এটা জৰুৰী বিবৃতি।
হিমন্তবিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ অসহনীয় চৰকাৰী স্বৈৰাচাৰৰ নগ্ন ৰূপ প্ৰকাশ পাইছে অসমৰ জনপ্ৰিয় নেতা, জনগণৰ অধিকাৰ তথা জাতীয় স্বাৰ্থৰ অতন্দ্ৰ প্ৰহৰীৰ, গণতান্ত্ৰিক সংগ্ৰামৰ অগ্ৰণী নায়ক সাংসদ অজিত ভূঞাৰ ওপৰত চলোৱা উপদ্ৰৱত।
মুখ্যমন্ত্ৰীৰ তথা তেওঁৰ পৰিয়ালৰ নানা কেলেংকাৰী সম্পৰ্কে শ্ৰীভূঞাই তোলা তথ্যভিত্তিক ৰাজহুৱা
অভিযোগ তেওঁৰ ব্যক্তিগত আক্ৰোশৰ পৰা ওপজা নহয়। ৰাইজৰ পৰা সংগ্ৰহ কৰা আৰু ৰাইজৰ বাবে খৰচ কৰিব লগীয়া ধন ব্যক্তিগত স্বাৰ্থত আৰু অনিয়মীয়া ধৰণে খৰচ কৰাৰ প্ৰতি জনপ্ৰতিনিধি সজাগ থকাটো তেওঁৰ অন্যতম দায়িত্ব আৰু কৰ্তব্য। এইধৰণৰ দুৰ্নীতিৰ বাবেই ৰাইজৰ দুখ,দুৰ্দশাৰ ওৰ নপৰে।
অতি আচৰিত আৰু ধিক্কাৰজনক কথা যে মুখ্যমন্ত্ৰীৰ কিবা ক’বলগীয়া থাকিলে নিজে সংবাদমেল পাতি নিজৰ বক্তব্য ৰাইজৰ আগত দাঙি ধৰাৰ প্ৰচলিত নীতি অনুসৰণ তেওঁ কৰা নাই। তাৰ ঠাইত অতি আচৰিত ধৰণে আৰু প্ৰচলিত বিধি আৰু প্ৰত্যাশিত আচৰণ উলংঘা কৰি অভিযোগকাৰী ভূঞাৰ সাংসদ পুঁজিৰ “দুৰ্নীতি” উদ্ঘাটন বা উদ্ভাৱন কৰিবলৈ মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাক লগাই দিয়া হৈছে।
আইন অনুযায়ী নিৰ্দিষ্ট অভিযোগৰ ভিত্তিত সাংসদ পুঁজিৰ অপব্যৱহাৰৰ তদন্ত কোনো কেন্দ্ৰীয় সংস্থাই হয়তো কৰিব পাৰে। বা হয়তো সংসদৰ নিজা কোনো কমিটিয়ে। দেখ দেখকৈ ই ৰাজ্য চৰকাৰে
সংসদ অৱমাননা কৰাৰ নিদৰ্শন। কথাটো ভাৰতীয় সংসদক অৱগত কৰা প্ৰয়োজন।
তাতকৈ ডাঙৰ কথা এয়ে যে ই নিতান্ত ব্যক্তিগত আক্ৰোশ পূৰণৰ বাবে চৰকাৰী ক্ষমতাৰ অপব্যৱহাৰৰ এক কদৰ্য উদাহৰণ। এনে শাসকৰ হাতত ৰাজহুৱা স্বাৰ্থ কদাপি সুৰক্ষিত হব নোৱাৰে।দুৰ্নীতিৰহে সুৰক্ষা হব। এনে কাৰ্য ভবিষ্যতে মুখ্যমন্ত্ৰীৰ অন্যতম দুষ্কাৰ্য ৰূপেই চিহ্ণিত হব।
আমি অবিলম্বে অজিত ভূঞাৰ ওপৰত চলা জুলুম বন্ধ কৰিবলৈ আৰু ভদ্ৰজনোচিত গণতান্ত্ৰিক ৰীতি অনুযায়ী মুখ্যমন্ত্ৰীক নিজৰ বক্তব্য সংবাদমেল যোগে জনাবলৈ দাবী তুলিছোঁ। তদুপৰি তেওঁ প্ৰকৃত সত্য উদ্ধাৰৰ বাবে নিৰপেক্ষ তদন্তৰ ব্যৱস্থা কৰাই উচিত হ’ব।
পুৰ্বেও অজিত ভূঞাই গণতান্ত্ৰিক ৰাইজৰ অধিকাৰ আৰু ন্যায়ৰ বাবে যুঁজ দি স্বৈৰতান্ত্ৰিক শাসকৰ দ্বাৰা নিৰ্যাতিত হৈ জনগণৰ আশীৰ্বাদ লাভ কৰিছিল। এই নতুন নিৰ্যাতনো তেওঁৰ ডিঙিত নতুন এপাহ মালা হ’ল মাথোঁ। ই তেওঁৰ জয়যাত্ৰা ৰোধ কৰিব নোৱাৰে।
ইতি
হীৰেন গোহাঁই।
নিজৰাপাৰ পথ,
গুৱাহাটী।