• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

প্ৰবীণ সমাজবাদী ৰাজনীতিবিদ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শাৰদ যাদৱৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 13, 2023 9:31 am
Sharad Yadav
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা দেশৰ অন্যতম বয়োজ্যেষ্ঠ সমাজবাদী নেতা শাৰদ যাদৱৰ বৃহস্পতিবাৰে মৃত্যু হয়। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা ৭৫ বছৰীয়া ৰাজনীতিবিদ গৰাকীৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটাৰ বাবে গুৰুগ্ৰামৰ ফৰ্টিছ মেম’ৰিয়েল ৰিচাৰ্চ ইনষ্টিটিউটলৈ তাৎক্ষণিকভাৱে লৈ যোৱা হৈছিল।

ফৰ্টিছ মেম’ৰিয়েল ৰিচাৰ্চ ইনষ্টিটিউটে এক বিবৃতিত উল্লেখ কৰা মতে যাদৱক লগে লগে জৰুৰীকালীন ৱাৰ্ডত ভৰ্তি কৰা হৈছিল। বিবৃতিটোত লগতে সদৰী কৰা মতে পৰীক্ষাৰ সময়ত তেওঁৰ কোনো ধৰণৰ ৰক্তচাপ ধৰা পৰা নাছিল। চিকিৎসকৰ যথাসাধ্য প্ৰচেষ্টাৰ পাছতো নিশা ১০.১৯ বজাত তেওঁক মৃত ঘোষণা কৰা হয় বুলি চিকিৎসা প্ৰতিষ্ঠানটোৱে জানিবলৈ দিয়ে।

Apply Now

ছাত্ৰ নেতা হিচাপে ৰাজনীতি আৰম্ভ কৰি শাৰদ যাদৱে কংগ্ৰেছ বিৰোধী শিবিৰৰ কাষ চাপিছিল আৰু পিছলৈ জয়প্ৰকাশ নাৰায়নৰ নেতৃত্বত সমাজবাদী আন্দোলনৰ সৈতে জড়িত হৈ পৰিছিল। অৱশ্যে ২০১৫ চনৰ বিহাৰত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনৰ পিছত ৰাজনৈতিক প্ৰতিদ্বন্দ্বী কংগ্ৰেছ আৰু লালু যাদৱৰ সৈতে গ্ৰেণ্ড এলায়েন্স গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

যাদৱে ৯০ ৰ দশকৰ শেষৰ ফালে অটল বিহাৰী বাজপেয়ী চৰকাৰ আৰু ১৯৮৯ চনত ভি পি সিং চৰকাৰত মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তিনিবাৰৰ ৰাজ্যসভাৰ সদস্য হিচাপে ৭ বাৰ লোকসভালৈ নিৰ্বাচিত হৈছিল জেষ্ঠ্য নেতাগৰাকী।

বিহাৰৰ শাসকীয় জনতা দল ইউনাইটেডৰ প্ৰতিষ্ঠাপক-সদস্য আছিল যাদৱ। কিন্তু মুখ্যমন্ত্ৰী নীতিশ কুমাৰে গ্ৰেণ্ড এলায়েন্সৰ অন্ত পেলাই বিজেপিৰ সংগ লোৱাৰ লগে লগে তেওঁ দল ত্যাগ কৰে।

২০১৮ চনত তেওঁ নিজাকৈ লোকতান্ত্রিক জনতা দল গঠন কৰিছিল যদিও দুবছৰৰ পাছত লালু যাদৱৰ ৰাষ্ট্ৰীয় জনতা দলৰ সৈতে একত্ৰিত কৰে আৰু সংহত বিৰোধীৰ দিশত এয়া প্ৰথম পদক্ষেপ বুলি অভিহিত কৰে।

যাদৱৰ মৃত্যুৰ পিছতে প্ৰধানমন্ত্ৰী মোদীৰ লগতে দেশৰ কেইবাগৰাকীও ৰাজনীতিবিদে শ্ৰদ্ধাঞ্জলি জ্ঞাপনকৰে। এক টুইটত মোদীয়ে কয় শাৰদ যাদৱৰ বিয়োগত শোক প্ৰকাশ কৰি তেওঁৰ ৰাজনৈতিক জীৱনক শ্ৰদ্ধাৰে সোঁৱৰে। লগতে তেওঁৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তথা আৰজেডি নেতা তেজস্বী যাদৱেও এক টুইট যোগে শাৰদ যাদৱৰ মৃত্যত শোক প্ৰকাশ কৰে। তেজস্বী যাদৱে শাৰদ যাদৱক নিজৰ অভিভাৱক হিচাপে অভিহিত কৰি তেওঁৰ মৃত্যুত মৰ্মাহত হোৱা বুলি উল্লেখ কৰে। সমগ্ৰ সমাজবাদী পৰিয়ালটো মৃত যাদৱৰ পৰিয়ালৰ সদস্যসকলৰ লগত আছে বুলিও কয় তেজস্বী যাদৱে।

কংগ্ৰেছৰ মুৰব্বী মল্লিকাৰ্জুন খৰ্গেয়েও টুইটযোগে শোক প্ৰকাশ কৰে। “জেডিইউৰ প্ৰাক্তন সভাপতি তথা দেশৰ সমাজবাদী ধাৰাটোৰ জ্যেষ্ঠ নেতা শাৰদ যাদৱৰ মৃত্যুত দুখী। দশক দশক ধৰি এজন প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰু এজন অসাধাৰণ সংসদ সদস্য হিচাপে দেশৰ সেৱা কৰি তেওঁ সমতাৰ ৰাজনীতিক শক্তিশালী কৰিলে।”- খৰ্গেই কয়।

আনহাতে ছিংগাপুৰত চিকিৎসাধীন হৈ থকা আৰজেডি নেতা তথা শাৰদ যাদৱৰ একালৰ সতীৰ্থ লালু প্ৰসাদ যাদৱে এক ভিডিঅ’ বাৰ্তাযোগে কয় যে যদিও শাৰদ যাদৱৰ মৃত্যুত শোক প্ৰকাশ কৰি কয় যে যাদৱৰ সৈতে তেওঁৰ বহু মতানৈক্য আছিল। তথাপিও এনে মতানৈক্যৰ ফলত কেতিয়াও কোনো তিক্ত পৰিস্থিতি অহা নাছিল বুলি সোঁৱৰে লালু যাদৱে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm
অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd