• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

সোঁৱৰণিৰ বাটেৰে

ডঃ হীৰেন গোহাঁই by ডঃ হীৰেন গোহাঁই
January 20, 2023 5:26 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ফুকন দাদাক প্ৰথম লগ পাইছিলোঁ আজি প্ৰায় পয়ষষ্ঠি বছৰ আগতে, আমাৰ ককাইদেউহঁতৰ এজন প্ৰিয় সংগীৰূপে। ককাইদেউ আছিল সংসাৰৰ বন্ধন নমনা এজন খেয়ালী মনৰ যুৱক। কিতাপপত্ৰ পঢ়িছিল কিন্তু পৰীক্ষা লৈ কাহানিও উদ্বিগ্ন হোৱা নাছিল। ফুকন দাদাহঁতে কবিতা, শিল্পকলা, গীত-নাট লৈ মছগুল আছিল তেতিয়া। ময়ো কিছু পঢ়াশুনা কৰোঁ আৰু উক্ত বিষয়বোৰৰ প্ৰতি কিছু কৌতূহল আৰু আকৰ্ষণ অনুভৱ কৰোঁ। “ৰামধেনু”ত দুটামান কবিতা ওলাইছেও মোক আহ্লাদিত কৰি।

এদিন “আসাম ত্ৰিবিউন”ৰ সম্পাদক লক্ষীনাথ ফুকনৰ ঘৰত ফুকনদাদাৰ লগত অলপ কথা হ’ল। নানা বিষয়ৰ বিক্ষিপ্ত আলোচনা। মাজতে মই ক’লোঁ, “মোৰ বাবে মৃত্যু এক গভীৰ ৰহস্য, মই কিছু আকৃষ্টও হওঁ আৰু ভয়ো লাগে।” ফুকন দাদাই কিন্তু প্ৰত্যয়েৰে ক’লে, “মোৰ বাবে জন্ম তাতকৈও ডাঙৰ ৰহস্য, আৰু সি মোক অপাৰ আনন্দ দিয়ে। সৌৱা চোৱাচোন আহঁত জোপাৰ কুমলিয়া পাতবোৰ ওলাইছে। চোৱা কেনেকৈ ৰিবৰিব্ বতাহত নাচিছে। সি মোক অন্তহীন আনন্দ দিয়ে।” কথাষাৰ মোৰ মনত থাকিল।

তেওঁ সেই সময়ত বামপন্থী শিবিৰৰ কাষত আছিল। কিন্তু ধীৰে ধীৰে “আধুনিক কবিতা”ৰ এ’লিয়টী বাকভংগী আৰু ভগ্ন ছন্দই আৰু জীবনানন্দ, বুদ্ধদেব, প্ৰেমেন মিত্ৰ আদি কবিৰ প্ৰভাবৰ ধলে প্ৰগতিশীল বামপন্থী কবিতাৰ সোঁত ক’ৰাবলৈ উটুৱাই নিলে, কাৰণ বামপন্থী কবিতাবোৰ তেতিয়া পৰীক্ষা-নিৰীক্ষাৰ অভাৱত একঘেঁয়ে হৈ পৰিছিল। আগতকৈ কিছু সমৃদ্ধিৰ মুখ দেখা মধ্যবিত্ত চেতনায়ো তেওঁলোকৰ নতুন চেতনা তথা আশা-আকাংক্ষা, উচ্ছ্বাস-হতাশাৰ চিন কবিতাৰ কল্পজগতত বিচাৰিলে। ক্ৰমে “আধুনিক কবিতা”হে প্ৰতিপত্তিশালী হৈ উঠিল।

Apply Now

সেই সময়ত নীলমণি ফুকনৰ নাম আৰু কেইজনমান সমবয়সৰ কবিৰ সৈতে উদীয়মান প্ৰজন্মৰ প্ৰতিশ্ৰুতিসম্পন্ন কবিৰূপে উচ্চাৰিত হৈছিল। সেই সময়ৰ পৰা অসমীয়া মধ্যবিত্ত সমাজৰ পৰিচিত ভূত ইৰ্ষাই ফুকনক লক্ষ্য কৰি লৈছিল। সঁচাকৈ তেতিয়ালৈ ঐক্যৱদ্ধ হৈ থকা কবি সমাজত উপদ্ৰৱ আৰম্ভ কৰিছিল। মই কলকতা আৰু দিল্লীত অধ্যয়নৰত বাবে সেইবোৰৰ ভূ-ভা পোৱা নাছিলোঁ। আৰ্থিক আৰু সামাজিক প্ৰতিপত্তি থকা কবিহে তেনে ভৌতিক উপদ্ৰৱৰ পৰা হাত সাৰিছিল।

ফুকন দাদা তেতিয়া উচ্চতৰ মাধ্যমিক স্কুল আৰু তাৰ পিছত কলেজৰ প্ৰৱক্তা। তেতিয়া তেনে প্ৰৱক্তাৰ অৱস্থা অতি কৰুণ, দৰমহা মাহৰ খৰচ যোগাব পৰা পৰিমাণৰ নহয়। গতিকে “প্ৰতিপত্তি”ও কম। ফলত যাৰে তাৰে হিংসা, কুৰ্চুটিয়া কাৰবাৰৰ লক্ষ্য। সৰু বৰ, বন্ধু-বৈৰী সকলোৰে আচম্বিত আক্ৰমণৰ পৰা গা-বচাই চলে। তেনেতে এক সমালোচকে গাত পোৰণি উঠাকৈ কিবা লিখিলে। দাদাই চিঠিত ক্ষোভ-বেদনা উজাৰি জনালে। মই তেতিয়া ফুকলিয়া প্ৰৱক্তা কিৰোৰিমল কলেজত। উক্ত সমালোচক মোৰ চিনাকী, তেওঁৰ লগত কাজিয়া কৰাৰ প্ৰবৃত্তি মোৰ নাই। সেয়ে Mainstream নামৰ তেতিয়াৰ জনপ্ৰিয় আলোচনীত ফুকনৰ “বুৰঞ্জী” আৰু আন দুটামান কবিতা অনুবাদ কৰি ছপালোঁ।(সেই সময়ত সাহিত্যৰ ইংৰাজী আলোচনী দেশত দুৰ্লভ।) ছপা হোৱাত দিল্লীৰ অধ্যাপকসকলে শলাগিলে, অসমতো প্ৰশংসা পালে। আগৰ পোৰণিত মলম লাগিল।

তেনেকৈ আৰু দুই এবাৰ মই কবিৰ হৈ তৰোৱাল লৈছিলোঁ। কিন্তু শেষৰটো আক্ৰমণ আছিল অতি পৰিকল্পিত আৰু নিখুত ষড়যন্ত্ৰ। নকলৰ অভিযোগ। এইবাৰ মই তেখেতক সেইবোৰত বিচলিত নহ’বলৈ পৰামৰ্শ দিলোঁ। তেখেত একেবাৰে তুষ্ট নহ’ল। বস্তুটো বেছ চাতুৰিৰে বনোৱা হৈছিল। তাৰ পিছত তেখেতৰ দুজনমান বন্ধু আৰু এজন সমালোচকে দেহে-কেহে যুঁজি, পুলিচৰ সহায় পৰ্যন্ত লৈ চক্ৰান্তৰ জাল ফালিলে। অপৰাধী কিন্তু ধৰা নপৰিল। লোকমুখত এজন জ্যেষ্ঠ কবিৰ নামো শুনা গৈছিল!

তাৰ পিছত তেওঁৰ কাব্য আৰু অন্বিষ্টৰ চৰিত্ৰ সলনি হ’ল। তেওঁৰ প্ৰতীকবাদী ধাৰা আৰু কাব্যৰীতিত চামিল হ’ল। ফলত অনুভূতিৰ গাঢ়তা, শব্দৰ বাছনি আৰু প্ৰয়োগত মনোযোগ আৰু মিতব্যয়িতাই কবিতাৰ বান্ধোন নিকপকপিয়া কৰিলে। কিন্তু কেইবছৰমান পিছত সিও সঁজা এটাত পৰিণত হ’লত তাৰ পৰা আঁতৰি অলপ খোলামেলা ৰীতি গ্ৰহণ কৰিলে। হয়তো গাৰ্থিয়া লৰ্কাৰ কবিতাই তেওঁক সহায় কৰিলে আধুনিক কাব্যৰীতিৰ লগত লোকপৰম্পৰাৰ সমন্বয় ঘটোৱাৰ বাট দেখুৱাই। আন কবিৰ প্ৰভাৱ সাধাৰণ কবিৰ বাবে এক বিপদ, কাৰণ সি অনুকৰণলৈ টানি নিয়ে। কিন্তু প্ৰতিভাৱান কবিৰ বাবে তেনে প্ৰভাৱে নতুন সৃষ্টিৰ অংকুৰণ ঘটায়।

ফুকন দাদাৰ কবিতাৰ কেতবোৰ দিশ আৰু পৰ্যায়ৰ লগত মই জড়িত। কিন্তু আন বহু দিশ আছে যিবোৰত মোৰ সামান্য অৱদানো নাই।

দাদাৰ লগত মাজে মাজে উখনাউখনিও লাগে। মনত ক্ষোভ হয়। কিন্তু তেখেতৰ একোটা কবিতা পঢ়িলে তেনে ক্ষোভ-অভিমান ক’ৰবাত লুকায়। নিঃসন্দেহে এক মহৎ কবি।

ডঃ হীৰেন গোহাঁই

ডঃ হীৰেন গোহাঁই

Stay Connected

  • 117k Fans

Recent News

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd