰীৰ এই ঘোষণা কাৰ্যক্ষেত্ৰত অসাৰ প্ৰতিপন্ন হৈছে।

কেন্দ্ৰীয় চৰকাৰে এই আঁচনিৰ অধীনত ২০২৩ বৰ্ষৰ জানুৱাৰীৰ ভিতৰত ২.৯৪ কোটি ঘৰ নিৰ্মাণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল। কিন্তু চৰকাৰী তথ্য অনুসৰি চৰকাৰে ২.১ কোটি ঘৰহে নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে। ঘৰ নিৰ্মাণ সম্পূৰ্ণকৰণৰ হাৰ হৈছে মাত্ৰ ৭২% হে।

অৰ্থাৎ ঘোষণা কৰা অনুসৰি প্ৰায় ৮৪ লাখ আৱাস নিৰ্মাণত ব্যৰ্থ হৈছে প্ৰধানমন্ত্ৰী মোদীৰ চৰকাৰ। চৰকাৰী তথ্য অনুসৰি এই আঁচনিৰ অধীনত আৱাস নিৰ্মাণৰ ক্ষেত্ৰত চৰকাৰে গ্ৰামাঞ্চলতকৈ নগৰাঞ্চলত অধিক ব্যৰ্থ হৈছে। নগৰাঞ্চলত আৱাস নিৰ্মাণৰ হাৰ হৈছে মাত্ৰ ৫১%।

উল্লেখ্য যে ২০২২ বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত নগৰাঞ্চলত চৰকাৰে ১.২৫ কোটি আৱাস নিৰ্মাণৰ লক্ষ্য লৈছিল ইয়াৰ ভিতৰত মাত্ৰ ৬১.২ লাখ ঘৰহে সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে। অৰ্থাৎ নিৰ্মাণ কৰিবলৈ বাকী থাকিল ৫৯ লাখ টাকৈ আৱাসগৃহ।

নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত আঁচনিখন ৰূপায়ণত ব্যৰ্থ হোৱাৰ পৰিপ্ৰেক্ষিততে মোদীৰ কেবিনেট ইয়াৰ সময়সীমা বৃদ্ধিও কৰে। ২০২১ৰ ডিচেম্বৰ আৰু ২০২২ ফেব্ৰুৱাৰিৰ কেবিনেটে ২০২৪ চনৰ ডিচেম্বৰলৈ দুবাৰকৈ বৃদ্ধি কৰে ইয়াৰ সময়সীমা।

অৰ্থাৎ ২০২৪ বৰ্ষৰ ভিতৰতে প্ৰতিটো দৰিদ্ৰ পৰিয়ালকে আৱাসগৃহ দিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে মোদী চৰকাৰে। এই লক্ষ্য স্পৰ্শ কৰিবলৈ মোদী চৰকাৰ সফল হয় নে নহয় সেয়া অতি লক্ষণীয় হ’ব।

ইফালে চৰকাৰী তথ্যই উদঙাই দিছে আন কিছু ভয়ংকৰ তথ্য। সেই তথ্য অনুসৰি বিজেপিৰ ডাব্বল ইঞ্জিনৰ চৰকাৰ থকা ৰাজ্যসমূহে এই আঁচনি ৰূপায়ণত সৰ্বাধিক ব্যৰ্থ হৈছে।

কেন্দ্ৰীয় চৰকাৰৰ পৰা ৯০% পুঁজি লাভ কৰা আৰু বেছিভাগেই বিজেপি আৰু মিত্ৰজোঁটৰ চৰকাৰ থকা ৰাজ্যসমূহ এই আঁচনি ৰূপায়ণত বিশেষভাৱে পিছপৰি আছে। ছিকিম আৰু ত্ৰিপুৰা বাদে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ অৱস্থা হৈছে তথৈৱচ।

৮৭ আৰু ৬৭%ৰে ছিকিম আৰু ত্ৰিপুৰা শীৰ্ষত আছে। পিছে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসমত ৰূপায়ণৰ হাৰ মাত্ৰ ৩৪% হে। মেঘালয়ত ৪৩%, মণিপুৰত ৩৯.৪%, মিজোৰামত ৩০%, অৰুণাচল প্ৰদেশত ২৬.৪% আৰু নাগালেণ্ডত এই হাৰ ২১%।

নক’লেও হ’ব যে ছিকিমৰ বাদে বাকীকেইখন ৰাজ্যত বিজেপি আৰু বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰেই আছে। ইফালে তেলেংগানাত এই আঁচনিয়ে একেবাৰে ৰূপায়ণ হোৱাই নাই। আনহাতে বিজেপি শাসিত গোৱাত ৮%, অন্ধ্ৰ প্ৰদেশত ১৮.২% ৰূপায়ণ কৰিছে।

ছত্তীশগড়, হাৰিয়ানা, ওড়িশা, গুজৰাট, মহাৰাষ্ট্ৰ, কেৰালা, তামিলনাডু, পঞ্জাৱ, উত্তৰাখণ্ড আদি ৰাজ্যই গড়ে প্ৰায় ৭২% সম্পূৰ্ণ কৰিছে। ইয়াৰ বিপৰীতে বিহাৰ, ৰাজস্থান, ঝাৰখণ্ড, মধ্যপ্ৰদেশে গড়ে ৮০%ৰো অধিক উত্তৰ প্ৰদেশ, হিমাচল প্ৰদেশ আৰু পশ্চিম বংগ গড়ে ৭০-৮০% ৰূপায়ণ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd